ETV Bharat / bharat

Bomb blast in Imphal : ইম্ফলত বোমা বিস্ফোৰণত আহত এজন

author img

By

Published : May 14, 2022, 12:22 PM IST

শুকুৰবাৰে সন্ধিয়া পূৱ ইম্ফলৰ টেলিপতিত এক বোমা বিস্ফোৰণ(Bomb blast in Imphal) ৰ ঘটনা সংঘটিত হয় ৷ টেলিপতিত থকা এটা দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত এই বোমা বিস্ফোৰণত এগৰাকী লোক আহত(One person injured in bomb blast) হয় ৷

one-person-injured-in-a-bomb-blast-in-imphal
ইম্ফলত বোমা বিস্ফোৰণ

ইম্ফল, 14 মে’: পূৱ ইম্ফলৰ টেলিপতিত বোমা বিস্ফোৰণ(Bomb blast in Imphal) ৷ শুকুৰবাৰে সন্ধিয়া এটা দুৰ্গা মন্দিৰৰ সমীপত সংঘটিত হয় এই বোমা বিস্ফোৰণ ৷ বিস্ফোৰণটোত এগৰাকী লোক আহত(One person injured in bomb blast) হোৱা বুলি জানিব পৰা গৈছে ৷ আঘাতপ্ৰাপ্ত লোকগৰাকী 30 বছৰীয়া সুবৰ প্ৰসাদ বুলি চিনাক্ত কৰা হৈছে ৷

আহত ব্যক্তিগৰাকীক ততালিকে স্থানীয় লোক আৰু আৰক্ষীৰ সহায়ত চিকিৎসা প্ৰদানৰ অৰ্থে জৱাহৰলাল চিকিৎসা বিজ্ঞান প্ৰতিষ্ঠান চমুকৈ JNIMS লৈ প্ৰেৰণ কৰা হয় ৷ সম্প্ৰতি ব্যক্তিগৰাকীৰ স্বাস্থ্যৰ অৱস্থা সুস্থিৰ বুলি জানিব পৰা গৈছে ৷

এই বিস্ফোৰণৰ খবৰ পোৱা মাত্ৰকে ঘটনাস্থলীত উপস্থিত হয় আৰক্ষী পৰিদৰ্শক(IGP) থেমথিং মাচাংভা, জিলা আৰক্ষী অধীক্ষকৰ সৈতে এটা উচ্চপদস্থ দল ৷ আৰক্ষীৰ দলটোৱে ঘটনাস্থলীত উপস্থিত হৈ পৰিস্থিতিৰ বুজ লয় ৷ অৱশ্যে এতিয়ালৈকে কোনো উগ্ৰপন্থী সংগঠনে ইয়াৰ দায়িত্ব স্বীকাৰ কৰা নাই ৷

উল্লেখ্য যে, কিছুদিন পূৰ্বেও ইম্ফলত সংঘটিত হৈছিল আন দুটা আইইডি বিস্ফোৰণৰ ঘটনা ৷

লগতে চাওক : Manipur IED blast : মণিপুৰৰ ৰাজধানী ইম্ফলত পুনৰ IED বিস্ফোৰণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.