ETV Bharat / bharat

Section 144 imposed in Arunachal: বাতিল হ’ল ৰাষ্ট্ৰপতিৰ অৰুণাচল ভ্ৰমণ; প্ৰতিবাদকাৰীৰে মুখ্যমন্ত্ৰীৰ ৰুদ্ধদ্বাৰ বৈঠক

author img

By

Published : Feb 18, 2023, 6:52 PM IST

Updated : Feb 18, 2023, 9:37 PM IST

AAPSC Question Paper Leaked
উত্তপ্ত অৰুণাচলত ব্যাহত স্বাভাৱিক জীৱন-যাত্ৰা;তিনিদিৰ বাবে কৰ্তন ইণ্টাৰনেট সেৱা

চুবুৰীয়া অৰুণাচল প্ৰদেশত অচলাৱস্থা ৷ অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিল ঘটনাৰ উচিত তদন্তৰ দাবীৰে তীব্ৰ প্ৰতিবাদ (Protest against APPSC paper leak) ৷ 3 দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা (Internet banned in Arunachal) ৷

তেজপুৰ, 18 ফেব্ৰুৱাৰী: অশান্ত হৈ পৰিছে চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশ ৷ অৰুণাচল লোকসেৱা আয়োগৰ প্ৰশ্নকাকত ফাদিলৰ তদন্তৰ দাবী আৰু লোকসেৱা আয়োগৰ নতুন সমিতিৰ শপত গ্ৰহণৰ বিৰোধিতা কৰি কৰা প্ৰতিবাদৰ ফলত পাহাৰীয়া ৰাজ্যখনত স্তব্দ হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা (Protest against APPSC paper leak) ৷ সম্প্ৰতি অৰুণাচলত বাহাল ৰখাা হৈছে 144 ধাৰা ৷ বন্ধ কৰি দিয়া হৈছে ইণ্টাৰনেট সেৱা (Internet banned in Arunachal) ৷

উল্লেখ্য যে, শুকুৰবাৰে অৰুণাচল প্ৰদেশ লোকসেৱা আয়োগৰ প্ৰশ্নফাদিল সন্দৰ্ভত বন্ধ ঘোষণা কৰি ইটানগৰত প্ৰতিবাদ সাব্যস্ত কৰিছিল একাংশই ৷ কিন্তু সেই প্ৰতিবাদে ল’লে ভয়ংকৰ ৰূপ ৷ আৰক্ষী আৰু প্ৰতিবাদকাৰীৰ মাজত হোৱা সংঘাতৰ ফলত আহত হৈছিল মুঠ 10 গৰাকীকৈ লোক ৷ হিংসাত্মক পৰিস্থিতি সৃষ্টি হোৱাৰ পাচতেই শুকুবাৰে বিয়লিৰ পৰা অৰুণাচলত কৰ্তন কৰা হয় ইণ্টাৰনেট সেৱা ৷ 17 ফেব্ৰুৱাৰীৰ সন্ধিয়াৰ পৰা 19 ফেব্ৰুৱাৰীলৈকে কৰ্তন কৰা হৈছে ইণ্টাৰনেট সেৱা (Section 144 imposed in Arunachal) ৷

ইফালে, অৰুণাচলত সৃষ্টি হোৱা পৰিস্থিতিৰ বাবে বাতিল কৰিব লগা হয় ৰাষ্ট্ৰপতি দ্ৰৌপদী মূৰ্মুৰ দুদিনীয়া অৰুণাচল ভ্ৰমণ কাৰ্যসূচী (President Arunachal visit postponed) ৷ 20 ফেব্ৰুৱাৰীত দুদিনীয়া কাৰ্যসূচীৰ বাবে অৰুণাচলৈ অহাৰ কথা আছিল ৰাষ্ট্ৰপতিগৰাকী ৷

সম্প্ৰতি অৰুণাচলত ব্যাহত হৈ পৰিছে স্বাভাৱিক জীৱন-যাত্ৰা ৷ বন্ধ হৈ পৰিছে ব্যৱসায়িক প্ৰতিষ্ঠান, বজাৰ-সমাৰ, চৰকাৰী-বেচৰকাৰী কাৰ্যালয়, শিক্ষানুষ্ঠান ইত্যাদি ৷ লোকসেৱা আয়োগৰ কেলেংকাৰীৰে জড়িত সকলোকে শাস্তি প্ৰদান কৰা, প্ৰশ্নকাকত ফাদিল হোৱা বিষয়ৰ কাকতৰ পৰীক্ষাক বাতিল ঘোষণা কৰা আদিৰ দাবীৰে সাব্যস্ত কৰা হৈছে প্ৰতিবাদ (Bandh in Arunachal Pradesh) ৷

প্ৰতিবাদক কেন্দ্ৰ কৰি যাতে কোনোধৰণৰ আইন-শৃংখলাজনিত পৰিস্থিতি উদ্ভৱ নহয় তাৰ প্ৰতি লক্ষ্য ৰাখিয়েই ইণ্টাৰনেট সেৱা বন্ধ ঘোষণা কৰা হৈছে বুলি জাননী যোগে জনাইছে অৰুণাচল চৰকাৰে ৷ উল্লেখ্য যে, 2022 চনত ফাদিল হৈছিল অৰুণাচল লোকসেৱা আয়োগৰ পৰীক্ষাৰ প্ৰশ্নকাকত ৷ ইতিমধ্যেই, এই ঘটনাৰে জড়িত থকা বহু লোকক গ্ৰেপ্তাৰ কৰিছে অৰুণাচল চৰকাৰৰ বিশেষ তদন্তকাৰী কোষে (APPSC scam news update) ৷

আনহাতে, এই সমগ্ৰ বিষয়টো CBIক হস্তক্ষেপ কৰিবলৈ আহ্বান জনাইছে মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে (Arunachal CM Pema Khandu ) ৷ শনিবাৰে প্ৰতিবাদকাৰীৰ সৈতে ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হৈছে মুখ্যমন্ত্ৰীগৰাকী ৷ দিনৰ 2 বজাৰ পৰা চলিছে এই বৈঠক ৷

লগতে পঢ়ক : AAPSC question Paper Leaked: লোকসেৱা আয়োগৰ শপত গ্ৰহণৰ বিৰুদ্ধে ইটানগৰত প্ৰতিবাদ; 10 গৰাকী লোক আহত

Last Updated :Feb 18, 2023, 9:37 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.