ETV Bharat / bharat

স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

author img

By

Published : Sep 8, 2021, 12:01 PM IST

Swachh Bharat Abhiyan
স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰালৈ আৱণ্টন প্ৰায় ৩ লাখ শৌচালয়

স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত সমগ্ৰ দেশতে মুকলিত শৌচ কৰাটো বন্ধ কৰাৰ ক্ষেত্ৰত অধিক গুৰুত্ব প্ৰদান কৰা হৈছিল । যাৰ বাবে দেশৰ প্ৰতিখন ৰাজ্যলৈ শৌচালয় আৱণ্টন দিয়া হৈছিল । তাৰ ভিতৰত ত্ৰিপুৰালৈ আৱণ্টন দিয়া হৈছিল প্ৰায় ৩ লাখ শৌচালয় ।

আগৰতলা,৮ ছেপ্টেম্বৰ : সোমবাৰে ত্ৰিপুৰাৰ গড়কাপ্তানী বিভাগৰ মন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰে সুশান্ত চৌধুৰীয়ে (PWD Minister Sushanta Chowdhury) । দায়িত্ব গ্ৰহণৰ পাছতে মঙলবাৰে স্বচ্ছ ভাৰত অভিযানৰ দ্বিতীয় পৰ্যায়ৰ শুভাৰম্ভণি সন্দৰ্ভত এক বিশেষ কৰ্মশালাত অংশগ্ৰহণ কৰে মন্ত্ৰীগৰাকীয়ে । এছআইপিএআৰডিত আয়োজিত এই কৰ্মশালাত স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায় সন্দৰ্ভত বিশেষ মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

মন্ত্ৰীগৰাকীৰ মতে স্বচ্ছ ভাৰত অভিযানৰ প্ৰথম পৰ্যায়ত ত্ৰিপুৰাক মুঠ ২ লাখ ৯৯ হাজাৰ ৬৫৪ টা শৌচালয় আৱণ্টন দিছিল কেন্দ্ৰীয় চৰকাৰে । ৰাজ্যখনৰ বিভিন্ন প্ৰান্তত ইতিমধ্যে প্ৰায় ১ লাখ ২২ হাজাৰ শৌচালয় নিৰ্মাণ সম্পূৰ্ণ হৈছে । যাৰ বাবে ত্ৰিপুৰাই অ'ডিএফৰ (Open Defecation Free) স্বীকৃতি লাভ কৰিছে ।

কিন্তু মন্ত্ৰীগৰাকীৰ মতে ত্ৰিপুৰা চৰকাৰে ইয়াতে সন্তুষ্ট থাকিলে নহ'ব । তেওঁ আশা কৰা মতে ত্ৰিপুৰাই ইয়াতকৈও ক্ষীপ্ৰতাৰে কাম কৰিব লাগিব আৰু অ'ডিএফ প্লাছৰ (ODF+) মৰ্যাদা লাভ কৰিব লাগিব ।

ইফালে শৌচালয় নিৰ্মাণ প্ৰক্ৰিয়াত ত্ৰিপুৰাই কেৱল অ'ডিএফৰ মৰ্যাদা লাভ কৰাই নহয়, লগতে ৰাজ্যখনত বহু লোকৰ জীৱিকা সৃষ্টিত সহায় কৰিছে । মন্ত্ৰীগৰাকীৰ মতে এই আঁচনিত দৈনিক মজুৰি কৰা লোকসকলে কাম কৰিব পাৰিছে । মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে কেন্দ্ৰীয় চৰকাৰে এইবাৰ ১০ কোটি শৌচালয় স্থাপনৰ লক্ষ্য নিৰ্ধাৰণ কৰিছে ।

ত্ৰিপুৰাৰ বাবেও কেন্দ্ৰীয় চৰকাৰে যথেষ্ট পৰিমাণে শৌচালয় আৱণ্টন কৰিব বুলি আশা প্ৰকাশ কৰে মন্ত্ৰী চৌধুৰীয়ে । অনুষ্ঠানত চৰকাৰৰ কেইবাগৰাকী শীৰ্ষ বিষয়া উপস্থিত থাকে । মুখ্য সচিব কুমাৰ আলোকেও (Chief Secretary Kumar Alok) আঁচনিখনৰ বিভিন্ন দিশৰ ওপৰত আলোকপাত কৰে ।

লগতে পঢ়ক :সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকৰ সকলো দাবী পূৰণ কৰিব চৰকাৰে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.