ETV Bharat / bharat

যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰে’ল ষ্টেচনত বোমাতংক

author img

By

Published : Nov 10, 2021, 10:41 AM IST

মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ মীৰাটত উপস্থিত হোৱাৰ পূৰ্বে নিৰাপত্তা ব্যৱস্থা অধিক কটকটীয়া কৰি তোলা হৈছে । ইয়াৰ মাজতে মীৰাট ৰে'ল ষ্টেচনত বোমা বিস্ফোৰণৰ ভাবুকি । কোনে আৰু কেনেকৈ দিলে এই ভাবুকি ?

Meerut railway station
যোগী আদিত্যনাথৰ ভ্ৰমণৰ পূৰ্বে মীৰাট ৰেল ষ্টেচনত বোমাতংক

নেশ্যনেল ডেস্ক,১০ নৱেম্বৰ : ১১ নৱেম্বৰত মীৰাট ভ্ৰমণলৈ যাব উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথ (Yogi Adityanath) । কিন্তু তাৰ পূৰ্বেই সংঘটিত হৈছে এক চাঞ্চল্যকৰ ঘটনা । মীৰাট ৰে’ল ষ্টেচন বোমাৰে ধ্বংস কৰাৰ ভাবুকি প্ৰদান কৰিছে দুৰ্বৃত্তই ।

ডাকযোগে অচিনাক্ত লোকে প্ৰেৰণ কৰিছে ভাবুকি প্ৰদানৰ পত্ৰ । য'ত উল্লেখ আছে যে মীৰাট ৰে’ল ষ্টেচন ধ্বংস কৰি দিয়া হ'ব । এইধৰণৰ ভাবুকি পোৱাৰ লগে লগে সষ্টম হৈছে আৰক্ষী তথা প্ৰশাসন । ৰে'ল বিষয়াই জনোৱা মতে ঘটনা সম্পৰ্কে লগে লগে আৰক্ষীক অৱগত কৰা হৈছে ।

মঙলবাৰে নিশাৰ পৰাই কটকটীয়া নিৰাপত্তা বেষ্টনী গঢ়ি তোলা হৈছে লগতে সকলো তন্নতন্নকৈ পৰীক্ষা কৰা হৈছে । কিন্তু এতিয়ালৈ কোনো সন্দেহজনক সামগ্ৰী বা তথ্য লাভ কৰা নাই আৰক্ষীয়ে । ইফালে পশ্চিম উত্তৰ প্ৰদেশৰ সকলো জিলাতে হাই এলাৰ্ট জাৰী কৰা হৈছে ।

আনহাতে, ৰে'ল ষ্টেচনতো তালাচী অভিযান আৰম্ভ কৰা হয় । ৰে'লসমূহৰো নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে । ৰে'ল বিষয়াসকলে জনোৱা মতে গাজিয়াবাদ, হাপুৰ, বুলন্দচহৰ, চামলি, চাহাৰনপুৰ, মুজাফৰনগৰ, মোৰাদাবাদ আৰু মীৰাটকে ধৰি অন্যান্য জিলাৰ সকলো ষ্টেচনত নিৰাপত্তা ব্যৱস্থা কটকটীয়া কৰা হৈছে ।

লগতে পঢ়ক :কেলেংকাৰীৰ অভিযোগ : অৱশেষত নিৰ্দোষী প্ৰমাণ হ'ল মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.