ETV Bharat / bharat

J&K Encounter: ভাৰতীয় সেনাৰ গুলীত নিহত তিনি পাক অনুপ্ৰৱেশকাৰী

author img

By ANI

Published : Sep 17, 2023, 11:56 AM IST

J K Encounter
পাক সন্ত্ৰীসবাদীৰ প্ৰচেষ্টাক বিফল কৰি বৃহৎ সফলতা ভাৰতীয় সেনাৰ

পাক অনুপ্ৰৱেশকাৰী চেষ্টাক বিফল ভাৰতীয় সেনাৰ ৷ তিনিজনীয়া পাক অনুপ্ৰৱেশকাৰী নিহত হৈছে ভাৰতীয় সেনাৰ গুলীত ৷ বাৰামুল্লা জিলাৰ উৰিত এই ঘটনা ৷

নিউজ ডেস্ক,17 ছেপ্টেম্বৰ : পুনৰ ভাৰতত প্ৰৱেশৰ চেষ্টা তিনিজনীয়া পাক অনুপ্ৰৱেশকাৰী ৷ পাক অনুপ্ৰৱেশকাৰী প্ৰচেষ্টাক বিফল কৰে ভাৰতীয় সেনাই ৷ বাৰামুল্লা জিলাৰ উৰি চহৰৰ সমীপৰ নিয়ন্ত্ৰণ ৰেখাৰে (LOC) প্ৰৱেশ কৰাৰ চেষ্টা কৰিছিল তিনিজনীয়া অনুপ্ৰৱেশকাৰী দলটোৱে ৷ ইফালে অনুপ্ৰৱেশকাৰীক ভাৰতত প্ৰৱেশত পাক সেনাই বিশেষ সহায় কাৰ বুলি উল্লেখ কৰিছে ভাৰতীয় সেনাই ৷

ভাৰতীয় সেনাৰ পীৰ পাঞ্জল ব্ৰিগেডৰ ব্ৰিগেডিয়াৰ পিএমএছ ধিল্ল’নে এই সন্দৰ্ভত কয়, ‘‘তিনি পাক অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ সেই তিনি অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশ কৰিব পাৰে তাৰ বাবে পাক সেনাই গুলীচালনা কৰিছিল ৷ ফলত ভাৰতীয় সেনাই উচিত প্ৰত্যুত্তৰ দিছিল ৷ ফলত তিনিজন অনুপ্ৰৱেশকাৰীৰ ভিতৰত মাত্ৰ দুজনৰ মৃতদেহ উদ্ধাৰ কৰা হৈছে ৷ সীমান্ত সিপাৰৰ পৰা গুলীচালনা কৰাৰ বাবে আন এজন অনুপ্ৰৱেশকাৰীৰ মৃতদেহ উদ্ধাৰ কৰিব পৰা নাই ৷’’

তেওঁ পুনৰ কয় যে, বিশেষ খৱৰৰ ভিত্তিত ভাৰতীয় সেনা আৰু জন্মু-কাশ্মীৰ আৰক্ষীয়ে যৌথ অভিযান চলাইছিল ৷ সেই অভিযানৰ সময়তে তিনি পাক অনুপ্ৰৱেশকাৰীয়ে ভাৰতত প্ৰৱেশৰ চেষ্টা কৰিছিল ৷ তেতিয়াই উক্ত অঞ্চলত অধিক নিৰাপত্তাৰক্ষী মোটায় কৰা হৈছিল ৷ উক্ত এলেকাত বৰ্তমানেও অভিযান অব্যাহত আছে ৷

ইফালে ভাৰতীয় সেনাৰ উপস্থিতিৰ উমান পায় তিনি অনুপ্ৰৱেশকাৰী পাকিস্তানৰ দিশে পলায়নৰ চেষ্টা কৰিছিল ৷ তেতিয়াই ভাৰতীয় সেনাৰ আক্ৰমণত নিহত হয় তিনি সন্ত্ৰীসবাদী ৷ আনহাতে উক্ত অভিযানৰ সময়ত অস্ত্ৰ-শস্ত্ৰ, গোলাবাৰুদ উদ্ধাৰ কৰে ভাৰতীয় সেনা আৰু জন্মু-কাশ্মীৰ আৰক্ষীয়ে ৷ অনুপ্ৰৱেশৰ চেষ্টা কৰা সন্ত্ৰাসবাদীৰ সৈতে প্ৰায় দুঘন্টা ধৰি গুলীয়াগুলী সংঘটিত হৈছিল বুলি উল্লেখ কৰে সেনা বিষয়া গৰাকীয়ে ৷

লগতে পঢ়ক: Uri encounter : উৰিৰ এনকাউণ্টাৰত ৩ সন্ত্ৰাসবাদী নিহত, উদ্ধাৰ মাৰণাস্ত্ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.