ETV Bharat / bharat

Raksha Bandhan 2023: মোদীক ৰাখী বান্ধিবলৈ দিল্লীলৈ আহিছে পাকিস্তান মূলৰ ভগ্নী মহচিন শ্বেইখ

author img

By

Published : Aug 22, 2023, 8:21 AM IST

যোৱা 30 বছৰ ধৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৰাখী পিন্ধাই অহা পাকিস্তান মূলৰ ভগ্নী কমৰ মহচিন শ্বেইখে এইবাৰো ৰাখী বান্ধিবলৈ ইতিমধ্যে ৰাওনা হৈছে দিল্লীলৈ ৷ বিবাহ সূত্ৰে বৰ্তমান গুজৰাটৰ আহমেদাবাদৰ বাসিন্দা পাকিস্তান মূলৰ কমৰ মহচিন শ্বেইখ ৷

Raksha Bandhan 2023
মোদীক ৰাখী বান্ধিবলৈ দিল্লীলৈ ৰাওনা পাকিস্তান মূলৰ ভগ্নী কমৰ জাহান

নেশ্যনেল ডেস্ক, 22 আগষ্ট: ৰাখী বন্ধনলৈ মাজত মাথো কেইটামান দিন ৷ ভাতৃ-ভগ্নীসকলে পৰস্পৰে পৰস্পৰৰ বাবে যুগুত কৰিছে বিভিন্ন পৰিকল্পনাৰ ৷ একেদৰে আহমেদাবাদৰ এগৰাকী ভগ্নীয়েও ভাতৃক ৰাখী বান্ধিবলৈ ৰাওনা হৈছে দিল্লীলৈ ৷ পিছে চৰ্চাৰ বিষয় হ’ল, এইগৰাকী আহমেদাবাদৰ ভগ্নীয়ে ৰাখী পিন্ধোৱা ভাতৃগৰাকী হ’ল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ প্ৰধানমন্ত্ৰী মোদীৰ পাকিস্তানী ভগ্নী মহচিন শ্বেইখে প্ৰতিবছৰৰ দৰেই এই বছৰো ৰাখী বান্ধিবলৈ দিল্লীলৈ ৰাওনা হৈছে ৷

পাকিস্তান মূলৰ মহিলা আৰু বিয়াৰ পিছত ভাৰতলৈ গুচি অহা কমৰ মহছিন শ্বেইখে 30 বছৰতকৈও অধিক সময় ধৰি প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধি আহিছে । এই সন্দৰ্ভত মহচিনে কয়, "তেওঁক ৰক্ষা বন্ধনৰ শুভেচ্ছা জনাইছোঁ । তেওঁৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ুৰ বাবে প্ৰতিদিনে তেওঁৰ বাবে প্ৰাৰ্থনা কৰো । মোৰ সকলো ইচ্ছা পূৰণ হয় বুলি মোৰ বিশ্বাস আছে । আগতে যেতিয়া মই তেওঁক গুজৰাটৰ মুখ্যমন্ত্ৰী হোৱাৰ বাবে প্ৰাৰ্থনা কৰিছিলো এদিন সেয়া দিঠকত পৰিণত হৈছিল । মই যেতিয়াই ৰাখী বান্ধিছিলো তেতিয়াই তেওঁৰ আগত মই তেওঁক প্ৰধানমন্ত্ৰী হিচাবে চোৱাৰ বাবে ইচ্ছা প্ৰকাশ কৰিছিলোঁ । তেওঁৰ সঁহাৰি সদায় উৎসাহজনক আছিল, মোদীৰ সকলো ইচ্ছা ঈশ্বৰে পূৰণ কৰিব বুলি কৈছিল । তেওঁ দেশৰ বাবে প্ৰশংসনীয় কাম কৰি আছে ।"

উল্লেখ কৰা প্ৰয়োজন যে, প্ৰতি বছৰে শ্বেইখে প্ৰধানমন্ত্ৰী মোদীৰ বাবে নিজ হাতেৰে ৰাখী তৈয়াৰ কৰে । গুজৰাটৰ মুখ্যমন্ত্ৰী হৈ থকাৰ সময়তো শ্বেইখে নৰেন্দ্ৰ মোদীৰ হাতত ৰাখী বান্ধিছিল । কমৰ মহচিন শ্বেইখে কয়, "তেওঁ কভিড-19 ৰ সময়ছোৱাত প্ৰধানমন্ত্ৰী মোদীক ৰাখী বান্ধিব পৰা নাছিল, অৱশ্যে তেওঁ ডাকযোগে তেওঁলৈ ৰাখী প্ৰেৰণ কৰিছিল ।" হিন্দু চন্দ্ৰ কেলেণ্ডাৰ মাহৰ শাওণৰ শেষৰ দিনটোত ৰক্ষা বন্ধন পালন কৰা হয় ।

লগতে পঢ়ক: SC raps Gujarat HC : গৰ্ভপাতৰ গোচৰ সন্দৰ্ভত গুজৰাট উচ্চ ন্যায়ালয়ক তীক্ষ্ণ সমালোচনা শীৰ্ষ আদালতৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.