ETV Bharat / bharat

প্ৰধানমন্ত্ৰীয়ে মণিপুৰ কিয় ভ্ৰমণ কৰা নাই ৰাইজে আমাক সুধিছে: জয়ৰাম ৰমেশ

author img

By ANI

Published : Jan 15, 2024, 3:30 PM IST

Jairam Ramesh on PM Modi : জয়ৰাম ৰমেশে এএনআইৰ আগত কয় যে ৰাহুল গান্ধীয়ে মণিপুৰৰ জনসাধাৰণৰ মনৰ বেদনা শুনিছে । "মানুহে আমাক সুধিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ কিয় ভ্ৰমণ কৰা নাই ? সকলোৱে বিচাৰে যে ৰাহুল গান্ধীয়ে এই বিষয়টো সংসদত উত্থাপন কৰক আৰু প্ৰধানমন্ত্ৰীক মণিপুৰলৈ আহি ৰাইজক লগ কৰিবলৈ কওক ।" তেওঁ কয় ।

প্ৰধানমন্ত্ৰী মণিপুৰ ভ্ৰমণ সন্দৰ্ভত জয়ৰাম ৰমেশ
প্ৰধানমন্ত্ৰী মণিপুৰ ভ্ৰমণ সন্দৰ্ভত জয়ৰাম ৰমেশ

নিউজ ডেস্ক, ১৫ জানুৱাৰী : 'ভাৰত জোড়ো ন্যায় যাত্ৰা'ৰ বাবে ৰাহুল গান্ধীৰ সৈতে মণিপুৰত থকা কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে কয় যে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ কিয় ভ্ৰমণ কৰা নাই সেয়া ৰাইজে আমাক সুধিছে । কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিনৰ যাত্ৰা সোমবাৰে পুৱতি নিশা মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা পুনৰ আৰম্ভ হয় ।

জয়ৰাম ৰমেশে এএনআইৰ আগত কয় যে ৰাহুল গান্ধীয়ে মণিপুৰৰ জনসাধাৰণৰ মনৰ বেদনা শুনিছে । "মানুহে আমাক সুধিছে যে প্ৰধানমন্ত্ৰী মোদীয়ে মণিপুৰ কিয় ভ্ৰমণ কৰা নাই ? সকলোৱে বিচাৰে যে ৰাহুল গান্ধীয়ে এই বিষয়টো সংসদত উত্থাপন কৰক আৰু প্ৰধানমন্ত্ৰীক মণিপুৰলৈ আহি ৰাইজক লগ কৰিবলৈ কওক । আপোলোকে দেখিছে যে ইয়াত কিমান মানুহ গোট খাইছে । ৰাহুলজীয়ে বিদ্যালয় আৰু মহাবিদ্যালয়লৈ যাব নোৱাৰা আৰু এতিয়াও সাহায্য শিবিৰত থকা লোকসকলৰ মনৰ বেদনা শুনে " তেওঁ কয় ।

তেওঁ লগতে কয় যে হিংসাপীড়িত ৰাজ্যখনৰ সকলোৱে এখন শক্তিশালী চৰকাৰ বিচাৰে । "বিগত ৮ মাহ ধৰি ইয়াত কোনো শাসন ব্যৱস্থা নাই । ইয়াত দুজন মন্ত্ৰীয়ে অনলাইনত কাম কৰি আছে; তেওঁলোক আনকি মণিপুৰতো নাই । সকলোৱে এখন চৰকাৰ বিচাৰে- এক সংবেদনশীল আৰু শক্তিশালী চৰকাৰ । তেওঁলোকে এইটোও প্ৰশ্ন যে আপোনালোকৰ ওপৰত জনসাধাৰণৰ সমৰ্থন আছে; আপোনালোকৰ দল ইয়াত আৰু দিল্লীত শাসনত আছে । আপোনালোকে নিজকে ডাবল ইঞ্জিনৰ চৰকাৰ বুলি বিবেচনা কৰে; তেন্তে জনসাধাৰণ কিয় ইমান কষ্টত আছে ?" তেওঁ লগতে কয় ।

উল্লেখ্য যে এই যাত্ৰা চেকমাইৰ পৰা আৰম্ভ হোৱাৰ পিছত নিশা নাগালেণ্ডত বন্ধ কৰা হ'ব । তাৰ পিছত মণিপুৰৰ কাংপোকপি আৰু তাৰ পিছত সেনাপতিলৈ যাব । ইফালে দেওবাৰে দলৰ মুৰব্বী মল্লিকাৰ্জুন খাৰ্গে আৰু ৱায়ানাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা যাত্ৰাৰ শুভাৰম্ভ কৰে । এই যাত্ৰাই ৬৭ দিনত ৬,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিব । এই সময়ছোৱাত যাত্ৰাটো ১১০ খন জিলাৰ মাজেৰে পাৰ হ'ব ।

আনহাতে, দলটোৰ নেতা আৰু কৰ্মীসকলে যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত নিহত লোকসকলৰ স্মৃতিত মৌন প্ৰাৰ্থনাৰে শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ইফালে ৰাহুল গান্ধীয়ে দেওবাৰে কয় যে তেওঁৰ দলে জনসাধাৰণৰ ন্যায় নিশ্চিত কৰিবলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । কিয়নো তেওঁলোকে দেশত 'বহু অন্যায়'ৰ সময়ৰ সন্মুখীন হৈছে ।

"প্ৰশ্ন উত্থাপিত হৈছিল- ভাৰত জোড়ো ন্যায় যাত্ৰা কিয় । ইয়াৰ কাৰণ হৈছে আমি ভাৰতত এক ডাঙৰ অন্যায়ৰ সময়ৰ মাজেৰে গৈ আছোঁ । এইটো সকলো ধৰণৰ অন্য়ায় । তাৰ ভিতৰত আছে সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক ।" মণিপুৰৰ থৌবালৰ পৰা যাত্ৰা আৰম্ভ কৰি ৰাহুল গান্ধীয়ে কয় ।

লগতে পঢ়ক :মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.