ETV Bharat / bharat

NIA team raid: নক্সালবাদীক উৎখাতৰ লক্ষ্যৰে বিহাৰৰ এখন গাঁৱত NIA ৰ জোৰদাৰ অভিযান

author img

By

Published : Aug 19, 2023, 2:55 PM IST

বিহাৰৰ ছাপ্ৰাত এন আই এৰ অভিযান । মাৰহাউৰাৰ আৱাৰী গাঁৱৰ বাসিন্দা বাবুলাল মাহাতোক নক্সাল সংগঠনৰ সৈতে সম্পৰ্ক থকাৰ সন্দেহত চলাই এই অভিযান । দলটোৱে এই বিষয়ে কিছুমান নথিপত্ৰও লাভ কৰিছে ।

NIA raid in bihar
বিহাৰৰ চাৰণ জিলাত এন আই এৰ অভিযান

নেশ্য়নেল ডেস্ক, ১৯ আগষ্ট: বিহাৰৰ চাৰণ জিলাৰ মাৰহৌৰা আৰক্ষী থানাৰ অন্তৰ্গত আৱাৰী গাঁৱত নক্সাল সংগঠনৰ সদস্যৰ সন্ধানত এন আই এৰ দল এটাই শুকুৰবাৰে নিশা তীব্ৰ অভিযান চলায় । এন আই এৰ দলটোৱে অঞ্চলটোত নিশালৈকে কেইবাঘন্টা ধৰি অভিযান আৰু অনুসন্ধান অব্যাহত ৰাখে যদিও এই বিষয়ে কোনেও অৱগত হোৱা নাছিল । আনকি মাৰহৌৰা আৰক্ষী থানাও এই বিষয়ে অৱগত নাছিল । উল্লেখ্য় যে এন আই এৰ দলটোৱে মাৰহৌৰাৰ আৱাৰী গাঁৱৰ বাসিন্দা বাবুলাল মাহাতোৰ ঘৰত এই সন্দৰ্ভত তালাচী চলায় ।

তথ্য অনুসৰি, বাবুলালক নক্সাল সংগঠনৰ সদস্যৰ সন্দেহত এন আই এৰ দলটোৱে সোধা-পোছা কৰে । নক্সাল সংগঠনটোৰ ৰচিদ বাবুলালৰ ঘৰৰ পৰা উদ্ধাৰ হোৱাৰ পিচত কেনেকৈ আৰু কি পৰিস্থিতিত এই ৰচিদ তেওঁৰ ওচৰলৈ আহিল সেইবিষয়ে দলটোৱে জানিবলৈ চেষ্টা কৰিছে। মাৰহৌৰাৰ আৱাৰীৰ বাসিন্দা বাবুলাল মাহাতো আৰু সন্দেহযুক্ত মাওবাদী নেতাৰ বিষয়ে জানিবলৈকে তেওঁৰ ঘৰত এন আই এৰ দলে কেইবা ঘণ্টা ধৰি তালাচী চলায় ।

এই অনুসন্ধানৰ সময়ত, নিষিদ্ধ নক্সাল সংগঠনৰ পাঁচখন বাহন,তেওঁলোকৰ ম'বাইল আৰু ডায়েৰীও জব্দ কৰা হৈছে । তদন্তকাৰী দলে এইবোৰ লৈ গৈ ইয়াৰ বিষয়ে তথ্য় লাভৰ বাবে তদন্ত আৰম্ভ কৰিছে । ইপিনে,স্থানীয় ৰাইজে কয় যে বাবুলাল মাহাতো এটা দৰিদ্ৰ পৰিয়ালৰ লোক । তেওঁ কৃষি আৰু মীন পালন কৰে আৰু এটা সৰু মাটিৰ ঘৰত বাস কৰে । কিন্তু এনআইএ দলটোৱে তেওঁক দীৰ্ঘদিন ধৰি সোধা-পোছা কৰি আহিছে ।

উল্লেখ্য় যে এন আই এৰ দলটোৱে মাৰহাউৰা আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত দেৱ বহুয়াৰা গাঁৱৰ ওপৰত বিশেষ দৃষ্টি ৰাখিছে । কিয়নো এই গাওঁখনৰ দুজন যুৱক জাভেদ আৰু মুস্তাকক সন্ত্ৰাসবাদী সংগঠনসমূহক অস্ত্ৰ সৰবৰাহ কৰাৰ বাবে গ্ৰেপ্তাৰ হৈছে । ইয়াৰ পিচতেই এন আই এৰ দলে ইয়াত কেইবাবাৰো অভিযান চলাইছে ।

লগতে পঢ়ক:TM CM on Lankan Naval attacks : মোডী চৰকাৰৰ দিনত মাছমৰীয়াৰ ওপৰত বৃদ্ধি পাইছে শ্ৰীলংকা নৌসেনাৰ আক্ৰমণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.