ETV Bharat / bharat

Encounter With Naxalites: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে সংঘৰ্ষত নিহত নক্সালবাদী

author img

By ETV Bharat Assamese Team

Published : Aug 27, 2023, 9:13 PM IST

Encounter With Naxalites In Chhattisgarh
Encounter With Naxalites In Chhattisgarh

ছত্তিশগড়ত নিৰাপত্তাবাহিনীৰে সংঘৰ্ষত নিহত নক্সালবাদী ৷ নিহত নক্সালবাদীটোৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাবাহিনীৰ দলে ।

নিউজ ডেস্ক, ১৭ আগষ্ট: ছত্তিশগড়ত ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে দেওবাৰে যৌথভাৱে অভিযান চলাই এটা নক্সালবাদীক নিধন কৰাৰ লগতে বহু পৰিমাণৰ অস্ত্ৰ-শস্ত্ৰ উদ্ধাৰ কৰে ৷ ছত্তিশগড়ৰ ধমতৰী বৰৈ থানা এলেকাৰ নক্সাল প্ৰভাৱিত গাওঁ কৰিপানীৰ বনাঞ্চলত ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীৰ এনকাউণ্টাৰত নিহত হয় নক্সালবাদীটোৰ । নিহত নক্সালবাদীটোৰ পৰিচয় বৰ্তমান পৰ্যন্ত জানিব পৰা হোৱা নাই ৷ সম্প্ৰতি অঞ্চলটোত তালাচী অভিযান তীব্ৰতৰ কৰি তুলিছে নিৰাপত্তাবাহিনীৰ দলে ।

নিহত নক্সালবাদীটোৰ পৰা ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে অস্ত্ৰ-শস্ত্ৰৰ লগতে নক্সালবাদী সাহিত্য, ইউনিফৰ্ম আৰু আন বহু সামগ্ৰী উদ্ধাৰ কৰা বুলি জানিব পৰা হৈছে ৷ অতি শীঘ্ৰে এই বিষয়ত আৰক্ষীয়ে ডাঙৰ তথ্য প্ৰকাশ কৰাৰ সম্ভাৱনা আছে ৷ জানিব পৰা মতে, ধমতৰী আৰু গৰিয়াবন্দৰ জিলা নিৰাপত্তাবাহিনীয়ে দেওবাৰে পুৱা যৌথভাৱে অভিযান চলোৱা সময়তে কৰিপানীৰ অৰণ্যত নক্সালবাদীৰ এটা দলৰে সংঘৰ্ষ হয় । দুয়ো পক্ষৰ মাজত প্ৰচণ্ড গুলীচালনা হয় ৷ সুযোগ বুজি নক্সালবাদীৰ দলটো গভীৰ অৰণ্যৰ মাজলৈ পলায়ন কৰিবলৈ সক্ষম হয় যদিও এই গুলীচালনাৰ ঘটনাত এটা নক্সালবাদীৰ মৃত্যু হয় ৷

নিৰাপত্তাবাহিনীৰ দলে মৃত নক্সালবাদীটোৰ মৃতদেহ মৰণোত্তৰ পৰীক্ষাৰ বাবে জিলা চিকিৎসালয়লৈ প্ৰেৰণ কৰিছে । উল্লেখ্য যে, নক্সালবাদী কৰিডৰ হিচাপে চিহ্নিত এই বৰৈ অঞ্চল ৷ যাৰবাবে সময়ে সময়ে সেনা-নিৰাপত্তাবাহিনীৰ দলে এই অঞ্চলত অভিযান অব্যাহত ৰাখে ৷ ধমতাৰীৰ লগতে চুবুৰীয়া জিলা কাংকেৰ, গৰিয়াবন্দ আৰু ওড়িশা সীমান্তত সক্ৰিয় হৈ আছে নক্সালবাদীৰ কামাণ্ডাৰ সত্যম গাৱাড়ে ।

ওড়িশা আৰু অন্ধ্ৰপ্ৰদেশলৈ যাবলৈ নক্সালবাদী কৰিডৰ হিচাপে ধমতৰীৰ বৰৈ অঞ্চল ব্যৱহাৰ কৰা হয় । এই ক্ষেত্ৰত গোব্ৰা দলাম, সীতা নদী দলামৰ লগতে মীনপুৰ আঞ্চলিক সমিতিও সক্ৰিয় হৈ আছে । সূত্ৰৰ পৰা জানিব পৰা মতে, অতি স্পৰ্শকাতৰ নক্সাল প্ৰভাৱিত গাঁৱত নক্সালবাদী সভা অনুষ্ঠিত হয় আৰু গাঁৱবাসীক বিপথে পৰিচালিত কৰি তেওঁলোকৰ সংগঠনত যোগদান কৰে । সেইবাবেই চি আৰ পি এফ কমাণ্ডাৰে নিজেই এই অঞ্চলবোৰত ফ্ৰণ্টৰ কাম-কাজ তদাৰক কৰে আৰু ধাৰাবাহিকভাৱে অভিযান অব্যাহত ৰাখে ।

লগতে পঢ়ক: NIA team raid: নক্সালবাদীক উৎখাতৰ লক্ষ্যৰে বিহাৰৰ এখন গাঁৱত NIA ৰ জোৰদাৰ অভিযান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.