SRK fans celebrate Pathaan releas: শ্বাহৰুখ অনুৰাগীয়ে সমগ্ৰ দেশতে উদযাপন কৰিলে পাঠানৰ মুক্তি

By

Published : Jan 25, 2023, 5:31 PM IST

Updated : Feb 3, 2023, 8:39 PM IST

thumbnail

2023 বৰ্ষৰ আৰম্ভণিতে আটাইতকৈ বৃহৎ মুক্তি হিচাপে চুপাৰষ্টাৰ শ্বাহৰুখ খানৰ পাঠান ছবিখনে বুধবাৰে ৰূপালী পৰ্দাত মুক্তি লাভ কৰে । ছবিখন মুক্তিৰ লগে লগে, সমগ্ৰ দেশৰ চিনেমা হলবোৰ অভূতপূৰ্ব দৃশ্যৰ সাক্ষী হৈ ৰ’ল । ছবিগৃহৰ বাহিৰত চুপাৰষ্টাৰৰ অনুৰাগীৰ পৰা আৰম্ভ কৰি ফেনক্লাব সমূহে উদযাপন কৰা উল্লাসৰ কেইবাটাও ভিডিঅ' ইণ্টাৰনেটত ভাইৰেল হৈ আছে । বহু অনুৰাগীয়ে 25 জানুৱাৰীৰ দিনটো পাঠান ডে’ হিচাপেও অভহিত কৰিছে ৷ কেক কটাৰ পৰা আৰম্ভ কৰি ঠায়ে ঠায়ে আতচবাজীৰেও পাঠানৰ মুক্তি উদযাপন কৰিছে বাদশ্বাহৰ এজন এজন অনুৰাগীয়ে ৷

চলচ্চিত্ৰখনে চাৰি বছৰৰ দীঘলীয়া বিশ্ৰামৰ পিছত চুপাৰষ্টাৰ পুনৰ ৰূপালী পৰ্দালৈ উভতি অহাটো চিহ্নিত কৰে । দেশৰ কেইবাখনো ঠাইত অনুৰাগীসকলে পুৱা চিনেমাখনৰ প্ৰথম দিনাৰ প্ৰথম শ্ব’ চাবলৈ বৃহৎ সংখ্যাত থিয়েটাৰত ভিৰ কৰা পৰিলক্ষিত হয় । তেওঁলোকক চিনেমা হলৰ বাহিৰত পাঠানৰ মুক্তি উদযাপন কৰা দেখা গৈছিল ৷  তেওঁলোকে আতচবাজী আৰু ৰঙীন ধোঁৱা ওলোৱা বোমা-ফটকা ফুটাই আনন্দ প্ৰকাশ কৰিছিল ।

পাঠান ছবিখন যশ ৰাজ ফিল্মছৰ গুপ্তচৰ ব্ৰহ্মাণ্ডৰ এটা অংশ আৰু ইয়াত মুখ্য চৰিত্ৰত অভিনয় কৰিছে দেশৰ আটাইতকৈ ডাঙৰ চুপাৰষ্টাৰ - শ্বাহৰুখ, দীপিকা পাডুকন আৰু জন আব্ৰাহামে । ইয়াত ডিম্পল কাপাডিয়া আৰু আশুতোষ ৰাণায়ো গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰিছে । ছবিখনত দীপিকাৰ বিপৰীতে শ্বাহৰুখ খানে যুটি বান্ধিছে ৷ দীপিকা আৰু শ্বাহৰুখৰ যুটি বলীউডত খুবেই জনপ্ৰিয় ৷ 4 বছৰৰ দীঘলীয়া বিৰতিৰ মূৰত বছৰটোৰ আৰম্ভণিতে বাদশ্বাহৰ এয়া প্ৰথম মুক্তি । শ্বাহৰুখ আৰু দীপিকা ভাৰতীয় চলচ্চিত্ৰৰ ইতিহাসৰ আটাইতকৈ হট অন-স্ক্ৰীণ যুটি আৰু তেওঁলোক দুয়োৱে একেলগে ওম শান্তি ওম, চেন্নাই এক্সপ্ৰেছ আৰু হেপ্পী নিউ ইয়েৰৰ দৰে চলচ্চিত্ৰত অভিনয় কৰিছে । 

Last Updated : Feb 3, 2023, 8:39 PM IST

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.