ETV Bharat / bharat

Ava Bracelet: আগতীয়াকৈ জানিব পাৰিব, আপুনি ক'ভিডত আক্ৰান্ত হ'ব নেকি ?

author img

By

Published : Jun 24, 2022, 4:36 PM IST

পৰীক্ষা কৰাৰ পাছত আপুনি জানিব পাৰিব আচলতে ক'ভিডত আক্ৰান্ত হৈছে নে নাই ? কিন্তু লণ্ডনৰ গৱেষকসকলে এক নতুন উদ্ভাৱন কৰিছে । যাৰ জৰিয়তে আক্ৰান্ত হোৱাৰ পূৰ্বেই আপুনি জানিব পাৰিব সংক্ৰমণৰ লক্ষণবোৰ আপোনাৰ দেহত আছে নেকি (Ovulation Tracker Detects Onset Of Covid)। বিশেষ ব্ৰেচলেট পৰিধান কৰিয়ে আপুনি ক'ভিডৰ সংক্ৰমণ আগতীয়াকৈ ধৰা পেলাব পাৰিব ।

Ava Bracelet
আভা নামৰ এবিধ চেঞ্চৰ থকা ব্ৰেচলেট

নেশ্যনেল ডেস্ক,২৪ জুন : ক'ভিডৰ আৰম্ভণিৰে পৰা এই মহামাৰীৰ লগতে ভাইৰাছটোৰ ওপৰত বিভিন্ন ধৰণৰ পৰীক্ষা নিৰীক্ষা চলি আছে । ক'ভিড প্ৰতিৰোধৰ বিভিন্ন সঁজুলিও ইতিমধ্যে প্ৰস্তুত কৰিছে গৱেষকসকলে । ক'ভিড-১৯ ভাইৰাছ ধৰা পেলোৱা বিভিন্ন ধৰণৰ সঁজুলি উদ্ভাৱন কৰাৰো দাবী কৰি আহিছে । এইবাৰ ক'ভিডৰ সংক্ৰমণ আগতীয়াকৈ ধৰা পেলোৱা এবিধ সঁজুলি উদ্ভাৱন কৰিছে লণ্ডনৰ গৱেষকসকলে ।

আভা নামৰ এবিধ চেঞ্চৰ থকা ব্ৰেচলেটৰ জৰিয়তে মানুহে আগতীয়াকৈ জানিব পাৰিব ক'ভিড সংক্ৰমণৰ সম্ভাৱনীয়তা (Ava Fertility Tracker may detect Covid in advance)। এই ক'ভিড-১৯ ধৰা পেলোৱা এই ব্ৰেচলেট সন্দৰ্ভত ইতিমধ্যে এক অধ্যয়নো কৰা হৈছে । সেই অধ্যয়ন সম্পৰ্কে বি.এম.জে নামৰ এখন আলোচনীত প্ৰকাশ পাইছে ।

আভা ব্ৰেচলেট সাধাৰণতে নিশা শোৱাৰ সময়ত হাতৰ সৰু গাঁঠিত পিন্ধিব লাগে । ব্ৰেচলেট পিন্ধা ব্যক্তিৰ উশাহ-নিশাহৰ হাৰ, হৃদস্পন্দনৰ হাৰ, হাতৰ উষ্ণতা, তেজৰ প্ৰবাহৰ হাৰ আৰু শোৱাৰ সময় আদি জুখি উলিয়াব ।

অধ্যয়নটোৰ মতে আভা ব্ৰেচলেট ব্যৱহাৰ কৰা ব্যক্তিগৰাকীয়ে কমেও চাৰি ঘণ্টা টোপনি যাব লাগিব । গৱেষকসকলে এই অধ্যয়নত দেখিছে যে প্ৰতি ১০ ছেকেণ্ডত এবাৰকৈ ওপৰোক্ত তথ্য সংগ্ৰহ কৰি আৰু কৃত্ৰিম বুদ্ধিমত্তাৰ (AI) সহায়ত ইয়াক বিশ্লেষণ কৰি ক'ভিড-১৯ ৰ সংক্ৰমণৰ আৰম্ভণি চিনাক্ত কৰিব পাৰে (Ava Bracelet can detect Covid)। স্মাৰ্টফোন এপৰ জৰিয়তে ডাটাসমূহ বিশ্লেষণ কৰা হয় । এই ব্ৰেচলেট ২০২০ চনৰ মাৰ্চৰ পৰা ২০২১ৰ এপ্ৰিললৈ ৫১ বছৰৰ তলৰ ১,১৬৩ গৰাকী লোকৰ ওপৰত পৰীক্ষা কৰা হৈছিল ।

এই অধ্যয়নৰ সময়তে লোকসকলে আভা ব্ৰেচলেট পৰিধান কৰি নিশা শুইছিল আৰু ক'ভিডৰ সংক্ৰমণৰ আগতীয়া পৰীক্ষা কৰিছিল । যিসকলৰ দেহত ক'ভিডৰ লক্ষণবোৰ দেখাইছিল তেওঁলোকে ক'ভিড পিচিআৰ পৰীক্ষা কৰাইছিল । অধ্যয়নৰ সময়ত ১২৭ গৰাকী লোকক ক'ভিডত আক্ৰান্ত পোৱা গৈছিল ।

তেওঁলোকৰ ৬৬ গৰাকীয়ে একেৰাহে ২৯ দিন ধৰি হাতত আভা ব্ৰেচলেট পিন্ধি আছিল । প্ৰায় ৮ দিন পাছত ক'ভিডৰ লক্ষণবোৰ আগতীয়াকৈ ধৰা পৰিছিল । ইয়াৰ দ্বাৰা এটা কথা স্পষ্ট হৈ পৰিছে যে এই ধৰণৰ এআই এলগৰিথম থকা সঁজুলিয়েও ক'ভিডৰ আৰম্ভণিৰ পূৰ্বানুমান কৰিব পাৰে ।

লগতে পঢ়ক :New Covid 19 case in India: 24 ঘণ্টাত 17 হাজাৰতকৈ অধিক লোক আক্ৰান্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.