ETV Bharat / bharat

ত্ৰিপুৰাত এজন NLFT কেডাৰৰ আত্মসমৰ্পণ

author img

By

Published : Nov 10, 2021, 12:34 PM IST

NLFT cadre surrendered before BSF in Tripura
ত্ৰিপুৰাত এজন NLFT কেডাৰৰ আত্মসমৰ্পণ

ত্ৰিপুৰাত NLFT কেডাৰ ৰাণা বাহাদুৰৰ আত্মসমৰ্পণ । মঙলবাৰে ত্ৰিপুৰাৰ আগৰতলাত সীমান্ত সুৰক্ষা বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰে ৰাণা বাহাদুৰে । শান্তি-সম্প্ৰীতিৰ পথ অনুসৰণ কৰি পূৰ্বে জয়বা কোলাই নামৰ আন এজন কেডাৰেও আত্মসমৰ্পণ কৰিছিল ।

নেশ্যনেল ডেস্ক, ১০ নৱেম্বৰ : ত্ৰিপুৰাত সীমান্ত সুৰক্ষা বাহিনীয়ে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ সহযোগত বিদ্ৰোহী সংগঠনৰ বিৰুদ্ধে অভিযান অব্যাহত ৰাখিছে । সমান্তৰালকৈ সশস্ত্ৰ সংগ্ৰামৰে জড়িত লোকসকলক মূল সুঁতিলৈ উভতাই আনিবলৈ প্ৰয়াস অব্যাহত ৰাখিছে । সীমান্ত সুৰক্ষা বাহিনীৰ ধাৰাবাহিক প্ৰয়াসৰ ফলাফল স্বৰূপে ইতিমধ্যে নিষিদ্ধ ঘোষিত নেশ্যনেল লিবাৰেশ্যন ফ্ৰণ্ট অৱ ত্ৰিপুৰাৰ কেডাৰে শান্তি-সম্প্ৰীতিৰ বাটত খোজ দিছে ।

মঙলবাৰে NLFTৰ এজন কেডাৰে আত্মসমৰ্পণ কৰে । কেডাৰজন ৰাণা বাহাদুৰ ওৰফে ৰোৱাজা বুলি জাানিব পৰা গৈছে । ৫১ বছৰীয়া ৰাণা বাহাদুৰ খোৱাই জিলাৰ অন্তৰ্গত ভক্তোমণিপাৰাৰ বাসিন্দা । ৰাণা বাহাদুৰ সংগঠনটোৰ কেপ্টেইনৰ পদবীত অধিষ্ঠিত আছিল । মঙলবাৰে ইনছপেক্টৰ জেনেৰেল সুশান্ত কুমাৰ নাথ, সীমান্ত সুৰক্ষা বাহিনীৰ জ্যেষ্ঠ বিষয়া আৰু আন আন সংস্থাৰ বিষয়াৰ উপস্থিতিত ৰাণা বাহাদুৰে আত্মসমৰ্পণ কৰে ।

উল্লেখ্য যে, ৰাণা বাহাদুৰে ১৯৯৫ চনত এন এল এফ টি(বিএম)ত যোগদান কৰিছিল আৰু তেতিয়াৰ পৰাই সংগঠনটোৰ সক্ৰিয় সদস্য হৈ আছে । এনএলএফটিৰ কমাণ্ডাৰ ৰাণা বাহাদুৰে ১৯৯৫ চনত সংগঠনটোত যোগদান কৰাৰ পিছৰে পৰা তেওঁৰ পিতৃ-মাতৃকে ধৰি পৰিয়ালৰ কোনো সদস্যক লগ পোৱা নাছিল ।

আনকি, ২০০৬ চনত মাতৃৰ বিয়োগৰ সময়ত আৰু ২০১২ চনত পিতৃৰ দেহাৱসানৰ সময়তে তেওঁ পিতৃ-মাতৃৰ অন্তিম সংস্কাৰৰ ৰীতি-নীতি সম্পন্ন কৰিবলৈ অহা নাছিল । সেই সময়খিনি তেওঁ আৰু তেওঁৰ পৰিয়ালৰ বাবে অতি কঠিন সময় আছিল । ২৫ বছৰতকৈও অধিক সময়ৰ পিছত তেওঁ কনিষ্ঠ ভাতৃ আৰু জ্যেষ্ঠ ভগ্নীক সাক্ষাৎ কৰাৰ সুযোগ পাইছে ।

হিংসাত্মক বিদ্ৰোহী কাৰ্যকলাপ ত্যাগ কৰি শান্তিপূৰ্ণ জীৱন-যাপনৰ বাবে মূলসুঁতিলৈ উভতি অহাৰ বাবে তেওঁ লোৱা পদক্ষেপে নিশ্চিতভাৱে আন বিদ্ৰোহীসকলকো এই পথ অনুসৰণ কৰিবলৈ উৎসাহিত কৰিব । বিগত কেইটামান বছৰত এনএলএফটি(বিএম)ৰ বহু কেডাৰে বিএছএফ আৰু অন্যান্য সামৰিক বাহিনীৰ ওচৰত আত্মসমৰ্পণ কৰিছে । হিংসাৰ পথ ত্যাগ কৰিবলৈ আৰু মূলসূঁতিলৈ উভতি আহিবলৈ কেডাৰসকলে আগ্ৰহী হোৱা দেখা গৈছে ।

উল্লেখ্য যে, এই পৰ্যন্ত এনএলএফটিৰ মুঠ ২৫ জন কেডাৰে বিএছএফ ত্ৰিপুৰাৰ ওচৰত আত্মসমৰ্পণ কৰিছে । যোৱা ১৮ অক্টোবৰত জয়বা কোলাই আত্মসমৰ্পণ কৰিছিল । লগতে ২০১৭ চনত ৫ জন কেডাৰ, ২০১৮ বৰ্ষত ১২ জন, ২০১৯ চনত বৰ্ষত ৩ জন কেডাৰে আৰু ২০২০ চনত ৩ জন কেডাৰে শান্তিৰ পথ বাছি লৈ আত্মসমৰ্পণ কৰিছিল । বিএছএফে ৰাজ্যখনৰ যুৱকসকলক বিদ্ৰোহী সংগঠনত যোগদান নকৰিবলৈ আহ্বান জনাইছে ।

লগতে পঢ়ক:যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰে’ল ষ্টেচনত বোমাতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.