ETV Bharat / bharat

Pathan Controversy : মুক্তিৰ 6 ঘণ্টাৰ ভিতৰতে ২০ কোটিতকৈও অধিক টকা উপাৰ্জন পাঠানৰ

author img

By

Published : Jan 25, 2023, 7:20 PM IST

Pathaan Day 1 Box Office Collection : Pathaan earned over 20 crores in six hours in india
মুক্তিৰ 6 ঘণ্টাৰ ভিতৰতে বক্স অফিচত ২০ কোটিতকৈও অধিক টকা উপাৰ্জন পাঠানৰ

ছবিঘৰত পাঠানৰ খলকনি ৷ আজি পাঠানৰ মুক্তি লাভৰ পিছতেই ছবিগৃহসমূহত দৰ্শকে অভাৱনীয় ভিৰ কৰা পৰিলক্ষিত হৈছে ৷ মুক্তিৰ 6 ঘণ্টাৰ ভিতৰতেই বক্স অফিচত ২০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে পাঠানে (Pathaan earned over 20 crores )

নেশ্যনেল ডেস্ক, 25 জানুৱাৰী: আজি মুক্তি লাভ কৰিলে বহু বিতৰ্কিত ছবি পাঠানে ৷ মুক্তিৰ 6 ঘণ্টাৰ ভিতৰতেই বক্স অফিচত খলকনি লগাইছে ছবিখনে (Pathaan Day 1 Collection on Box Office) ৷ ছবিখনৰ টীজাৰ আৰু বেচৰম ৰং শীৰ্ষক গীতটিৰ মুক্তিৰ পিছতেই দেশজুৰি বিতৰ্কৰ সৃষ্টি কৰিছিল পাঠানে ৷ শ্বাহৰুখ খান, দীপিকা পাডুকন আৰু জন আব্ৰাহাম অভিনীত একচন-পেকড ছবি 'পাঠান'৷ ছবিখন মুক্তিৰ পিছতে কেৱল দেশতেই নহয় বিশ্বজুৰি খলকনিৰ সৃষ্টি কৰিছে ৷

ছবিখন মুক্তিৰ পিছতে অনুৰাগী আৰু বলীউডৰ তাৰকাসকলে যথেষ্ট সমাদৰ লাভ কৰিছে ৷ অনুৰাগীৰ লগতে তাৰকাসকলেও ছবিখনক ব্লকবাষ্টাৰ বুলি অভিহিত কৰিছে। সম্প্ৰতি মুক্তিৰ 6 ঘণ্টাৰ ভিতৰতে বক্স অফিচত ২০ কোটিতকৈও অধিক টকা উপাৰ্জন কৰিছে পাঠানে (Pathaan earned over 20 crores ) ৷

তৰণ আদৰ্শই পাঠানৰ 6 ঘণ্টাৰ উপাৰ্জন সন্দৰ্ভত এটা টুইট প্ৰকাশ কৰি উল্লেখ কৰে যে পাঠান ছবিখনে আবেলি 3 বজালৈকে ভাৰতীয় বক্স অফিচত 20.35 কোটি টকা উপাৰ্জন কৰিছে। ইয়াৰ ভিতৰত পাঠানে পিভিআৰ (9.40 কোটি), আইএনঅ'এক্স (7.05 কোটি) আৰু চিনেপলিছ (3.90 কোটি)ত সৰ্বাধিক মুনাফা অৰ্জন কৰিছে। পাঠানৰ এই উপাৰ্জন অভূতপূৰ্ব ৷ ইয়াৰে সমান্তৰালকে হৃত্বিক ৰোশন আৰু টাইগাৰ শ্ৰফ অভিনীত ছবি 'ৱাৰ'য়ে ১৯.৬৭ কোটি টকা উপাৰ্জন কৰিছে বুলি তৰণে জানিবলৈ দিয়ে (Pathaan earned over 20 crores in six hours) ৷

পাঠানে ৫০ কোটিৰ সীমা অতিক্ৰম কৰিব নেকি?

প্ৰথম দিনাৰ প্ৰথম শ্ব’তে ছবিগৃহত দৰ্শকৰ অভাৱনীয় ভিৰ কৰিছেহি ৷ পাঠানে প্ৰথম দিনাই বক্স অফিচত যথেষ্ট ধন উপাৰ্জন কৰিব বুলি আশা প্ৰকাশ কৰিছে (Pathaan Day 1 Collection)৷ পূৰ্বতে অনুমান কৰা হৈছিল যে পাঠানে প্ৰথম দিনাই বক্স অফিচত ৪০ কোটি টকা সংগ্ৰহ কৰিব, কিন্তু এতিয়া ছবিখনে ৫০ কোটিৰো সীমা অতিক্ৰম কৰিব। অৱশ্যে পাঠানৰ এই 6 ঘণ্টাৰ উপাৰ্জন কেৱল ভাৰতৰ ছবিগৃহৰ হে ৷ ইয়াৰ বিদেশৰ উপাৰ্জন যোগ কৰা হোৱা নাই ৷ বিশ্বব্যাপী পাঠানৰ উপাৰ্জন বিচাপ কৰিলে 6 ঘণ্টাৰ ভিতৰত 50 কোটি টকাতকৈও অধিক হ’ব ৷ পাঠানৰ মুক্তিৰ পিছতে শ্বাহৰুখৰ অনুৰাগীসকলে প্ৰথম দিনৰ প্ৰথম শ্ব’ত আতচবাজী জ্বলাই ফুৰ্তি কৰা পৰিলক্ষিত হৈছে। অচিৰেই পাঠানে বলীউডত উপাৰ্জনৰ নতুন অভিলেখ স্থাপন কৰিব।

লগতে পঢ়ক: SRK fans celebrate Pathaan releas: শ্বাহৰুখ অনুৰাগীয়ে সমগ্ৰ দেশতে উদযাপন কৰিলে পাঠানৰ মুক্তি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.