ETV Bharat / bharat

মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

author img

By ANI

Published : Jan 15, 2024, 11:37 AM IST

মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন আৰম্ভ হয় (Bharat Jodo Nyay Yatra)। নাগালেণ্ডত প্ৰৱেশৰ পূৰ্বে এই যাত্ৰা কাংপোকপি, সেনাপতি আৰু চেকমাইলৈ যাব ।

Congress' Bharat Jodo Nyay yatra resumes in Manipur
মণিপুৰত ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয়টো দিন

নেশ্যনেল ডেস্ক,১৫ জানুৱাৰী : কংগ্ৰেছ নেতা ৰাহুল গান্ধীৰ নেতৃত্বত দেওবাৰৰ পৰা আৰম্ভ হৈছে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ । দ্বিতীয় দিনা অৰ্থাৎ সোমবাৰে পুৱতি নিশাই মণিপুৰৰ ইম্ফল পশ্চিমৰ পৰা পুনৰ যাত্ৰা আৰম্ভ হয় ৷ তাৰ পিচত কাংপোকপি আৰু পিচত মণিপুৰৰ সেনাপতিলৈ যাত্ৰা হ'ব ৷ চেকমাইৰ পৰা গৈ নিশা নাগালেণ্ডত উপস্থিত হ'ব আৰু যাত্ৰাৰ দলটো নিশা তাত থাকিব ।

কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এক্সৰ এটা পোষ্টত কয় যে ভাৰত জোড়ো ন্যায় যাত্ৰাৰ দ্বিতীয় দিনা পুৱা ৭:৩০ বজাত সেৱা দলৰ দ্বাৰা কেম্পচাইটত পৰম্পৰাগত পতাকা উত্তোলনৰ সৈতে আৰম্ভ হয় । মণিপুৰৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি কেইশাম মেঘাচন্দ্ৰই পতাকা উত্তোলন কৰে ।

দলৰ সামাজিক মাধ্যমৰ প্ৰতিনিধি সুপ্ৰিয়া শ্ৰীনেটে এক্সৰ পোষ্টত কয়, "ন্যায়ৰ বাবে চিঞৰ বাখৰ কৰা প্ৰতিটো অন্যায়ৰ বিৰুদ্ধে সাজু হৈছো আপোনাৰ কথা শুনিবলৈ - নিবনুৱা, মুদ্ৰাস্ফীতি, দৰিদ্ৰতা, অপৰাধ, নিৰাপত্তাহীনতাৰ ওপৰত আমি একেলগে একত্ৰিত হৈ সমাধান বিচাৰি পাম ।"

উল্লেখ্য যে দেওবাৰে দলৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে আৰু ৱায়ানাড়ৰ সাংসদ ৰাহুল গান্ধীয়ে মণিপুৰৰ থৌবালৰ পৰা এই যাত্ৰাৰ শুভাৰম্ভ কৰে । এই যাত্ৰাই ৬৭ দিনত ৬,৭০০ কিলোমিটাৰ অতিক্ৰম কৰিব আৰু দেশৰ ১১০ খন জিলাৰ মাজেৰে পাৰ হ'ব ।

যাত্ৰা আৰম্ভ হোৱাৰ পূৰ্বে দলটোৰ নেতা আৰু কৰ্মীসকলে উত্তৰ-পূৱৰ ৰাজ্যখনত সংঘটিত হিংসাত্মক ঘটনাত নিহত লোকসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে । ৰাহুল গান্ধীয়ে দেওবাৰে যাত্ৰাৰ আৰম্ভ কৰাৰ সময়ত কৈছিল যে তেওঁৰ দলে জনসাধাৰণৰ ন্যায় নিশ্চিত কৰিবলৈ ভাৰত জোড়ো ন্যায় যাত্ৰা আৰম্ভ কৰিছে । তেওঁৰ মতে সম্প্ৰতি সামাজিক, ৰাজনৈতিক আৰু অৰ্থনৈতিক সকলো ক্ষেত্ৰতে অন্যায় চলি আছে । সেয়েহে কংগ্ৰেছ দলে এই অন্যায়ৰ বিৰুদ্ধে যাত্ৰা আৰম্ভ কৰিছে । ইফালে হিংসাজৰ্জৰ ৰাজ্যখন প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভ্ৰমণ নকৰাৰ বাবে ৰাহুল গান্ধীয়ে তীব্ৰ সমালোচনাও কৰে ।

লগতে পঢ়ক :লক্ষ্ণৌত সেনা দিৱসৰ বিশাল কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.