ETV Bharat / bharat

Kashmir Black Day : আজি কাশ্মীৰীসকলে পালন কৰিছে ক'লা দিৱস

author img

By

Published : Oct 27, 2022, 10:55 AM IST

নিয়ন্ত্ৰণ ৰেখাৰ (Line of Control) দুয়োফালে থকা আৰু সমগ্ৰ বিশ্বৰ কাশ্মীৰীসকলে আজি ২৭ অক্টোবৰ তাৰিখটো ক'লা দিৱস হিচাপে পালন কৰিব (Kashmir Black Day Observed) । এই দিৱস পালনৰ অৰ্থ হৈছে এই কথাটে বিশ্বক জনোৱা যে ভাৰতে তেওঁলোকৰ মাতৃভূমি অবৈধভাৱে আৰু তেওঁলোকৰ আশা-আকাংক্ষাৰ বিৰুদ্ধে দখল কৰিছে ।

black day
black day

নিউজ ডেস্ক, ২৭ অক্টোবৰ : নিয়ন্ত্ৰণ ৰেখাৰ (Line of Control) দুয়োফালে থকা আৰু সমগ্ৰ বিশ্বৰ কাশ্মীৰীসকলে আজি ২৭ অক্টোবৰ তাৰিখটো ক'লা দিৱস হিচাপে পালন কৰিব (Kashmir Black Day Observed) । এই দিৱস পালনৰ অৰ্থ হৈছে এই কথাটে বিশ্বক জনোৱা যে ভাৰতে তেওঁলোকৰ মাতৃভূমি অবৈধভাৱে আৰু তেওঁলোকৰ আশা-আকাংক্ষাৰ বিৰুদ্ধে দখল কৰিছে । এক কথা ক'বলৈ হ'লে কাশ্মীৰ সন্দৰ্ভত পাকিস্তানে ভাৰতক বিশ্ব সম্প্ৰদায়ৰ আগত কাঠগড়াত থিয় কৰাবলৈ পাক চৰকাৰৰ এয়া আন এক প্ৰপগাণ্ডা ।

আজিৰ দিনটো পাকিস্তানে দাবী কৰা ভাৰতৰ দ্বাৰা অবৈধভাৱে অধিকৃত জম্মু আৰু কাশ্মীৰৰ (Indian illegally occupied Jammu and Kashmir) লোকসকলে সম্পূৰ্ণ বন্ধ আৰু অসামৰিক কাৰফিউৰ দ্বাৰা পালন কৰিব । উল্লেখ্য, ১৯৪৭ চনৰ ২৭ অক্টোবৰত ভাৰতীয় সেনাই জম্মু-কাশ্মীৰ ভূখণ্ডত আক্ৰমণ কৰাৰ লগতে ৫ আগষ্ট, ২০১৯ চনত নৰেন্দ্ৰ মোদী নেতৃত্বাধীন ভাৰত চৰকাৰে কাশ্মীৰৰ বিশেষ মৰ্যাদা প্ৰত্যাহাৰ (revocation of special status of Kashmir) কৰাৰ প্ৰতিবাদত এই দিৱসৰ আয়োজন কৰা হৈছে ।

কাশ্মীৰ ক'লা দিৱস পালনৰ আহ্বান জনাই প্ৰকাশ কৰা পোষ্টাৰ
কাশ্মীৰ ক'লা দিৱস পালনৰ আহ্বান জনাই প্ৰকাশ কৰা পোষ্টাৰ

আজি স্বাধীন জম্মু-কাশ্মীৰৰ (Azad Jammu and Kashmir) ওপৰত পাকিস্তান আৰু সমগ্ৰ বিশ্বতে প্ৰতিবাদী সমদল আৰু আলোচনা-চক্ৰ আদি অনুষ্ঠিত হ'ব । উক্ত বন্ধ আৰু ক'লা দিৱস পালনৰ আহ্বান জনাইছে অল পাৰ্টী হুৰিয়ত কনফাৰেন্সে (All Parties Hurriyat Conference) ।

