ETV Bharat / bharat

INDIA to Meet President: মণিপুৰ বিষয়ত আজি ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব ইণ্ডিয়াৰ নেতাসকলে

author img

By

Published : Aug 2, 2023, 10:29 AM IST

INDIA to Meet President
INDIA to Meet President

বিৰোধী দলসমূহৰ মিত্ৰজোঁটৰ ২১ জন সাংসদে বুধবাৰে ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব । এই সময়ছোৱাত ৰাষ্ট্ৰপতিক মণিপুৰৰ পৰিস্থিতিৰ বিষয়ে অৱগত কৰা হ'ব । এই ২১ জন সাংসদ শেহতীয়াকৈ মণিপুৰ ভ্ৰমণৰ পৰা উভতি আহিছে ।

নিউজ ডেস্ক, ২ আগষ্ট : ইণ্ডিয়ান নেচনেল ডেভলেপমেণ্ট ইনক্লুচিভ এলায়েন্স চমুকৈ 'ইণ্ডিয়া' মিত্ৰজোঁটৰ সংসদৰ দুয়োখন সদনৰ নেতা আৰু শেহতীয়াকৈ মণিপুৰ ভ্ৰমণ কৰা ২১ জন বিৰোধী সাংসদে বুধবাৰে ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাৎ কৰিব । কংগ্ৰেছৰ সাধাৰণ সম্পাদক জয়ৰাম ৰমেশে এই কথা প্ৰকাশ কৰিছে । "২৯ আৰু ৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি অহা ইণ্ডিয়াৰ ২১ জন সাংসদে ২ আগষ্টৰ পুৱা ১১.৩০ বজাত ৰাষ্ট্ৰপতিক সাক্ষাৎ কৰিব । ইণ্ডিয়াৰ অন্তৰ্ভুক্ত সকলো দলৰ সদনৰ নেতাসকল তাত থাকিব ।" এক টুইটত তেওঁ কয় ।

উল্লেখ্য, কংগ্ৰেছ সভাপতি মল্লিকাৰ্জুন খাৰ্গেয়ে মঙলবাৰে হিংসাপীড়িত মণিপুৰ আৰু তাৰ পৰিস্থিতিৰ বিষয়টো উত্থাপন কৰিবলৈ বিৰোধীৰ হৈ ৰাষ্ট্ৰপতি দ্ৰৌপদী মুৰ্মুক সাক্ষাতৰ বাবে সময় বিচাৰিছিল । সূত্ৰত প্ৰকাশ পোৱা মতে, ৰাষ্ট্ৰপতিৰ সৈতে বৈঠকত বিৰোধী দলসমূহে মণিপুৰৰ পৰিস্থিতি তেওঁৰ সন্মুখত উপস্থাপন কৰিব । উল্লেখ্য যে, বিৰোধী দলসমূহৰ মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অংশীদাৰসকলৰ ২১ জনীয়া সাংসদৰ এটা প্ৰতিনিধি দলে যোৱা ২৯-৩০ জুলাইত মণিপুৰ ভ্ৰমণ কৰি আহিছে ।

প্ৰতিনিধি দলটোৱে গুৰুত্ব আৰোপ কৰে যে, যদি বিগত প্ৰায় তিনি মাহ ধৰি মণিপুৰত চলি থকা জাতিগত সংঘৰ্ষৰ সমস্যা সোনকালে সমাধান নহয়, তেন্তে দেশৰ বাবে নিৰাপত্তাৰ সমস্যা হ'ব পাৰে । কংগ্ৰেছ আৰু বিৰোধী মিত্ৰজোঁট 'ইণ্ডিয়া'ৰ অন্যান্য অংশীদাৰসকলে বৰ্ষাকালীন অধিবেশনৰ প্ৰথমদিনাৰ পৰাই মণিপুৰত জাতিগত হিংসাৰ বিষয়ত সংসদত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰা এক বিবৃতি দাবী কৰি আহিছে ।

আনহাতে, বিষয়টোক লৈ হোৱা হুলস্থূলৰ বাবে এতিয়ালৈকে দুয়োখন সদনৰ কাৰ্যক্ৰম ব্যাহত হৈছে । মণিপুৰ হিংসাৰ বিষয়টোক লৈ সংসদত চলি থকা অচলাৱস্থাৰ মাজতে কংগ্ৰেছে যোৱা বুধবাৰে লোকসভাত চৰকাৰৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ উত্থাপন কৰিছিল । ইয়াক সদনত আলোচনাৰ বাবে অনুমোদন জনোৱা হৈছিল । ইফালে সেইদিনাই লোকসভাৰ অধ্যক্ষ ওম বিৰলাই কৈছিল যে, তেওঁ সকলো দলৰ নেতাৰ সৈতে কথা পাতি প্ৰস্তাৱটোৰ ওপৰত আলোচনাৰ বাবে তাৰিখ নিৰ্ধাৰণ কৰিব ।

লগতে পঢ়ক :SC on Manipur violence: মণিপুৰ হিংসা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ৰ চমন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.