ETV Bharat / bharat

Ganga Vilas Cruise: গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী গংগা বিলাস

author img

By

Published : Jan 14, 2023, 10:41 PM IST

সাউদৰ ডিঙাখনৰ দৰেই গংগাৰ বুকুত ঢৌ কোবাই কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস ৷ আগন্তুক পাঁচ বছৰলৈ 60 শতাংশ টিকট বুকিং বিলাসী ৰিভাৰ ক্ৰুজখনৰ ৷ বুকিং কৰাসকলৰ বেছিভাগেই ন‘ৰৱে, জাৰ্মানী আৰু ইউৰোপীয় দেশৰ নাগৰিক(World's longest river cruise Ganga Vilas) ।

Ganga Vilas Cruise
গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

নিউজ ডেস্ক, 14 জানুৱাৰী: তাহানিৰ সাউদৰ ডিঙাখনৰ দৰেই গংগাৰ বুকুত ঢৌ কোবাই কোবাই অসম মুলুকৰ ডিব্ৰুগড় অভিমুখে ৰাওনা হোৱা বিশালকায় বিলাসী জাহাজ গংগা বিলাসৰ আগন্তুক পাঁচ বছৰলৈ 60 শতাংশ টিকট বুকিং সম্পূৰ্ণ হৈছে ৷ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ১৩ জানুৱাৰীত বাৰাণসীত বিশ্বৰ সৰ্বাধিক দীঘলীয়া নদী ক্ৰুজ সেৱা গংগা বিলাস উদ্বোধন কৰে(World's longest river cruise Ganga Vilas) । বাৰাণসীৰ পৰা আহি গংগা বিলাস ক্ৰুজখনে শনিবাৰে পুৱা 11 বজাত গাজীপুৰৰ ৰাজাগঞ্জ জেটিত উপস্থিত হয় ।

ৰাজাগঞ্জত জিলা দণ্ডাধীশ আৰ্যকা আখৌৰী, মুখ্য উন্নয়ন বিষয়া শ্ৰীপ্ৰকাশ গুপ্তা, এডিএম অৰুণ কুমাৰে ক্ৰুজত থকা পৰ্যটকসকলক শুভেচ্ছা জনায় । ইয়াত পৰ্যটকসকলৰ মনোৰঞ্জনৰ বাবে এক আকৰ্ষণীয় অনুষ্ঠানৰো আয়োজন কৰা হয় ৷ অত্যাধুনিক সা-সুবিধাৰে সুসজ্জিত এই ক্ৰুজখনৰ দ্বাৰা বিদেশী পৰ্যটকসকল যথেষ্ঠ প্ৰভাৱিত হৈছে । বিশেষকৈ ইউৰোপীয় দেশসমূহৰ লোকসকলৰ মাজত গংগা বিলাস ক্ৰুজ মুকলিৰ পূৰ্বেই জনপ্ৰিয় হৈ পৰিছে ।

Ganga Vilas Cruise
গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

ক্ৰুজৰ কাৰ্যকৰী সঞ্চালক ৰাজ সিঙে সদৰী কৰা মতে, এই ক্ৰুজখনত ভ্ৰমণৰ বাবে বিদেশী পৰ্যটকসকলে আগতীয়া বুকিং কৰিছে ৷ ইউৰোপীয় পৰ্যটকসকলে পৰৱৰ্তী পাঁচ বছৰৰ বাবে বুকিং কৰি আছে । এতিয়ালৈকে, আগন্তুক পাঁচ বছৰৰ বাবে জাহাজখনৰ 60 শতাংশ টিকট বুক হৈছে । ৰাজ সিঙে আৰু কয় য়ে, ক্ৰুজৰ সৈতে সম্পৰ্কিত বিষয়ে জানিবলৈ ক্ৰুজ মেনেজমেণ্টৰ ওচৰত বিদেশী পৰ্যটকসকলে ধাৰাবাহিকভাৱে যোগাযোগ অব্যাহত ৰাখিছে ৷

আনহাতে আগতীয়া বুকিং সন্দৰ্ভত ৰাজ সিঙে কয় যে, গংগা বিলাসৰ ভিতৰভাগ বিদেশী পৰ্যটকে যথেষ্ট পছন্দ কৰিছে ৷ ফলস্বৰূপে, পৰৱৰ্তী 5 বছৰৰ বাবে প্ৰায় 60 শতাংশ বুক কৰা হৈছে । বুকিং কৰাসকলৰ বেছিভাগেই ন‘ৰৱে, জাৰ্মানী আৰু ইউৰোপীয় দেশৰ নাগৰিক । তেওঁ কয় যে, এইটো আমাৰ বাবে এক ডাঙৰ সুযোগ, কিয়নো আৰম্ভ কৰাৰ আগতেই আমি বৃহৎ সংখ্যৰ সহাঁৰি লাভ কৰিবলৈ সক্ষম হৈছো ৷ ৰাজ সিঙে আশা কৰে যে ক্ৰুজখন মুকলি কৰাৰ পিছত ইয়াৰ জনপ্ৰিয়তা আৰু অধিক বৃদ্ধি পাব ৷

Ganga Vilas Cruise
গংগাৰ বুকুত ঢৌ কোবাই লুইতৰ দিশে বিলাসী ৰিভাৰ ক্ৰুজ গংগা বিলাস

এম ভি গংগা বিলাসে অসমৰ পৰ্যটন ক্ষেত্ৰলৈও আশাৰ বতৰা কঢ়িয়াই আনিছে ৷ বাৰাণসী আৰু ডিব্ৰুগড়ৰ মাজত চলিবলগীয়া বিলাসী ৰিভাৰ ক্ৰুজখন তান্ত্ৰিক লোকাচাৰৰ বাবে বিখ্যাত অসমৰ মায়ঙৰ পৰা বৈষ্ণৱ সংস্কৃতিৰ প্ৰাণকেন্দ্ৰ মাজুলীলৈ, সুন্দৰবনৰ পৰা কাজিৰঙা অভয়াৰণ্যলৈ এক ৰোমাঞ্চকৰ যাত্ৰা কৰিব(Longest luxury river cruise) । গংগা বিলাসৰ জৰিয়তে ভাৰতৰ লগতে অসমৰ নদী ক্ৰুজ পৰ্যটনৰ নতুন যুগৰ সূচনা হ’ব বুলি আশা কৰে ।

লগতে পঢ়ক: Ganga Vilas Cruise : নতুন বছৰৰ আৰম্ভণিতে গংগা বিলাসে ৰচনা কৰিব ইতিহাস

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.