ETV Bharat / bharat

Dalai Lama in Jammu : চীনৰ পৰা মাতৃভূমিক পৃথক কৰিব বিচৰা নাই দালাই লামাই

author img

By

Published : Jul 15, 2022, 10:16 AM IST

চীনৰ পৰা নিজৰ মাতৃভূমিক পৃথক কৰিব বিচৰা নাই যদিও লোকসকলৰ অধিক স্বাধীনতা বিচাৰিছে ধৰ্মগুৰু দালাই লামাই (Dalai Lama demands autonomy of Tibetans)। চীনৰ মানুহে ক্ৰমান্বয়ে উপলব্ধি কৰিছে যে তেওঁ তিব্বতৰ স্বাধীনতা বিচৰা নাই; কিন্তু ইয়াৰ বৌদ্ধ সংস্কৃতিৰ স্বাধীনতা আৰু সংৰক্ষণ বিচাৰিছে । জম্মুত উপস্থিত হৈ সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰে দালাই লামাৰ ।

Dalai Lama in Jammu
চীনৰ পৰা মাতৃভূমিক পৃথক কৰিব বিচৰা নাই দালাই লামাই

নেশ্যনেল ডেস্ক,১৫ জুলাই : তিব্বতীয় ধৰ্মগুৰু দালাই লামাৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য । নিজৰ মাতৃভূমিক চীনৰ পৰা পৃথক কৰিব বিচৰা নাই; কিন্তু লোকসকলৰ অধিক স্বাধীনতা বিচাৰিছে ধৰ্মগুৰুগৰাকীয়ে (Dalai Lama demands autonomy of Tibetans)। জম্মুত উপস্থিত হৈ সংবাদমাধ্যমৰ সন্মুখত এই মন্তব্য কৰে দালাই লামাই । তেওঁ উল্লেখ কৰিছে যে চীনৰ মানুহে ক্ৰমান্বয়ে উপলব্ধি কৰিছে যে তেওঁ তিব্বতৰ স্বাধীনতা বিচৰা নাই; কিন্তু ইয়াৰ বৌদ্ধ সংস্কৃতিৰ স্বাধীনতা আৰু সংৰক্ষণ বিচাৰিছে ।

দালাই লামাই লগতে কয় যে মাত্ৰ কেইজনমান চীনা কট্টৰপন্থীয়ে তেওঁক বিচ্ছিন্নতাবাদী বুলি গণ্য কৰি আছে । হিমাচল প্ৰদেশৰ পাছত বৃহস্পতিবাৰে দালাই লামা জম্মুত উপস্থিত হৈছিল (Dalai Lama in Jammu)। শান্তিৰ নবেল বঁটা বিজয়ী দালাই লামা শুকুৰবাৰে জম্মুৰ পৰা লাডাখ অভিমূখে ৰাওনা হৈছে (Dalai Lama left Jammu for Ladakh)।

লাডাখত তেওঁ প্ৰায় এমাহৰ বাবে থাকিব । য'ত তেওঁ অনুগামীসকলক সাক্ষাৎ কৰাৰ লগতে বিভিন্ন কাৰ্যসূচীত অংশগ্ৰহণ কৰিব । এক দীঘলীয়া বিৰতিৰ অন্তত দালাই লামাই ২০২০ চনৰ জানুৱাৰীত বোধগয়া এৰা পাছত হিমাচল প্ৰদেশৰ মেকল'ডগঞ্জত থকা তেওঁৰ মুখ্য কাৰ্যালয়ৰ বাহিৰত প্ৰথম বাৰৰ বাবে ভ্ৰমণ কৰি আছে ।

বিগত চাৰি বছৰৰ ভিতৰত তিব্বতীয় আধ্যাত্মিক গুৰুৰ এয়া প্ৰথম লাডাখ ভ্ৰমণ । তেওঁ ২০১৮ চনত শেষবাৰৰ বাবে লাডাখ ভ্ৰমণ কৰিছিল । ভাৰত আৰু চীনৰ মাজত কৰ্পছ কমাণ্ডাৰ পৰ্যায়ৰ আলোচনাৰ বাবে মাজত দুদিন বাকী থকাৰ সময়তে তেওঁৰ এই লাডাখ ভ্ৰমণ ।

উল্লেখ্য যে যোৱা ৬ জুলাইত সমগ্ৰ বিশ্বৰ তিব্বতীসকলে চতুৰ্দশ দালাই লামাৰ ৮৭ সংখ্যা জন্মদিন উদযাপন কৰিছিল (87th birthday of Dalai Lama)। তিব্বত চৰকাৰৰ অধীনৰ কেন্দ্ৰীয় তিব্বত প্ৰশাসনে হিমাচল প্ৰদেশৰ ধৰ্মশালাত দালাই লামাৰ জন্মদিনৰ আয়োজন কৰিছিল । ভিক্ষু, সন্ন্যাসী, বিদ্যালয়ৰ শিক্ষাৰ্থী আৰু বিদেশী সমৰ্থকসহ শ শ তিব্বতীয়ে মুখ্য বৌদ্ধ মন্দিৰ চুগলাগখাঙত একত্ৰিত হৈছিল ।

লগতে পঢ়ক :Dalai Lama left Dharamshala: এদিনীয়া ভ্ৰমণসূচীৰে জম্মুলৈ ৰাওনা তিব্বতীয় ধৰ্মগুৰু দালাই লামা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.