এপিএইচচিয়ে (APHC) শ্ৰীনগৰত এক বিবৃতিত কাশ্মীৰীসকলক জম্মু আৰু কাশ্মীৰক ভাৰতীয় দাসত্বৰ পৰা মুক্ত নোহোৱালৈকে তেওঁলোকে বিশ্ৰাম নল'ব বুলি আজি বিশ্বৰ আগত প্ৰদৰ্শন কৰিবলৈ আহ্বান জনাইছে । লগতে হুৰিয়তৰ আহ্বান, বিশ্ব সম্প্ৰদায়ক ভাৰত অধিকৃত জম্মু-কাশ্মীৰত ভাৰতীয় বৰ্বৰতাৰ ওপৰত অপৰাধমূলক নীৰৱতা ভংগ কৰক । আনহাতে, ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ (UN Security Council) প্ৰস্তাৱ অনুসৰি কাশ্মীৰীসকলক আত্মনিৰ্ধাৰণৰ অধিকাৰ দিবলৈ নতুন দিল্লীক বাধ্য কৰিবলৈ ব্যৱহাৰিক পদক্ষেপ ল'বলৈ আহ্বান জনায় ।

ইতিমধ্যে শ্ৰীনগৰ আৰু উপত্যকাটোৰ অন্যান্য অংশতো এই সন্দৰ্ভত ব্যাপক পোষ্টাৰিং কৰা হৈছে । উক্ত পোষ্টাৰবোৰত ভাৰতে তেওঁলোকৰ মাতৃভূমি অবৈধভাৱে দখল কৰাৰ বিৰুদ্ধে ভাৰত অধিকৃত কাশ্মীৰত বন্ধ পালন কৰিবলৈ ৰাইজক আহ্বান জনোৱা হৈছে ।

আনহাতে, পাকিস্তানৰ বৈদেশিক মন্ত্ৰালয়ৰ দাবী, ১৯৪৭ চনৰ ২৭ অক্টোবৰত উপমহাদেশখনৰ বিভাজন পৰিকল্পনাৰ আত্মাৰ সম্পূৰ্ণ উলংঘন কৰি ভাৰতীয় সৈন্যই জম্মু আৰু কাশ্মীৰক সামৰিকভাৱে আক্ৰমণ কৰিছিল আৰু কাশ্মীৰী জনসাধাৰণৰ ইচ্ছাৰ বিপৰীতে অবৈধভাৱে জম্মু-কাশ্মীৰ দখল কৰিছিল ।

ইয়াৰ উপৰি পাকিস্তানৰ দূতাবাস বুখাৰেষ্টে (Embassy of Pakistan Bucharest) আজি দূতাবাসৰ চৌহদত "কাশ্মীৰ ক'লা দিৱস" উদযাপনৰ বাবে এক অনুষ্ঠানৰ আয়োজন কৰিছে । ইয়াত নাগৰিক সমাজৰ সদস্য, পাকিস্তানী সম্প্ৰদায়ৰ প্ৰতিনিধি, কাশ্মীৰী সম্প্ৰদায়ৰ প্ৰতিনিধি আৰু পাকিস্তানৰ দূতাবাসৰ বিষয়াসকলে অংশগ্ৰহণ কৰিছে ।

অনুষ্ঠানটো পবিত্ৰ কোৰাণ পাঠেৰে আৰম্ভ হয় । পাকিস্তানৰ ৰাষ্ট্ৰপতি, প্ৰধানমন্ত্ৰী আৰু বৈদেশিক মন্ত্ৰীৰ বাৰ্তা ৰাষ্ট্ৰদূত ড০ জাফৰ ইকবালে পঢ়ি শুনায় । ৰাষ্ট্ৰদূতগৰাকীয়ে তেওঁৰ মন্তব্যত কয় যে সাত দশকৰো অধিক কাল পূৰ্বে ভাৰতীয় বাহিনীয়ে জম্মু-কাশ্মীৰ দখল কৰিবলৈ শ্ৰীনগৰত অৱতৰণ কৰাৰ পিছৰে পৰা উপত্যকাটোৰ দমনশীল, নিপীড়িত আৰু নিৰ্মম লোকসকলে ন্যায়ৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ৰ ফালে চাই আছে ।

