Pak intruder shot dead: জম্মু কাশ্মীৰত নিহত পাকিস্তানী অনুপ্ৰৱেশকাৰী

author img

By

Published : Nov 22, 2022, 12:31 PM IST

JK: Pak intruder shot dead, another arrested along IB

মঙলবাৰে জম্মু-কাশ্মীৰত নিহত হয় এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী ৷ সীমান্তৰ সিপাৰৰ পৰা অনুপ্ৰৱেশৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা গুলীচালনাত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে গ্ৰেপ্তাৰ হয় আন এজন অনুপ্ৰৱেশকাৰী (BSF on Pakistani intruder shot dead) ৷

নেশ্যনেল ডেস্ক, 22 নৱেম্বৰ: মঙলবাৰে জম্মু-কাশ্মীৰত নিহত হয় এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী ৷ সীমান্তৰ সিপাৰৰ পৰা ভাৰতত অনুপ্ৰৱেশৰ সময়তে সীমান্ত সুৰক্ষা বাহিনীয়ে কৰা গুলীচালনাত এজন পাকিস্তানী অনুপ্ৰৱেশকাৰী নিহত হোৱাৰ লগতে গ্ৰেপ্তাৰ হয় আন এজন পাক অনুপ্ৰৱেশকাৰী (Pakistani intruder shot dead) ৷

সীমান্ত সুৰক্ষা বাহিনীৰ মুখপাত্ৰই জনোৱা মতে, পুৱতি নিশা চাম্বা জিলাৰ জম্মু আৰু ৰামগড় চেক্টৰৰ আৰ্নিয়া চেক্টৰত দুজন পাকিস্তানী যুৱকে অনুপ্ৰৱেশ কৰাৰ চেষ্টা চলাইছিল (Arrested along International Border) ৷ অনুপ্ৰৱেশকাৰী দুজনক ৰ’বলৈ BSFৰ জোৱানে নিৰ্দেশ দিছিল যদিও সেনাৰ কথাত মনোযোগ নিদি আগুৱাই আহিছিল দুয়ো ৷ পিছত উপাইবিহীন হৈ BSFৰ জোৱানে গুলীচালনা কৰিবলৈ বাধ্য হয় ৷ গুলীচালনাত এজন যুৱক নিহত হোৱাৰ লগতে গ্ৰেপ্তাৰ হয় আনজন যুৱক (Incidents along International Border) ৷

লগতে পঢ়ক: Assam Meghalaya Border: অসম-মেঘালয় সীমান্তত উত্তেজনা:গুলীচালনাত নিহত মেঘালয়ৰ তিনি দুৰ্বৃত্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.