ETV Bharat / bharat

পঞ্জাৱত মুকলি 75 খন আম আদমী ক্লিনিক

author img

By

Published : Aug 15, 2022, 6:58 PM IST

Aam Aadmi Clinics
পঞ্জাৱত মুকলি 75 খন আম আদমী ক্লিনিক

সোমবাৰে পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে গুৰু নানক ষ্টেডিয়ামত আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত উত্তোলন কৰে ৰাষ্ট্ৰীয় পতাকা (76th Independence day of India) ৷ উক্ত কাৰ্যসূচীতে দেশৰ স্বাধীনতাৰ 75 বৰ্ষপূৰ্তি উপলক্ষে ৰাজ্যৰ জনসাধাৰণৰ বাবে 75 খন আম আদমী ক্লিনিক মুকলি কৰে ৷

নেশ্যনেল ডেস্ক, 15 আগষ্ট : আজি সমগ্ৰ দেশবাসীয়ে উদযাপন কৰিছে 76 সংখ্যক স্বাধীনতা দিৱস (76th Independence day of India) ৷ স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে ৰাজ্যৰ জনগণৰ বাবে মুকলি কৰে এক বিশেষ সেৱা ৷ এই সেৱা অনুসৰি ৰাজ্যখনৰ জনসাধাৰণৰ হকে 75 খন ‘‘আম আদমী ক্লিনিক’’ মুকলি কৰে (Punjab CM Mann Launches 75 Aam Aadmi Clinics)৷

সোমবাৰে পঞ্জাৱৰ গুৰু নানক ষ্টেডিয়ামত আয়োজিত এক ৰাজ্যিক পৰ্যায়ৰ অনুষ্ঠানত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰি মানে কয়, ‘‘এই মহল্লা ক্লিনিকসমূহৰ জৰিয়তে বিনামূলীয়াকৈ প্ৰায় 100 প্ৰকাৰৰ বিভিন্ন পৰীক্ষা কৰিব পৰা যাব ৷ লগতে ইয়াত ৰোগীসকলক কোনো খৰচ বহন নকৰাকৈ ঔষধ প্ৰদান কৰিব । আনকি এই প্ৰতিটো ক্লিনিকত থাকিব চাৰিজন কৰ্মচাৰী ৷ ইয়াৰে ভিতৰত এজন MBBS চিকিৎসক আৰু এজন লেবৰেটৰী টেকনিচিয়ান থাকিব’’ ৷

উক্ত কাৰ্যসূচীতে ভাষণ প্ৰসংগত তেওঁ কয়, ‘‘আজি আমি স্বাধীনতাৰ 75 বছৰ উপলক্ষে ৰাজ্যবাসীৰ বাবে 75 খন মহল্লা ক্লিনিক মুকলি কৰিছো ৷ আগন্তুক দিনত এনে ধৰণৰ আৰু অধিক ক্লিনিক মুকলি কৰা হ’ব ৷ আমি পঞ্জাৱত মহল্লা ক্লিনিক স্থাপনৰ প্ৰতিশ্ৰুতি দিছিলো ৷ সেই প্ৰতিশ্ৰুতি আজি পূৰণ হ’ল’’ ৷

উল্লেখ্য যে, স্বাধীনতা দিৱসৰ এই কাৰ্যসূচীত পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানে তেওঁৰ চৰকাৰৰ দিনত সুচাৰুৰূপে হোৱা ভিন্ন কাম যেনে - এজন বিধায়ক, এক পেঞ্চন আৰু বিনামূলীয়া বিদ্যুৎ আদি ভিন্ন খতিয়ানবোৰো জনসাধাৰণৰ আগত দাঙি ধৰে ৷

লগতে পঢ়ক : ৩ দুৰ্নীতিগ্ৰস্ত বিষয়াক নিলম্বন পঞ্জাৱৰ মুখ্যমন্ত্ৰী ভগৱন্ত মানৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.