ETV Bharat / bharat

Opposition Moves to SC : কেন্দ্ৰীয় চৰকাৰে ইডি, চিবিআইৰ অপব্যৱহাৰৰ বিৰুদ্ধে ছুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ বিৰোধী

author img

By

Published : Mar 24, 2023, 1:48 PM IST

Supreme Court
Supreme Court

বিৰোধীৰ কণ্ঠ ৰুদ্ধ কৰিবলৈ কেন্দ্ৰীয় চৰকাৰে ইডি, চিবিআইৰ দৰে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ কৰাৰ বিৰুদ্ধে শুকুৰবাৰে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হয় দেশৰ কংগ্ৰেছ, তৃণমূল কংগ্ৰেছ, ডিএমকে আদিকে ধৰি ১৪ টা বিৰোধী দল (Opposition move to SC against misuse of ED CBI) ৷ অহা ৫ এপ্ৰিলত বিষয়টোৰ শুনানিৰ সিদ্ধান্ত গ্ৰহণ উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰাচুড়ৰ ।

নেচনেল ডেস্ক, ২৪ মাৰ্চ : বিৰোধীৰ বিৰুদ্ধে কেন্দ্ৰীয় সংস্থাৰ অপব্যৱহাৰ সন্দৰ্ভত একত্ৰিত হৈ বিৰোধী দলবোৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ পত্ৰ প্ৰেৰণ (Opposition letter to PM Modi) কৰাৰ প্ৰায় এপষেকৰ পাছত ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতৃত্বত ১৪ টা বিৰোধী ৰাজনৈতিক দলে বলৱৎকাৰী সঞ্চালকালয় (Enforcement Directorate, ED) আৰু কেন্দ্ৰীয় তদন্তকাৰী সংস্থাক (Central Bureau of Investigation, CBI) বিৰোধীৰ বিৰুদ্ধে স্বেচ্ছাচাৰী ব্যৱহাৰৰ প্ৰতিবাদত শেহতীয়াকৈ উচ্চতম ন্যায়ালয়ৰ কাষ চাপিছে (Opposition move to SC against misuse of ED CBI) ৷

ডি এম কে, ৰাষ্ট্ৰীয় জনতা দল, ভাৰত ৰাষ্ট্ৰ সমিতি, সৰ্বভাৰতীয় তৃণমূল কংগ্ৰেছ আদি ১৪ টা বিৰোধী ৰাজনৈতিক দলৰ হৈ উচ্চতম ন্যায়ালয়ত প্ৰতিনিধিত্ব কৰিছে জ্যেষ্ঠ অধিবক্তা এ এম সিংভীয়ে (AM Singhvi represented opposition in SC) ।

সিংভীয়ে ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচুড়ক (CJI DY Chandrachud) অৱগত কৰে যে ৯৫ শতাংশ গোচৰ বিৰোধী নেতাৰ বিৰুদ্ধে ৷ কিন্তু বিৰোধী দলসমূহে বৰ্তমানলৈ চলি থকা তদন্তত বাধা আৰোপ কৰাৰ চেষ্টা কৰা নাই । ৰাজনৈতিক উদ্দেশ্যত কেন্দ্ৰীয় সংস্থাসমূহৰ অপব্যৱহাৰ ৰোধ কৰিবলৈ গ্ৰেপ্তাৰৰ পূৰ্বে আৰু গ্ৰেপ্তাৰৰ পিছৰ নিৰ্দেশনাৱলী নিৰ্ধাৰণৰ বাবে অধিবক্তা সিংভীয়ে ন্যায়ালয়ত অনুৰোধ জনায় ।

আনহাতে, বিৰোধীৰ এই আবেদন গ্ৰহণ কৰি অহা ৫ এপ্ৰিলত বিৰোধীৰ গোচৰটো শুনানিৰ বাবে তালিকাভুক্ত কৰিবলৈ নিৰ্দেশ দিয়ে মুখ্য ন্যায়াধীশগৰাকীয়ে (hearing on oppositions plea in SC on 5th April) । উচ্চতম ন্যায়ালয়ৰ কাষচপা বিৰোধীৰ আন দলসমূহৰ ভিতৰত আম আদমী পাৰ্টী, শিৱসেনা, এনচিপি, ঝাৰখণ্ড মুক্তি মৰ্চা, জেডি (ইউ), চিপিআই (এম), ভাৰতীয় কমিউনিষ্ট পাৰ্টী, সমাজবাদী পাৰ্টী আৰু জম্মু-কাশ্মীৰৰ নেচনেল কনফাৰেন্স আদি অন্যতম ।

