ETV Bharat / bharat

ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

author img

By

Published : Jan 13, 2022, 8:56 PM IST

দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে (Modi chairs meeting with CM's) ৷ জানো আহক কি কি দিশ আলোচিত হ’ল এই বৈঠকত ৷

pm-chairs-virtual-meeting-with-cms-on-covid
ক’ভিড পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰী সকলৰ সৈতে প্ৰধানমন্ত্ৰী মোদীৰ বৈঠক

নেশ্বনেল ডেস্ক, 13 জানুৱাৰী : প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বৃহস্পতিবাৰে দেশৰ ক’ভিড-১৯ পৰিস্থিতি সন্দৰ্ভত মুখ্যমন্ত্ৰীসকলৰ সৈতে বাৰ্তালাপ কৰে (Modi chairs meeting with CM's) আৰু ভাইৰাছ বিস্তাৰৰ ক্ষেত্ৰত নিয়ন্ত্ৰণৰ লগতে জীৱন-জীৱিকাৰ ক্ষতি নিম্নতম কৰাটো নিশ্চিত কৰাৰ ওপৰত গুৰুত্ব আৰোপ কৰে ৷ ইয়াৰ লগতে তেওঁ অ’মিক্ৰণৰ প্ৰভাৱত বৃদ্ধি হোৱা ক’ভিডৰ ঘটনাৰ সৈতে মোকাবিলা কৰাৰ বাবে ৰণনীতি প্ৰস্তুত কৰে ।

বৈঠকত প্ৰধানমন্ত্ৰীয়ে তেওঁৰ মন্তব্যত টীকাকৰণৰ গুৰুত্ব আৰু ১০০ শতাংশ টিকাকৰণৰ বাবে 'হৰ ঘৰ দস্তক(Har ghar dastak campaign by PM)' কাৰ্যসূচীক অধিক ত্বৰান্বিত কৰাৰ প্ৰয়োজনীয়তাৰ ওপৰত গুৰুত্ব আৰোপ কৰে । মোদীয়ে কয়, "আমি ১০ দিনৰ ভিতৰত প্ৰায় তিনি কোটি কিশোৰ-কিশোৰীৰ টীকাকৰণ কৰিছো আৰু ই ভাৰতৰ সম্ভাৱনা আৰু এই প্ৰত্যাহ্বানৰ সৈতে মোকাবিলা কৰিবলৈ কৰা প্ৰস্তুতিৰ নিদৰ্শন দাঙি ধৰিছে"।

প্ৰধানমন্ত্ৰীয়ে কয় যে, ভাৰতত প্ৰস্তুত কৰা ভেকছিনে সমগ্ৰ বিশ্বতে শ্ৰেষ্ঠতা প্ৰমাণ কৰিছে । ‘‘এইটো প্ৰতিজন ভাৰতীয়ৰ বাবে গৌৰৱৰ বিষয় যে আজি ভাৰতে প্ৰাপ্তবয়স্ক জনসংখ্যাৰ প্ৰায় ৯২ শতাংশলোকক প্ৰথম পালি দিছে’’ ।

দ্বিতীয় পালিৰ ভেকছিন প্ৰদানো দেশত প্ৰায় ৭০ শতাংশ সম্পন্ন হৈ উঠিছে বুলিও কয় তেওঁ । মোদীয়ে পুনৰ কয় যে, কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰ সমূহে মহামাৰীৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত এতিয়ালৈকে অনুসৰণ কৰা আগতীয়া, সক্ৰিয় আৰু সামূহিক দৃষ্টিভংগী অব্যাহত ৰাখিব লাগিব । "আমি যিমান সোনকালে ফ্ৰণ্টলাইন কৰ্মী আৰু জ্যেষ্ঠ নাগৰিকসকলক সাৱধানতামূলক পালি প্ৰদান কৰিম, আমাৰ স্বাস্থ্য সেৱা প্ৰণালী সিমানেই শক্তিশালী হ'ব" বুলি তেওঁ কয় ।

মোদীয়ে গুৰুত্ব সহকাৰে কয় যে, ক’ভিডৰ ৰণনীতি প্ৰস্তুত কৰোঁতে সাধাৰণ লোকৰ জীৱিকা সুৰক্ষিত কৰাটো অতি গুৰুত্বপূৰ্ণ (Modi on minimum damage to livelihood of people) যিকোনো, ৰণনীতি প্ৰস্তুত কৰোঁতে সাধাৰণ লোকৰ জীৱিকা, অৰ্থনৈতিক কাৰ্যকলাপ আৰু অৰ্থনীতিৰ গতি বজাই ৰখাৰ দিশবোৰ মনত ৰখাটোত গুৰুত্ব আৰোপ কৰিব লাগিব" ৷

মোডীয়ে কয় যে, ভাৰতৰ ১৩০ কোটি লোকে নিশ্চিতভাৱে তেওঁলোকৰ সামূহিক প্ৰচেষ্টাৰে কৰ’ণা মহামাৰীৰ লগত বিজয়ী হ'ব । তেওঁ উল্লেখ কৰে যে, অ’মিক্ৰণৰ বিষয়ে আগতে থকা সন্দেহবোৰ এতিয়া লাহে লাহে আঁতৰি আহিছে । এই প্ৰকাৰটোৱে সাধাৰণ জনতাক আগৰ প্ৰকাৰবোৰতকৈ বহুগুণে দ্ৰুতগতিত সংক্ৰমিত কৰিছে । তেওঁ কয় যে, ‘‘আমি সতৰ্ক হ'ব লাগিব, সাৱধান হ'ব লাগিব, কিন্তু আমি এইটোও যত্ন ল'ব লাগিব যাতে কোনো আতংকময় পৰিস্থিতিৰ সৃষ্টি নহয়’’ ৷

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, এই বৈঠক খনৰ দিনাই ভাৰতত ২,৪৭,৪১৭ টা নতুন ক’ভিড সংক্ৰমণৰ ঘটনা সংঘটিত হৈছে (COVID tally in India )৷ যোৱা, ২৩৬ দিনৰ ভিতৰত এয়া আছিল সৰ্বাধিক ৷ ইয়াৰ ফলত ক’ভিড-১৯ত আক্ৰান্তৰ মুঠ সংখ্যা ৩,৬৩,১৭,৯২৭ লৈ বৃদ্ধি পাইছে, য'ত অ’মিক্ৰণৰ ৫,৪৮৮ টা ঘটনা অন্তৰ্ভুক্ত আছে । উল্লেখ্য যে, এই বৈঠকখনত গৃহমন্ত্ৰী অমিত শ্বাহ আৰু স্বাস্থ্যমন্ত্ৰী মনসুখ মান্দাভিয়াও উপস্থিত আছিল ।

লগতে পঢ়ক : সকলোৱে অ’মিক্ৰণত আক্ৰান্ত হ’ব, বুষ্টাৰ ড’জে ৰুধিব নোৱাৰে অ’মিক্ৰণক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.