ETV Bharat / bharat

'আপ'ৰ অভ্যুত্থান : ঝাডুৱে সাৰি পেলালে বহু প্ৰভাৱশালী নেতাৰ দৰ্প

author img

By

Published : Mar 10, 2022, 6:35 PM IST

পঞ্জাৱত আম আদমী পাৰ্টী(আপ)ৰ বৃহৎ জয় (Rise of AAP in Punjab) ৷ আপৰ ধুমুহাত ধৰাসায়ী হ’ল নৱজ্যোত সিং সিদ্ধু, মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী অথবা প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং অকালি দলৰ নেতা সুখবীৰ সিং বাদল ৷

navjot-singh-channi-badal-lose
'আপ'ৰ অভ্যুত্থান : ঝাডুৱে সাৰি পেলালে বহু প্ৰভাৱশালী নেতাৰ দৰ্প

নেশ্বনেল ডেস্ক, 10 মাৰ্চ : পঞ্জাৱ বিধান সভা নিৰ্বাচনত আম আদমী পাৰ্টীয়ে (আপ) ৰাজ্যখনৰ ৰাজনীতিৰ কেইবাজনো বিয়াগোম নেতাক নিজ নিজ সমষ্টিত পৰাভূত দেখা গ’ল । কি নৱজ্যোত সিং সিদ্ধু, কি প্ৰবীণ প্ৰকাশ সিং বাদল কি মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী অথবা প্ৰাক্তন মুখ্যমন্ত্ৰী কেপ্টেইন অমৰিন্দৰ সিং সকলো আসন হেৰুৱাই ধৰাসায়ী হ’ল 'আপ'ৰ ধুমুহাত ৷ বিশেষকৈ কংগ্ৰেছ নেতা নৱজ্যোত সিং সিদ্ধু আৰু মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নী দুয়ো আপৰ প্ৰাৰ্থীৰ হাতত পৰাজিত হোৱাৰ বিষয়টোৱে বিশেষভাৱে চৰ্চা লাভ কৰিছে ।

সিদ্ধু অমৃতসৰ(পূব) সমষ্টিত আপৰ জীৱন জ্যোত কৌৰৰ হাতত ৬,০০০ তকৈও অধিক ভোটত পৰাজিত হৈছে (Sidhu loses in Punjab ) ৷ আনহাতে চান্নী চামকৌৰ চাহিব আৰু ভাদাউৰ দুয়োখন আসনৰ পৰা পৰাজিত হৈছে ৷ ইপিনে, অকালি দলৰ নেতা সুখবীৰ সিং বাদল জালালাবাদ সমষ্টিত ২৩,০০০ তকৈও অধিক ভোটৰ ব্যৱধানত আপৰ জগদীপ কম্বোজৰ হাতত পৰাজিত হয় ।

ইপিনে, পঞ্জাৱ লোক কংগ্ৰেছ পাৰ্টিৰ মুৰব্বী তথা দুবাৰৰ মুখ্যমন্ত্ৰী অমৰিন্দৰ সিঙেও পাটিয়ালা আৰ্বানৰ পৰা আম আদমী পাৰ্টিৰ অজিত পাল সিং কোহলীৰ হাতত ১৯,৮৭৩ টা ভোটৰ ব্যৱধানত পৰাজিত হয় (Amarinder Singh loses) । ফলাফল ঘোষণা হোৱাৰ লগে লগে প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে টুইটাৰযোগে আপ আৰু ইয়াৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ভগৱন্ত মানক অভিনন্দনো জনাইছে ৷

ইপিনে, দেশৰ ৰাজনীতিত সততে চৰ্চাত থকা তৃতীয় শক্তিৰ অভ্যুত্থান বুলিও আম আদমী পাৰ্টীৰ এই বিজয়ক অভিহিত কৰিছে বহুতেই ৷ ৰাজধানী দিল্লীৰ পিছতে পঞ্জাৱৰ বিধান সভা নিৰ্বাচনত এই বৃহৎ বিজয় সাব্যস্ত কৰি অৰবিন্দ কেজৰিৱাল নেতৃত্বাধীন দলটোৱে অদূৰ ভৱিষ্যতে দেশৰ ৰাজনীতিত যে এক বিকল্প শক্তি হিচাপে থিয় দিব সেই কথাও ৰাজনৈতিক মহলত আজিৰ দিনটোত চৰ্চাৰ বিষয়বস্তু হৈ পৰিছে ৷

লগতে পঢ়ক: তেওঁলোকে মোক সন্ত্ৰাসবাদী বুলি কৈছিল, কিন্তু মই এজন প্ৰকৃত দেশভক্ত: অৰবিন্দ কেজৰিৱাল

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.