ETV Bharat / bharat

Naxalites killed in encounter: ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা সংঘৰ্ষত মহিলাসহ নিহত তিনি মাওবাদী

author img

By

Published : Nov 26, 2022, 2:10 PM IST

Naxals killed in encounter with security forces in Chhattisgarhs Bijapur
ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰে হোৱা মাওবাদী সংঘৰ্ষত মহিলাসহ নিহত তিনি মাওবাদী

ছত্তীশগড়ত নিৰাপত্তাৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ ৷ এগৰাকী মহিলাসহ তিনিজন মাওবাদী নিহত হয় এই সংঘৰ্ষত l (Naxalites killed in encounter with security forces)।

নেশ্যনেল ডেস্ক, ২৬ নৱেম্বৰ: ছত্তীশগড়ৰ বিজাপুৰ জিলাৰ মিৰতুৰ থানা এলেকাৰ অন্তৰ্গত পোমাৰা বনাঞ্চলত নিৰাপত্তাৰক্ষীৰ সৈতে মাওবাদীৰ সংঘৰ্ষ ৷ সংঘৰ্ষত এগৰাকী মহিলাসহ তিনিজন মাওবাদী নিহত হয় (Naxalites killed in encounter with security forces)। নিৰাপত্তা বাহিনীয়ে সেই স্থানৰ পৰা বহুসংখ্যক ৰাইফলৰ লগতে অস্ত্ৰ-শস্ত্ৰও উদ্ধাৰ কৰে ।

বিজাপুৰৰ আৰক্ষী অধীক্ষক অঞ্জনেয়া বাৰ্ষণীয়ে জনোৱা মতে, ভৈৰামগড় আঞ্চলিক সমিতিৰ প্ৰায় ৪০ জন মাওবাদী পোমৰা বনাঞ্চলত থকাৰ খবৰ লাভ কৰিছিল (Pomara forests under Mirtur police station ) ৷ খবৰৰ ভিত্তিত শুকুৰবাৰে সন্ধিয়া চি আৰ পি এফ, ডি আৰ জি আৰু এছ টি এফ বাহিনীৰ এটা যৌথ দলে মাওবাদী বিৰোধী অভিযানত ওলাই গৈছিল । ইয়াৰ পিছতে আজি পুৱা নিৰাপত্তাৰক্ষী আৰু মাওবাদীৰ মাজত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী ।

এই সংঘৰ্ষত এগৰাকী মহিলাকে ধৰি তিনিজন মাওবাদী নিহত হোৱাৰ লগতে সেই স্থানৰ পৰা উদ্ধাৰ হয় বহু পৰিমানৰ অস্ত্ৰ-শস্ত্ৰ (Naxalites killed in encounter) ৷ আৰক্ষী অধীক্ষক ভাৰ্ছনীয়ে কয় যে বৰ্তমানেও মাওবাদীৰ বিৰুদ্ধে অভিযান চলি আছে ।

লগতে পঢ়ক: Pak intruder shot dead: জম্মু কাশ্মীৰত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.