ETV Bharat / bharat

তেওঁলোকে মোক সন্ত্ৰাসবাদী বুলি কৈছিল, কিন্তু মই এজন প্ৰকৃত দেশভক্ত: অৰবিন্দ কেজৰিৱাল

author img

By

Published : Mar 10, 2022, 5:19 PM IST

Arvind Kejriwal
মই এজন প্ৰকৃত দেশভক্ত

পাঞ্জাৱত আম আদমি পাৰ্টিৰ বৃহৎ জয় (Aam Aadmi Party wins in Punjab)। দলটোৰ সফলতাৰ পাছতে পাঞ্জাৱৰ জনসাধাৰণক ধন্যবাদ অৰবিন্দ কেজৰিৱালৰ । মুখ্যমন্ত্ৰীৰ লগতে পাঞ্জাৱত কংগ্ৰেছৰ বহু প্ৰভাৱশালী নেতা পৰাস্ত ।

নেশ্যনেল ডেস্ক,১০ মাৰ্চ : দিল্লীৰ পাছত এইবাৰ পাঞ্জাৱ দখল কৰিলে অৰবিন্দ কেজৰিৱালৰ আম আদমি পাৰ্টিয়ে (Punjab election results 2022)। শাসনত থকা কংগ্ৰেছ দলক ধৰাশায়ী কৰি সৰ্বাধিক ৯৩ খন আসন লাভ কৰি অকলেই আম আদমি পাৰ্টিয়ে (AAP) পাঞ্জাৱত চৰকাৰ গঠন কৰিবলৈ আগবাঢ়িছে । ইফালে কেন্দ্ৰত থকা বিজেপি মিত্ৰ দলে মাত্ৰ ২ খন আসনতে সন্তুষ্ট থাকিবলগীয়া হ'ল । আম আদমি পাৰ্টিৰ এই উত্থানক লৈ এতিয়া দেশৰ ৰাজনীতিত ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

দলটোৰ এই বৃহৎ সফলতাৰ পাছতে দলীয় কৰ্মী আৰু সমৰ্থকসকলক সম্বোধন কৰি আম আদমি পাৰ্টিৰ সভাপতি তথা দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালে কয় যে পাঞ্জাৱৰ জনসাধাৰণে অসম্ভৱকো সম্ভৱ কৰি তুলিছে । যাৰ বাবে তেওঁ ৰাজ্যখনৰ জনসাধাৰণক প্ৰশংসা কৰে । দলৰ প্ৰাৰ্থীয়ে পাঞ্জাৱৰ মুখ্যমন্ত্ৰী চৰণজিৎ সিং চান্নীক পৰাস্ত কৰাৰ লগতে আম আদমি পাৰ্টিক সমালোচনা কৰা সকলক উচিত প্ৰত্যুত্তৰ দিবলৈ সক্ষম হৈছে ।

কেজৰিৱালে লগতে কয় যে তেওঁ এনেকুৱা এখন দেশ গঢ়িব যাৰ কোনো শিক্ষাৰ্থীয়ে চিকিৎসা অধ্যয়নৰ বাবে ইউক্ৰেইনলৈ যাবলগীয়া নহয় । নিৰ্বাচনী ফলাফল সম্পৰ্কত তেওঁ কয় যে কেজৰিৱাল যে সন্ত্ৰাসবাদী নহয় এগৰাকী প্ৰকৃত দেশভক্ত সেই কথা আজি পাঞ্জাৱৰ জনসাধাৰণে প্ৰমাণ কৰিলে ।

PUNJAB (117/117)
INCAAPSAD+BJP+OTH
1893321

ভগত সিঙৰ প্ৰসংগ টানি আনি তেওঁ কয় যে সিঙে এবাৰ কৈছিল যদি আমি ব্ৰিটিছ এৰি যোৱাৰ পিছতো ব্যৱস্থাটো সলনি নকৰোঁ, একোৱে নহ'ব । বিৰোধীক সমালোচনা কৰি তেওঁ কয় যে অতি দুখৰ বিষয় যে যোৱা ৭৫ বছৰত, একাংশ দল আৰু নেতাসকলে ব্ৰিটিছৰ ব্যৱস্থা অনুসৰণ কৰি দেশত লুণ্ঠন কৰি আছিল । কোনো বিদ্যালয় বা চিকিৎসালয় নিৰ্মাণ কৰা হোৱা নাছিল । কেজৰিৱালৰ দাবী আম আদমি পাৰ্টিয়ে এই ব্যৱস্থাবোৰ সলনি কৰিছে ।

উল্লেখ্য যে পাঞ্জাৱত বহু প্ৰভাৱশালী নেতা পৰাস্ত হৈছে । এই সম্পৰ্কত দলৰ ৰাষ্ট্ৰীয় আহ্বায়কগৰাকীয়ে কয় যে সুখবীৰ সিং বাদল পৰাজিত হৈছে, কেপ্টেইন চাহাব পৰাজিত, চান্নী চাহাব পৰাজিত, পৰকাশ সিং বাদল পৰাজিত, নৱজ্যোৎ সিং সিদ্ধু পৰাজিত, বিক্ৰম সিং মাজিথিয়া পৰাজিত । পাঞ্জাৱী ভাষাত কেজৰিৱালে ৰাজ্যখনৰ জনসাধাৰণক ধন্যবাদ জ্ঞাপন কৰি কয় যে পঞ্জাৱে আশ্চৰ্যজনক কাম কৰি দেখুৱাইছে । পাঞ্জাৱৰ ফলাফল এক বৃহৎ 'ইনকুইলাব'(inquilaab) বুলিও অভিহিত কৰে কেজৰিৱালে ।

লগতে পঢ়ক :Punjab Election Results Updates : পঞ্জাৱত উৰিছে আপৰ বিজয় ধজ্জা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.