সৰ্বশিক্ষা অভিযানৰ অধীনৰ শিক্ষকৰ সকলো দাবী পূৰণ কৰিব চৰকাৰে

author img

By

Published : Sep 7, 2021, 5:50 PM IST

SSA teachers

দীৰ্ঘদিন ধৰি সৰ্বশিক্ষা অভিযানৰ অধীনত নিযুক্তি লাভ কৰা শিক্ষকসকলে প্ৰতিবাদ অব্যাহত ৰাখিছে । তেওঁলোকৰ দাবী পূৰণৰ বাবে আদালতৰো কাষ চাপিছে শিক্ষকসকলে । ইয়াৰ মাজতে তেওঁলোকৰ দাবী পূৰণৰ বাবে মান্তি হৈছে চৰকাৰ ।

আগৰতলা,৭ ছেপ্তেম্বৰ : ত্ৰিপুৰাৰ সৰ্বশিক্ষা অভিযানৰ (Sarba Siksha Abhiyan) অধীনত নিয়োগ কৰা শিক্ষকসকলৰ বাবে সু-খবৰ । বঞ্চিত শিক্ষকসকলৰ সকলো দাবী পূৰণৰ বাবে সাজু হৈছে ৰাজ্য চৰকাৰ । আনকি শিক্ষকসকলক আদালতত প্ৰত্যাহ্বান জনোৱাৰ পৰাও বিৰত থাকিব চৰকাৰ ।

ত্ৰিপুৰা উচ্চ ন্যায়ালয়ত (Tripura high court) ৰাজ্য চৰকাৰে সোমবাৰে জনোৱা মতে উচ্চ ন্যায়ালয়ৰ ৰায় অনুসৰি তেওঁলোকৰ প্ৰাপ্যৰ সকলো লাভালাভ অতি সোনকালেই পাব শিক্ষকসকলে । উল্লেখ্য যে আদালতৰ নিৰ্দেশনাৰ ৬ মাহৰ পাছতো চাকৰি নিয়মীয়াকৰণ নোহোৱা শিক্ষকসকলে দাখিল কৰা আবেদনৰ শুনানি গ্ৰহণ কৰি মুখ্য ন্যায়াধীশ এ এ কুৰেশীৰ নেতৃত্বত উচ্চ ন্যায়ালয়ৰ খণ্ড বিচাৰপীঠে এই কথা স্পষ্ট কৰি দিয়ে । পূৰ্বে শিক্ষকসকলৰ আবেদনৰ শুনানি গ্ৰহণ কৰি তেওঁলোকৰ দৰমহা নিয়মীয়াকৰণৰ নিৰ্দেশ দিছিল ।

ইফালে চৰকাৰী পক্ষৰ অধিবক্তাই জনোৱা মতে, ত্ৰিপুৰা চৰকাৰৰ ফালৰ পৰা কোনো এছএলপি (বিশেষ ছুটিৰ আবেদন) স্থানান্তৰ কৰা নহ'ব । ৰাজ্য চৰকাৰে ইতিমধ্যে দুটা গুৰুত্বপূৰ্ণ বিষয়ত শপতনামা দাখিল কৰিছে য'ত কোৱা হৈছে যে, চৰকাৰে আদালতৰ আদেশক প্ৰত্যাহ্বান নজনাই আৰু উচ্চ ন্যায়ালয়ৰ সকলো নিৰ্দেশনা কাৰ্যকৰী কৰিব ত্ৰিপুৰা চৰকাৰে । চৰকাৰে বিষয়টো কেন্দ্ৰীয় চৰকাৰক অৱগত কৰিছে আৰু এক বিশেষ আঁচনি ৰূপায়ণৰ অপেক্ষাত আছে ।

চৰকাৰে বিশেষ আঁচনি প্ৰস্তুতৰ বাবে আদালতৰ পৰা চাৰি সপ্তাহৰ সময়ো বিচাৰিছে । আবেদনকাৰী শিক্ষকসকলৰ অধিবক্তা সোমিক দেৱে জনোৱা মতে, উচ্চ ন্যায়ালয়ে আবেদনখন গ্ৰহণ কৰিছে আৰু পৰৱৰ্তী ৪ অক্টোবৰত শুনানিৰ দিন ধাৰ্য্য কৰিছে । অধিবক্তাগৰাকীয়ে জনোৱা মতে যিহেতু শিক্ষকসকলৰ সমস্যা সমাধানৰ বাবে যথেষ্ট পৰিমাণৰ অৰ্থৰ প্ৰয়োজন হ'ব, সেয়ে চৰকাৰে আদালতৰ ওচৰত সময় বিচাৰিছে ।

লগতে পঢ়ক :আত্মহত্যাৰ বাবে প্ৰৰোচনা : আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ টিএমচি নেত্ৰীক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.