ETV Bharat / bharat

অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটক গুলীয়াই হত্যা

author img

By ETV Bharat Assamese Team

Published : Dec 17, 2023, 8:14 AM IST

Updated : Dec 17, 2023, 11:33 AM IST

অৰুণাচলৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটক গুলীয়াই হত্যা ৷ ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী টিৰাপ জিলাৰ ৰাহো গাঁৱত সংঘটিত হয় এই ঘটনা ৷

Yumsem Matey shot dead by suspected militant
অৰুণাচলৰ প্ৰাক্তন বিধায়কক য়ামচেন মেটক গুলীয়াই হত্যা

নিউজ ডেস্ক, ১৭ ডিচেম্বৰ: অৰুণাচল প্ৰদেশৰ এগৰাকী প্ৰাক্তন বিধায়কক শনিবাৰে সন্দেহযুক্ত উগ্ৰপন্থীয়ে গুলীয়াই হত্যা কৰে । ম্যানমাৰ সীমান্তৰ সমীপৱৰ্তী টিৰাপ জিলাৰ ৰাহো গাঁৱৰ সমীপত বিয়লি প্ৰায় ৩ বজাত সংঘটিত হয় এই ঘটনা । টিৰাপ আৰক্ষী অধীক্ষক ৰাহুল গুপ্তাই জনোৱা মতে, কংগ্ৰেছৰ প্ৰাক্তন বিধায়ক য়ামচেন মেটে তেওঁৰ তিনিজন সমৰ্থকৰ সৈতে কোনো ব্যক্তিগত কামৰ বাবে গাঁওখনলৈ গৈছিল ৷ সেই সময়তে কোনোবাই কোনো অজুহাতত তেওঁলোকক হাবিলৈ লৈ গৈছিল আৰু তেওঁলোকৰ ওপৰত গুলীচালনা কৰে । এই আক্ৰমণত ঘটনাস্থলীতে মৃত্যু হয় প্ৰাক্তন বিধায়কগৰাকীৰ ৷

ইফালে এই ঘটনাৰ সম্ভেদ লাভ কৰাৰ পিচতে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে ৷ প্ৰতিৰক্ষা বিভাগৰ এই সূত্ৰই প্ৰাক্তন বিধায়কগৰাকীৰ হত্যাকাণ্ডত এন এছ চি এন-কে ৱাই এ জড়িত থকাৰ সম্ভাৱনা ব্যক্ত কৰিছে । আনহাতে আৰক্ষী অধীক্ষকগৰাকীয়ে এই সন্দৰ্ভত কোনো মন্তব্য কৰাৰ পৰা বিৰত থাকে ।

য়ামচেন মেটে ২০০৯ চনত কংগ্ৰেছৰ টিকটত খোংছা পশ্চিম বিধানসভা সমষ্টিৰ পৰা বিধায়ক নিৰ্বাচিত হৈছিল । ২০১৯ চনত খোংছা পশ্চিম বিধানসভা সমষ্টিৰ নেশ্যনেল পিপলছ পাৰ্টিৰ বিধায়ক টিৰং আবোকে ধৰি আন ১০ জন লোকক সন্দেহযুক্ত উগ্ৰপন্থীয়ে হত্যা কৰিছিল । য়ামচেন মেটে ২০১৫ চনত বিজেপিত যোগদান কৰে আৰু চলিত বৰ্ষৰ আৰম্ভণিতে ২০২৪ চনত বিধানসভা নিৰ্বাচনত অৱতীৰ্ণ হোৱাৰ ইচ্ছা প্ৰকাশ কৰিছিল । তেওঁ ৰাজনীতিত প্ৰৱেশ কৰাৰ পূৰ্বে চাংলাং জিলাত জিলাৰ শিক্ষা বিষয়া হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল ।

টিৰাপ, চাংলাং আৰু লংডিঙত বিদ্ৰোহৰ সমস্যা:

অৰুণাচল প্ৰদেশৰ তিনিখন জিলা, টিৰাপ, চাংলাং আৰু লংডিঙক বিদ্ৰোহৰ সমস্যাৰে জৰ্জৰিত । এই জিলাকেইখনত সশস্ত্ৰ বাহিনী (বিশেষ ক্ষমতা) আইন (AFSPA) বলবৎ হৈ আছে । চৰকাৰী পৰিসংখ্যা অনুসৰি ২০০০ চনৰ মাৰ্চ মাহৰ পৰা ৰাজ্যখনত বিদ্ৰোহ সংক্ৰান্তীয় ২৩৯ টা মৃত্যুৰ ভিতৰত টিৰাপ-চাংলং-লংডিং (TCL) অঞ্চলত ১৮৩ টা সংঘটিত হৈছে ৷ শেহতীয়াকৈ এই অঞ্চলত ধন দাবী আৰু অপহৰণৰ ঘটনা বৃদ্ধি পাইছে । ইফালে টিৰাপ, লংডিং আৰু চাংলাং জিলা ম্যানমাৰৰ সীমান্তত আৱস্থিত । অসম আৰু নাগালেণ্ডৰ বহু নিষিদ্ধ উগ্ৰপন্থীয়ে সীমান্ত এই জিলাকেইখনক ট্ৰেনজিট পথ হিচাপে ব্যৱহাৰ কৰে ৷

লগতে পঢ়ক: মণিপুৰত উদ্ধাৰ বিস্ফোৰক সামগ্ৰী আৰু অস্ত্ৰ-শস্ত্ৰ; দুই অপহৃত শ্ৰমিককো উদ্ধাৰ নিৰাপত্তা বাহিনীৰ

Last Updated : Dec 17, 2023, 11:33 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.