ETV Bharat / bharat

Vande Bharat Express: সোমবাৰৰ পৰা আৰম্ভ হ’ব দেশৰ অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ

author img

By

Published : Jan 15, 2023, 9:33 AM IST

তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশক সংযোগ কৰি সোমবাৰৰ পৰা আৰম্ভ হ’ব বন্দে ভাৰত এক্সপ্ৰেছ ৷ এইখন হ’ব দেশৰ অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ ৷ দেওবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী শুভাৰম্ভ কৰিব ৰে’লখনৰ ৷

Vande Bharat Express
সোমবাৰৰ পৰা আৰম্ভ হ’ব দেশৰ অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ

নেশ্যনেল ডেস্ক, 15 জানুৱাৰী: প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে(PM Narendra Modi) দেওবাৰে ভিডিঅ’ কনফাৰেন্সযোগে উদ্বোধন কৰিব চেকেন্দৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ(vande bharat express) ৷ উল্লেখ্য যে, এইখন হ’ব ভাৰতৰ অষ্টমখন বন্দে ভাৰত এক্সপ্ৰেছ(PM Modi to inaugurate vande bharat express) ৷

ইয়াৰ পূৰ্বে অৰ্থাৎ শনিবাৰে, ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে পৰিদৰ্শন কৰে বন্দে ভাৰত এক্সপ্ৰেছখন ৷ ৰে’লখন আনুষ্ঠানিকভাৱে উদ্বোধন কৰাৰ পূৰ্বে ৰে’ল মন্ত্ৰীগৰাকীয়ে কয় যে, ‘‘এয়া ৰাইজৰ বাবে এক ডাঙৰ উপহাৰ ৷’’ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীকো ধন্যবাদ জ্ঞাপন কৰে মন্ত্ৰীগৰাকীয়ে ৷

উল্লেখ্য যে, চেকেন্দৰাবাদ-বিশাখাপট্টনম সংযোগী বন্দে ভাৰত এক্সপ্ৰেছ হ’ব প্ৰথমখন ৰে’ল, যিখন ৰে’লে সংযোগ কৰিব তেলেংগানা আৰু অন্ধ্ৰপ্ৰদেশ ৰাজ্যক ৷ এই ৰে’লখনে প্ৰায় 700 কিলোমিটাৰ পথ অতিক্ৰম কৰিব(Secunderabad Visakhapatnam Vande Bharat Express) ৷

অন্ধ্ৰ প্ৰদেশৰ বিশাখাপট্টনম, ৰাজহমুন্দ্ৰী, বিজয়াৱাড়া ষ্টেচন আৰু তেলেংগানাৰ খাম্মাম, ৱাৰংগল আৰু চেকেন্দৰাবাদত থাকিব ৰে’লখনৰ ষ্টপেজ ৷ অৰ্থাৎ তেলেগু ভাষা কোৱা দুখন ৰাজ্যক সংযোগ কৰা প্ৰথমখন ৰে’ল হ’ব বন্দে ভাৰত এক্সপ্ৰেছ ৷

অত্যাধুনিক প্ৰযুক্তিৰে যাত্ৰীৰ সুবিধাৰ্থে নিৰ্মাণ কৰা হৈছে বন্দে ভাৰত এক্সপ্ৰেছ ৷ এই ৰে’ল সেৱাৰ যোগেদি যাত্ৰীয়ে কম সময়ত অধিক দূৰত্ব অতিক্ৰম কৰিব পাৰিব ৷ লগতে এই যাত্ৰা হ’ব আৰামদায়ক আৰু অধিক সুবিধাজনক ৷ সোমবাৰৰ পৰা ৰাইজৰ সেৱাৰ বাবে মুকলি কৰি দিয়া হ’ব এই ৰে’লখন ৷ ইতিমধ্যেই আৰম্ভ হৈছে ৰে’লখনৰ টিকট বুকিং প্ৰক্ৰিয়া ৷

দেওবাৰৰ সলনি সপ্তাহটোৰ 6টা দিনেই চলিব এইখন বন্দে ভাৰত এক্সপ্ৰেছ ৷ প্ৰায় 700 কিলোমিটাৰ দূৰত্ব অতিক্ৰম কৰিবলৈ ৰে’লখনক প্ৰয়োজন হ’ব 8 ঘণ্টা 30 মিনিট সময় ৷ স্মৰ্তব্য যে, 2022 বৰ্ষৰ 11 নবেম্বৰত দক্ষিণ ভাৰতত মুকলি কৰা হৈছিল প্ৰথমখন বন্দে ভাৰত এক্সপ্ৰেছ ৷

লগতে পঢ়ক: Ganga Vilas Cruise: গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী গংগা বিলাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.