ETV Bharat / bharat

নগা উগ্ৰপন্থীয়ে হত্যা কৰিছিল অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেনক

author img

By PTI

Published : Dec 29, 2023, 5:28 PM IST

Arunachal ex MLA killing
উগ্ৰপন্থীয়ে হত্যা কৰিছিল অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেনক

Yumsen Matey killing: অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটৰ হত্যাকাণ্ডৰ নতুন তথ্য পোহৰলৈ আহিছে । নেতাগৰাকীক এনএছচিএন-কেৰ য়ুং আং গোটে হত্যা কৰাৰ কথা স্বীকাৰ কৰিছে । সংগঠনটোৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰাৰ অভিযোগ উত্থাপন কৰিছে সশস্ত্ৰ সংগঠনটোৱে ।

নেশ্যনেল ডেস্ক,২৯ ডিচেম্বৰ : অৰুণাচল প্ৰদেশত প্ৰাক্তন বিধায়ক য়ামচেন মেটক নিষিদ্ধ উগ্ৰপন্থী সংগঠন এনএছচিএন-কেৰ য়ুং অং গোটে হত্যা কৰিছিল । সংগঠনটোৱে ইতিমধ্যে বিধায়কগৰাকীক হত্যাৰ দায়িত্ব স্বীকাৰ কৰিছে ।

এই মাহৰ আৰম্ভণিতে অৰুণাচল প্ৰদেশৰ কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটক হত্যা কৰা হৈছিল । কংগ্ৰেছৰ প্ৰাক্তন বিধায়কগৰাকীক ১৬ ডিচেম্বৰত ভাৰত-ম্যানমাৰ সীমান্তৰ টিৰাপ জিলাৰ ৰাহো গাঁৱত বন্দুকধাৰীয়ে গুলীয়াই হত্যা কৰিছিল । বৃহস্পতিবাৰে সংগঠনটোৱে জাৰি কৰা এক বিবৃতিত কোৱা হৈছে যে মেটক 'এনএছচিএন বিৰোধী কাৰ্যকলাপত সক্ৰিয়ভাৱে জড়িত থকাৰ বাবে হত্যা কৰা হৈছিল । তেওঁ অৰুণাচল প্ৰদেশৰ টিৰাপ জিলাত এনএছচিএন বিৰোধী প্ৰচাৰ চলাই আছিল । তেওঁ এনএছচিএন/জিপিআৰএনৰ বিৰুদ্ধে ষড়যন্ত্ৰ কৰিছিল বুলিও সংগঠনটোৱে দাবী কৰিছে ।

বিবৃতিত লগতে কোৱা হৈছে যে যোৱা কেইবছৰমান ধৰি এনএছচিএন/জিপিআৰএন-এ বিধায়কগৰাকীৰ অপকৰ্মবোৰ উপেক্ষা কৰি সৰ্বাধিক ধৈৰ্য্য ধৰি আহিছিল যাতে নগা জনসাধাৰণৰ স্বাৰ্থত অবাঞ্ছিত পৰিস্থিতি পৰিহাৰ কৰিব পৰা যায় । সংগঠনটোৰ মতে সতৰ্কবাণী স্বত্বেও বিধায়কগৰাকীয়ে তেওঁৰ অবৈধ কাৰ্যকলাপ অব্যাহত ৰাখিছিল আৰু এনএছচিএন/জিপিআৰএনক এই চৰম পদক্ষেপ ল'বলৈ প্ৰৰোচিত আৰু বাধ্য কৰিছিল ।

সংগঠনটোৱে লগতে কৈছে যে এই ঘটনাটোৰ আগন্তুক অৰুণাচল প্ৰদেশ ৰাজ্যিক বিধানসভা নিৰ্বাচনৰ সৈতে কোনো প্ৰকাৰে সম্পৰ্ক নাই । জানিব পৰা মতে প্ৰাক্তন বিধায়কগৰাকীয়ে তেওঁৰ ৩ সমৰ্থকৰ সৈতে কিছু ব্যক্তিগত কামৰ বাবে গাঁৱলৈ গৈছিল । তেতিয়াই তেওঁক গুলীয়াই হত্যা কৰা হৈছিল ।

য়ামচেন মেটয়ে ২০০৯ চনত কংগ্ৰেছৰ টিকটত খোনচা পশ্চিম বিধানসভা সমষ্টিৰ পৰা বিধায়ক হিচাপে নিৰ্বাচিত হৈছিল । তেওঁ ২০১৫ চনত বিজেপিত যোগদান কৰিছিল আৰু এই বছৰৰ আৰম্ভণিতে ২০২৪ চনত বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ তেওঁৰ ইচ্ছা প্ৰকাশ কৰিছিল । ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে তেওঁ চাংলাং জিলাত জিলা শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

ৰাজ্য চৰকাৰে ২১ ডিচেম্বৰত তেওঁৰ হত্যাৰ গোচৰটো ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থালৈ (এনআইএ) স্থানান্তৰ কৰাৰ সিদ্ধান্ত লৈছিল । পৰৱৰ্তী সময়ত, ৰাজ্যৰ গৃহ বিভাগে এই বিষয়ত এনআইএক উপযুক্ত নিৰ্দেশনাৰ বাবে গোচৰটো গৃহ মন্ত্ৰালয়লৈ প্ৰেৰণ কৰে । চৰকাৰী তথ্য অনুসৰি, ২০ চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনত বিদ্ৰোহ সম্পৰ্কীয় ২৩৯ গৰাকী লোকৰ মৃত্যুৰ ভিতৰত সৰ্বাধিক টিৰাপ-চাংলাং-লংডিং (টিচিএল) অঞ্চলত ১৮৩ গৰাকী লোকৰ মৃত্যু হোৱাৰ খবৰ পোৱা গৈছে ।

লগতে পঢ়ক :অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটক গুলীয়াই হত্যা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.