ETV Bharat / bharat

Drugs seized : ৪৭ কোটি মূল্যৰ ড্ৰাগছ জব্দ ত্ৰিপুৰা সীমান্তত

author img

By

Published : Oct 12, 2022, 1:41 PM IST

Drugs
Drugs

তালাচী অভিযানত ৪৭.৪ কোটি টকা মূল্যৰ ড্ৰাগছখিনি ধৰা পৰে (Heroin seized worth rs 47 crores in border) । ৯.৪৭৭ কিলোগ্ৰাম ওজনৰ ৭৬৪ টা চাবোনৰ কেছত ভৰাই অনা ড্ৰাগছখিনি তালাচীৰ সময়ত ধৰা পৰে । বিএছএফৰ সূত্ৰত এই কথা প্ৰকাশ ।

আগৰতলা, ১২ অক্টোবৰ : বিএছএফ (BSF) আৰু অসম আৰক্ষীৰ (Assam Police) যুটীয়া অভিযানত বৃহৎ সফলতা । অসম আৰক্ষীৰ সৈতে বিএছএফে চলোৱা এই অভিযানত অসম-ত্ৰিপুৰা সীমান্তত জব্দ কৰে ৪৭ কোটি টকা মূল্যৰ বৃহৎ পৰিমাণৰ ব্ৰাউন ছুগাৰ (Assam Police and BSF seized brown sugar) ।

জানিব পৰা মতে, এই নিষিদ্ধ নিচাযুক্ত সামগ্ৰীখিনি মিজোৰামৰ পৰা আহিছিল (drugs seized in Assam Tripura border) । উল্লেখ্য, মঙলবাৰে এক গোপন খবৰৰ ভিত্তিত এই অভিযান চলোৱা হৈছ্ল । বিএছএফৰ প্ৰেছ বিবৃতি অনুসৰি, মিজোৰামৰ পৰা এখন ট্ৰাকত কৰিমগঞ্জ হৈ ত্ৰিপুৰা অভিমুখে সৰবৰাহ কৰা হৈছিল নিচাজাতীয় সামগ্ৰী ড্ৰাগছখিনি (হেৰ'ইন বুলি সন্দেহ কৰা হৈছে) ।

অবৈধভাৱে সৰবৰাহ কৰা এই ড্ৰাগছখিনি সম্পৰ্কে বিএছএফে লাভ কৰা নিৰ্দিষ্ট তথ্যৰ ভিত্তিত ১১ অক্টোবৰত উক্ত ড্ৰাগছখিনিৰ বিৰুদ্ধে বিএছএফে আসম আৰক্ষীৰ সপ্তম বেটেলিয়নৰ সৈতে এক যুটীয়া অভিযান চলায় । উক্ত অভিযানত সহযোগ কৰে কৰিমগঞ্জ আৰক্ষীৰ লগতে মিজোৰাম আৰু কাছাৰ সীমান্তৰ বিএছএফে (BSF drive against Narcotics) ।

"যুটীয়া অভিযানকাৰী দলটোৱে নিশা ১ বজাত নিউ কৰিমগঞ্জ ৰে'ল ষ্টেচনৰ ওচৰত এএছ-১১- বিচি-৭৯৭৫ নম্বৰৰ ট্ৰাকখনত তালাচী চলায় । উক্ত তালাচী অভিযানত ৪৭.৪ কোটি টকা মূল্যৰ ড্ৰাগছখিনি ধৰা পৰে (Heroin seized worth rs 47 crores in border) । ৯.৪৭৭ কিলোগ্ৰাম ওজনৰ ৭৬৪ টা চাবোনৰ কেছত ভৰাই অনা ড্ৰাগছখিনি তালাচীৰ সময়ত ধৰা পৰে ।" বিএছএফৰ সূত্ৰত এই কথা প্ৰকাশ ।

উল্লেখ্য, উক্ত সন্দেহযুক্ত হেৰ'ইনখিনি ট্ৰাকখনৰ কেবিনৰ ভিতৰৰ চিলিঙত এটা গোপন গহ্বৰত ভৰাই সৰবৰাহ কৰিছিল । ট্ৰাকখনৰ পৰা উদ্ধাৰ হোৱা উক্ত ড্ৰাগছখিনি জব্দ কৰাৰ লগতে ট্ৰাকচালকজনক আটক কৰা হয় ।" আটকাধীন ট্ৰাক চালকজনৰ সৈতে জব্দ কৰা সামগ্ৰীসমূহ বৰ্তমান কৰিমগঞ্জ আৰক্ষীৰ জিম্মাত আছে । পৰৱৰ্তী আইনী ব্যৱস্থা গ্ৰহণৰ বাবে অপেক্ষা কৰি থকা হৈছে ।

লগতে পঢ়ক :President Murmu to visit Tripura : ৰাষ্ট্ৰপতিৰ আগমনক লৈ কটকটীয়া নিৰাপত্তা ত্ৰিপুৰাত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.