ইয়াৰ পূৰ্বে যোৱা ৬ মাৰ্চত বিৰোধীয়ে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীলৈ এখন পত্ৰ লিখি কেন্দ্ৰীয় চৰকাৰে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰ কৰি বিৰোধী কণ্ঠক ৰোধ কৰাৰ অপচেষ্টাৰ বিষয়ে জনাইছিল । তেলেংগানাৰ মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওকে ধৰি কেইবাখনো ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ স্বাক্ষৰিত পত্ৰখনত চৰকাৰে জনসাধাৰণৰ দৃষ্টিত বিৰোধীক বদনামী কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰি লোৱা বুলি অভিযোগ উত্থাপন কৰিছে ।

উল্লেখ্য, দিল্লী আবকাৰী কেলেংকাৰীৰ গোচৰত দিল্লীৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী মণীষ ছিছোডিয়াক গ্ৰেপ্তাৰ কৰাক সমালোচনা কৰি পত্ৰখনত ইয়াক 'ডাইনী চিকাৰ' প্ৰথা বুলি অভিহিত কৰি এই গোচৰত প্ৰমাণৰো অভাৱ বুলি উল্লেখ কৰা হৈছে । স্বাক্ষৰকাৰীসকলে অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, শুভেন্দু অধিকাৰী, মুকুল ৰায় আৰু নাৰায়ণ ৰাণেৰ উদাহৰণ দাঙি ধৰি শাসকীয় ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰা ৰাজনীতিবিদৰ বিৰুদ্ধে তদন্তকাৰী সংস্থাসমূহৰ তদন্তৰ গতি লাহে লাহে স্থবিৰ হৈ পৰাৰ কথাও পত্ৰখনত সদৰী কৰে ।

তদুপৰি, বিজেপিয়ে ৰাজ্যপালক ব্যৱহাৰ কৰি সাম্যবাদৰ বিৰুদ্ধে যুদ্ধ চলাই থকাৰো বিৰোধীয়ে অভিযোগ উত্থাপন কৰে পত্ৰখনত ৷ বিৰোধীয়ে লগতে পত্ৰখনত ৰাজ্যপালসকলে সাংবিধানিক বিধি উলংঘা কৰি ৰাজ্যসমূহৰ শাসন ব্যৱস্থাত বাধাৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰে ।

মন কৰিবলগীয়া যে ৰাজনৈতিক বিৰোধীৰ বিৰুদ্ধে চৰকাৰে তদন্তকাৰী সংস্থাৰ অপব্যৱহাৰক লৈ উদ্বেগ বৃদ্ধি পোৱাৰ সময়তে বিৰোধী দলসমূহে উচ্চতম ন্যায়ালয়ত গোচৰ তৰা পদক্ষেপে বিশেষ তাৎপৰ্য বহন কৰিছে । বিজেপি নেতৃত্বাধীন চৰকাৰখনৰ বিৰুদ্ধে চিবিআই আৰু ইডিক ব্যৱহাৰ কৰি চৰকাৰৰ নীতিক সমালোচনা কৰা বিৰোধী নেতা, সাংবাদিক, নাগৰিক সমাজৰ কৰ্মীক লক্ষ্য কৰি লোৱাৰ অভিযোগ উচ্চতম ন্যয়ালয়ত (Supreme Court of India) উত্থাপন কৰা হৈছে ।

অৱশ্যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী নেতৃত্বাধীন চৰকাৰখনে নিজৰ কাৰ্যৰ সমৰ্থনত সদায় উল্লেখ কৰি আহিছে যে সংস্থাসমূহ স্বাধীন আৰু যথাযথ প্ৰক্ৰিয়া অনুসৰণ কৰে । লগতে বিৰোধী দলসমূহে ৰাজনীতিৰ আশ্ৰয় লোৱা আৰু চৰকাৰৰ দুৰ্নীতিৰ শিপা নিৰ্মূল কৰাৰ প্ৰচেষ্টাত বাধাৰ প্ৰাচীৰ সৃষ্টি কৰাৰ অভিযোগ উত্থাপন কৰিছে বিজেপিয়ে ।

লগতে পঢ়ক :Finance Bill 2023 : নিৰ্মলা সীতাৰমণে সদনত উত্থাপন কৰিব বিত্তীয় বিধেয়ক ২০২৩

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.