পাকিস্তানী দূতাবাসৰ দাবী, জম্মু-কাশ্মীৰৰ লোকসকলে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ একাধিক প্ৰস্তাৱৰ জৰিয়তে দিয়া প্ৰতিশ্ৰুতি পূৰণ কৰাৰ বাবে আন্তঃৰাষ্ট্ৰীয় সম্প্ৰদায়ে অপেক্ষা কৰি আছে । কাশ্মীৰীসকলৰ আত্ম-নিৰ্ধাৰণৰ অপৰিহাৰ্য অধিকাৰ প্ৰয়োগ কৰাৰ বাবে মুক্ত আৰু নিৰপেক্ষ গণভোটৰ দাবী জনাইছে । বিভিন্ন বাধা-বিঘিনিৰ মাজত জীয়াই থকা কাশ্মীৰীসকলে অধিকৃত নিৰাপত্তা বাহিনীৰ পৰা মুক্তি দাবী কৰি আছে আৰু আন্তৰ্জাতিক সম্প্ৰদায়ক তেওঁলোকৰ সৈতে কৰা অমানৱীয় আচৰণৰ বিৰুদ্ধে তেওঁলোকৰ আহ্বানৰ প্ৰতি সঁহাৰি জনাবলৈ আহ্বান জনাইছে ।

ৰাষ্ট্ৰদূতগৰাকীয়ে ২৭ অক্টোবৰৰ ঐতিহাসিক তাৎপৰ্যৰ ওপৰতো আলোকপাত কৰে । তেওঁ ভাৰতীয় অধিকৃত জম্মু-কাশ্মীৰৰ জনসাধাৰণৰ সৈতে সম্পূৰ্ণ সংহতি প্ৰকাশ কৰিছে । ভাৰতীয় দখলকাৰী বাহিনীৰ দ্বাৰা অব্যাহত নিৰ্মম বল প্ৰয়োগ আৰু নতুন দিল্লীৰ ৫ আগষ্টৰ পৰা কঠোৰ কাৰফিউ জাৰি কৰা আৰু উপত্যকাটোৰ সম্পূৰ্ণ লকডাউনকে ধৰি লোৱা অবৈধ পদক্ষেপক গৰিহণা দিয়ে ।

আনহাতে, ৰাষ্ট্ৰদূতগৰাকীয়ে কাশ্মীৰৰ জনসাধাৰণৰ ন্যায়সঙ্গত সংগ্ৰামৰ প্ৰতি পাকিস্তানৰ নিৰন্তৰ কূটনৈতিক, নৈতিক আৰু ৰাজনৈতিক সমৰ্থনৰ কথা পুনৰ নিশ্চিত কৰে । লগতে ভাৰতীয় অত্যাচাৰ আৰু ভাৰতীয় দখলকাৰী বাহিনীৰ নিৰ্মম কাৰ্যৰ ভিডিঅ'বোৰো তাত দেখুওৱা হৈছে ।

উল্লেখ্য, অক্টোবৰৰ 27 তাৰিখটো সমগ্ৰ বিশ্বতে কাশ্মীৰীসকলে 'ক'লা দিৱস' হিচাপে পালন কৰে । তেওঁলোকৰ দাবী, 74 বছৰ পূৰ্বে আজিৰ দিনটোত ভাৰতে কোনো আইনী ন্যায্যতা অবিহনে জম্মু আৰু কাশ্মীৰ ৰাজ্যৰ বলপূৰ্বক নিয়ন্ত্ৰণ লৈছিল । তেতিয়াৰে পৰা ভাৰতীয় অধিকৃত বাহিনীয়ে নিৰীহ আৰু নিৰস্ত্ৰ কাশ্মীৰীসকলক নিৰ্দয়ভাৱে হত্যা কৰি আছে, তেওঁলোকৰ সম্পত্তি ধ্বংস কৰি আছে আৰু অন্যান্য অমানৱীয় কাৰ্যত লিপ্ত হৈছে ।

লগতে পঢ়ক :Amit Shah told about drugs : ড্ৰাগছ সন্দৰ্ভতৰ্ভ কঠোৰ স্থিতি গ্ৰহণৰ নিৰ্দেশ অমিত শ্বাহৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.