ETV Bharat / bharat

IM conspiracy case : মুজাহিদীনৰ ষড়যন্ত্ৰমূলক গোচৰত ৪ জনক ১০ বছৰৰ কাৰাদণ্ড

author img

By

Published : Jul 13, 2023, 10:09 AM IST

NIAৰ বিশেষ আদালতে ইণ্ডিয়ান মুজাহিদীন (আইএম)ৰ ষড়যন্ত্ৰমূলক গোচৰত ৪ জনৰ বিৰুদ্ধে কাৰাদণ্ড ঘোষণা কৰে । অভিযুক্তসকলৰ ইণ্ডিয়ান মুজাহিদীনৰ সদস্যৰ সৈতে সম্পৰ্ক আছিল । ৭ জুলাইত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দোষী সাব্যস্ত কৰে ।

IM conspiracy case
মুজাহিদীনৰ ষড়যন্ত্ৰমূলক গোচৰত ৪ জনক ১০ বছৰৰ কাৰাদণ্ড

নেশ্যনেল ডেস্ক,১৩ জুলাই : ৰাষ্ট্ৰীয় অনুসন্ধান সংস্থা চমুকৈ এমআইএৰ বিশেষ আদালতে বুধবাৰে ইণ্ডিয়ান মুজাহিদীন (আইএম)ৰ ষড়যন্ত্ৰমূলক গোচৰত ৪ জনক ১০ বছৰৰ কাৰাদণ্ড প্ৰদান কৰে । সমগ্ৰ ভাৰতত বোমা বিস্ফোৰণত জড়িত থকাৰ লগতে পাক সমৰ্থিত সন্ত্ৰাসবাদীয়ে ৰচনা কৰা ষড়যন্ত্ৰ সম্পৰ্কীয় গোচৰত লোককেইজনক এই শাস্তি প্ৰদান কৰা হয় । জানিব পৰা মতে চাৰিওজন অভিযুক্তই আইএম সদস্যৰ সৈতে ঘনিষ্ঠ সম্পৰ্ক ৰক্ষা কৰি আছিল । তাৰ ভিতৰত আছিল পাকিস্তানৰ মুখ্য অভিযুক্ত ৰিয়াজ ভটকল আৰু ভাৰতৰ য়াছিন ভটকল ।

সন্ত্ৰাসবাদ বিৰোধী সংস্থাটোৱে কয় যে আটাইকেইজন অভিযুক্তই হায়দৰাবাদ আৰু দিল্লীকে ধৰি গুৰুত্বপূৰ্ণ স্থানসমূহক টাৰ্গেট কৰি লৈছিল আৰু বিস্ফোৰক সামগ্ৰীৰ লগতে অস্ত্ৰ-শস্ত্ৰ আৰু গোলাবাৰুদো সংগ্ৰহ কৰিছিল । অভিযুক্ত কেইজন হৈছে বিহাৰৰ দৰভাঙ্গাৰ দানিশ আনছাৰী, পূৰ্ণিয়াৰ আফতাব আলম, মহাৰাষ্ট্ৰৰ নান্দেদৰ ইমৰান খান আৰু তেলেংগানাৰ হায়দৰাবাদৰ ওবাইদ-উৰ-ৰহমান । অভিযুক্তকেইজনক ৭ জুলাইত বেআইনী কাৰ্যকলাপ (প্ৰতিৰোধ) আইনৰ অধীনত দোষী সাব্যস্ত কৰা হৈছিল ।

তেওঁলোকক ২০১৩ চনৰ জানুৱাৰী আৰু মাৰ্চৰ মাজত গ্ৰেপ্তাৰ কৰা হৈছিল । বুধবাৰে ঘোষণা কৰা শাস্তিৰ অধীনত, বিশেষ ন্যায়াধীশে অভিযুক্ত দানিশ আনছাৰীৰ ওপৰত ২,০০০ টকা আৰু আফতাব আলমৰ ওপৰত ১০,০০০ টকাৰ জৰিমনাও আৰোপ কৰে । বিশেষ ন্যায়ালয়ে ইয়াৰ পূৰ্বে এই বছৰৰ ৩১ মাৰ্চত আন ৭ জনৰ সৈতে তেওঁলোকৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিছিল । বাকী ৭ জনক য়াছিন ভটকল, আছাদুল্লা আখটাৰ, জিয়া-উৰ-ৰহমান, তেহচিন আখতাৰ আৰু হাইদৰ আলী বুলি চিনাক্ত কৰা হৈছে ।

তেওঁলোকৰ বিৰুদ্ধে আইনী প্ৰক্ৰিয়া অব্যাহত আছে । এই গোচৰটো ইণ্ডিয়ান মুজাহিদীনৰ সদস্যসকলৰ দ্বাৰা ৰচনা কৰা ষড়যন্ত্ৰৰ সৈতে জড়িত, যি ২০০৬ চনৰ মাৰ্চৰ বাৰাণসী বিস্ফোৰণ, ২০০৬ চনৰ জুলাইৰ মুম্বাই ধাৰাবাহিক বিস্ফোৰণ, ২০০৭ চনৰ নৱেম্বৰত বাৰাণসী, ফৈজাবাদ আৰু লক্ষ্ণৌত উত্তৰ প্ৰদেশ আদালতত ধাৰাবাহিক বিস্ফোৰণ, জয়পুৰ ধাৰাবাহিক বিস্ফোৰণ, ২০০৮ চনত দিল্লী ধাৰাবাহিক বিস্ফোৰণ আৰু আহমেদাবাদ ধাৰাবাহিক বিস্ফোৰণৰ সৈতে সম্পৰ্কিত । ২০১০ চনৰ চিন্নাস্বামী, বেংগালুৰু ষ্টেডিয়াম বিস্ফোৰণ আৰু ২০১৩ চনৰ হায়দৰাবাদৰ দুটা বিস্ফোৰণৰ আঁৰত আইএম আছিল ।

লগতে পঢ়ক :Manipur Violence: ইউৰোপীয়ান সংসদত মণিপুৰৰ হিংসাত্মক ঘটনাৰ বিষয়ে আলোচনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.