ETV Bharat / bharat

"বৃহত্তৰ টিপ্ৰালেণ্ড" কেৱল নিৰ্বাচনী ৰণ কৌশল আছিল: এন চি দেৱবাৰ্মা

author img

By

Published : Jul 3, 2021, 12:00 PM IST

প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ TIPRA ক উদ্দেশ্যি আক্ৰমণাত্মক মন্তব্য আইপিএফটি(IPFT) প্ৰধান তথা ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মা(N C DEBBARMA)ৰ । কেৱল ভোটৰ আশাতে ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ(TTAADC)ৰ নিৰ্বাচনৰ পূৰ্বে TIPRA ই "বৃহত্তৰ টিপ্ৰালেণ্ড" ৰ স্বপ্ন দেখুৱাইছিল বুলি মন্তব্য কৰিছে ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰীগৰাকীয়ে ।

NC Debbarma's reaction on Greater Tipraland
বৃহত্তৰ টিপ্ৰালেণ্ড সন্দৰ্ভত প্ৰতিক্ৰিয়া এন চি দেৱবাৰ্মাৰ

নেশ্যনেল ডেস্ক, ৩ জুলাই : শেহতীয়াকৈ আইপিএফটি(IPFT) ৰ এজন বিধায়কে দল ত্যাগ কৰাৰ পিছত "বৃহত্তৰ টিপ্ৰালেণ্ড" সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰিছে আইপিএফটি প্ৰধান তথা ত্ৰিপুৰাৰ ৰাজহ মন্ত্ৰী এন চি দেৱবাৰ্মা(N C DEBBARMA)ই । তেওঁৰ মতে, টিআইপিআৰএৰ "বৃহত্তৰ টিপ্ৰালেণ্ড"ৰ দাবী কেৱল নিৰ্বাচনী ৰণ কৌশল আছিল । বৰ্তমান ত্ৰিপুৰাৰ শাসকীয় দলৰ বাবে এক প্ৰকাৰৰ প্ৰত্যাহ্বানস্বৰূপ হৈ পৰা প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মন নেতৃত্বাধীন টিআইপিআৰএৰৰ বিৰুদ্ধে প্ৰথমবাৰৰ বাবে এনেদৰে আক্ৰমণাত্মক মন্তব্য কৰে এন চি দেৱবাৰ্মাই । তেওঁ এসময়ত প্ৰদ্যুৎ কিশোৰ দেৱবৰ্মনৰ ঘনিষ্ঠ আছিল ।

আনকি ত্ৰিপুৰা জনজাতীয় অঞ্চল স্বায়ত্ব শাসিত জিলা পৰিষদ(TTAADC)ৰ নিৰ্বাচনৰ আগতে নৱগঠিত আঞ্চলিক দলটোৰে সৈতে মিত্ৰতাও কৰিছিল । কিন্তু, মাত্ৰ এঘাৰ ঘণ্টাৰ ভিতৰতে এই মিত্ৰতাৰ সম্পৰ্কত ফাঁট মেলে । এই সন্দৰ্ভত এন চি দেৱবাৰ্মাই কয় যে, টি আই পি আৰ এই দুয়োটা দল একেলগ হোৱাটো বিচাৰিছিল আৰু আই পি এফ টিয়ে কেৱল নিৰ্বাচনৰ বাবে মিত্ৰতাৰ সম্পৰ্ক স্থাপন কৰিব বিচাৰিছিল । মতৰ অমিলৰ বাবে মিত্ৰজোঁট ভংগ হয় আই পি এফ টিয়ে বিজেপিৰ সৈতে মিত্ৰতা কৰি নিৰ্বাচনী যুঁজত অৱতীৰ্ণ হোৱাৰ সিদ্ধান্ত লয় বুলি মন্তব্য কৰে দেৱবাৰ্মাই ।

ফোনযোগে ই টিভিৰ সাংবাদিকৰে হোৱা বাৰ্তালাপত এন চি দেৱবাৰ্মাই কয় যে, টিপ্ৰালেণ্ড আৰু নতুনকৈ টি আই পি আৰ এই দাবী জনোৱা বৃহত্তৰ টিপ্ৰালেণ্ডৰ মাজত পাৰ্থক্য আছে । টিপ্ৰালেণ্ডৰ এক ভৌগোলিক পৰিসৰ আছে আৰু এয়া এক ৰাজনৈতিক দাবী । তেওঁৰ মতে, আই পি এফ টিৰ উদ্দেশ্য হৈছে থলুৱা লোকসকলৰ বাবে এখন সম্পূৰ্ণ ৰাজ্য লাভ কৰা আৰু দলটোৱে স্বায়ত্ব শাসন বিচাৰে ।

আনহাতে, বৃহত্তৰ টিপ্ৰালেণ্ডৰ ধাৰণা হৈছে সামাজিক-সাংস্কৃতিক আৰু ভাষিক ক্ষেত্ৰক লৈ গঠিত এনে এক প্ৰতিষ্ঠানৰ দাবী, যিয়ে ত্ৰিপ্ৰাচা লোকসকলৰ স্বাৰ্থ পূৰণ কৰিব । গতিকে বৃহত্তৰ ত্ৰিপ্ৰালেণ্ডৰ দাবী অৰাজনৈতিক যেন লাগিছে বুলি দেৱবাৰ্মাই মন্তব্য কৰে । যিহেতু বৃহত্তৰ টিপ্ৰালেণ্ডৰ কোনো নিৰ্দিষ্ট ভৌগোলিক পৰিসৰ নাই সেয়ে, ইয়াত ভূমি শব্দটো অন্তৰ্ভুক্ত কৰাৰ কোনো যুক্তি নাই তেওঁ সমালোচনা কৰে । তেওঁ কয় যে, এয়া মাথোঁ ভোট লাভ কৰাৰ এক কৌশল ।

তেওঁ লগতে কয় যে, টি আই পি আৰ এ মোথাই তেওঁলোকৰ স্থিতি স্পষ্ট কৰিব লাগে । প্ৰবীণ নেতাগৰাকীয়ে কয় যে, আই পি এফ টিয়ে এতিয়াও টিপ্ৰালেণ্ডৰ দাবী কৰি আছে আৰু ইয়াৰ সৈতে আপোচ কৰাৰ কোনো সম্ভাৱনা নাই। ক্ষমতালৈ অহাৰ পিছত যোৱা তিনি বছৰত আই পি এফ টিয়ে টিপ্ৰালেণ্ডৰ দাবীত কেইবাটাও প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰি আছে বুলিও তেওঁ মন্তব্য কৰে । ইফালে, ব্ৰিচাকেটু দেৱবাৰ্মাৰ পদত্যাগ সন্দৰ্ভত তেওঁ কয় যে, দলে তেওঁৰ সৈতে যোগাযোগ কৰিবলৈ চেষ্টা কৰিছে যদিও যোগাযোগ কৰিব পৰা নাই ।


লগতে পঢ়ক: দিল্লী আদালতে ২৭ জুলাইলৈ স্থগিত ৰাখিলে সুনন্দা পুষ্কৰৰ মৃত্যুৰ গোচৰৰ শুনানি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.