ETV Bharat / bharat

SC on Manipur violence: মণিপুৰ হিংসা সন্দৰ্ভত আৰক্ষী সঞ্চালক প্ৰধানলৈ উচ্চতম ন্যায়ালয়ৰ চমন

author img

By

Published : Aug 2, 2023, 8:53 AM IST

মণিপুৰৰ ঘটনা সন্দৰ্ভত হিংসাজৰ্জৰ ৰাজ্যখনৰ আৰক্ষী অধীক্ষকক শীৰ্ষ আদালতে চমন জাৰি কৰিছে ৷ হিংসাজৰ্জৰ ৰাজ্যখনত আৰক্ষীৰ ভূমিকাক ক্ষুৰধাৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ ৷

SC on Manipur violence
আৰক্ষী অধীক্ষক ৰাজীৱ সিং

নেশ্যনেল ডেস্ক, 2 আগষ্ট : মণিপুৰত জাতিগত সংঘৰ্ষ আৰম্ভ হোৱাৰ এদিন পিচতে দুগৰাকীকৈ যুৱতীক বিৱস্ত্ৰা কৰায় সমদল কৰোৱাৰ জঘন্য ঘটনাটোকে ধৰি সমগ্ৰ পৰিস্থিতি বৰ্তমান দেশৰ শীৰ্ষ আদালতৰ বিচৰাধীন ৷ শীৰ্ষ আদালতে মণিপুৰৰ হিংসাৰ গোচৰত চমন জাৰি কৰিছে মণিপুৰৰ আৰক্ষী অধীক্ষক ৰাজীৱ সিঙক ৷ ৰাজীৱ সিং ত্ৰিপুৰা কেডাৰৰ 1993 বৰ্ষৰ আই পি এছ বিষয়া । কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে হিংসাত্মক পৰিস্থিতি অব্যাহত থকাৰ সময়ত মণিপুৰ ভ্ৰমণ কৰাৰ পিছত পি ডৌংগেলৰ ঠাইত সিঙক ডিজিপি হিচাপে দায়িত্ব দিয়া হৈছিল ।

ত্ৰিপুৰাত উগ্ৰপন্থী বিৰোধী অভিযানত সিঙে বিশেষ নেতৃত্ব প্ৰদান কৰা পৰিলক্ষিত হৈছিল । ৰাজীৱ সিঙক মঙলবাৰে উচ্চতম ন্যায়ালয়ে চমন জাৰি কৰাৰ পিছতে সংবাদ মাধ্যমত সিঙে লাভ কৰে বিশেষ স্থান । হিংসাত্মক ঘটনা সংঘটিত মণিপুৰত হত্যা, ধৰ্ষণ আৰু বিভিন্ন অপৰাধৰ জঘন্য গোচৰ সন্দৰ্ভত উচ্চতম ন্যায়ালয়ত হাজিৰ হ’বলৈ কোৱা হৈছে সিঙক ।

সিঙে ঝাৰখণ্ডতো মাওবাদী সমস্যাৰ সৈতে মোকাবিলা কৰিছিল । এসময়ত সিং ঝাৰখণ্ড অঞ্চলৰ চি আৰ পি এফৰ আৰক্ষী মহাপৰিদৰ্শক পদতো অধিষ্ঠিত হৈছিল । ইয়াৰোপৰি, ৰাজীৱ সিঙে চি বি আইৰ সৈতেও কাৰ্যনিৰ্বাহ কৰিছিল । সংঘাতপূৰ্ণ ক’ছ’ভ’ত ৰাষ্ট্ৰসংঘৰ শান্তিৰক্ষী বিষয়া হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল সিঙে ।

ত্ৰিপুৰাত বিভিন্ন পদত থকা সময়ছোৱাত ৰাজীৱ সিঙে ইয়াৰ পূৰ্বে ৰাজ্যখনৰ উগ্ৰপন্থীৰ আত্মসমৰ্পণৰ ক্ষেত্ৰত বিশেষ ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হৈছিল । সিঙে অগ্নিনিৰ্বাপক আৰু জৰুৰীকালীন সেৱাৰ সঞ্চালক হিচাপেও কাম কৰিছিল । ইয়াৰ উপৰিও তেওঁ ত্ৰিপুৰাত অতিৰিক্ত আৰক্ষী সঞ্চালক প্ৰধান (আইন-শৃংখলা) পদত অধিষ্ঠিত আছিল ।

উল্লেখ্য যে, মঙলবাৰে উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ঘটনা সন্দৰ্ভত কোনো আৰক্ষীক দোষী সাব্যস্ত কৰা হৈছে নেকি বুলি প্ৰশ্ন তুলিছিল । ইয়াৰোপৰি, সংঘাত অব্যাহত থকা সময়ছোৱাত ডিজিপিয়ে পৰিস্থিতি সন্দৰ্ভত অৱগত আছিলনে আৰু ডিজিপিৰ দায়িত্ব পালন কৰিছিলেনে বুলিও প্ৰশ্নৰ অৱতাৰণা কৰিছিল উচ্চতম ন্যায়ালয়ে ? প্ৰাথমিক তথ্যৰ ভিত্তিত এজাহাৰ ৰুজু আৰু তদন্তৰ ক্ষেত্ৰত যথেষ্ট ব্যৱধান পৰিলক্ষিত হোৱা বুলি শীৰ্ষ আদালতে কয় ।

উল্লেখ্য যে, ভাৰতৰ মুখ্য ন্যায়াধীশ ডি ৱাই চন্দ্ৰচূড়ৰ নেতৃত্বত আৰু ন্যায়াধীশ জে বি পাৰ্দিৱালা আৰু মনোজ মিশ্ৰক লৈ গঠিত বিচাৰপীঠে মঙলবাৰে আদালতে মণিপুৰৰ হিংসাৰ তদন্তৰ বাবে উচ্চ ন্যায়ালয়ৰ প্ৰাক্তন ন্যায়াধীশৰ দ্বাৰা এখন সমিতি গঠনৰ বাবে চিন্তা-চৰ্চা কৰি আছে বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক : SC Slams Manipur Police : মণিপুৰ আৰক্ষীক তীব্ৰ সমালোচনা উচ্চতম ন্যায়ালয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.