ETV Bharat / bharat

আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

author img

By

Published : Aug 21, 2021, 9:38 AM IST

Updated : Aug 21, 2021, 9:52 AM IST

“তেওঁলোকে গোটেই জীৱনটো সকলোৰে বাবে অৰ্জন কৰিছে, আমি জ্যেষ্ঠ নাগৰিকসকলক আমাৰ ধন্যবাদ আৰু আন্তৰিক অভিবাদন জনাইছো" – ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগান ৷
national senior citizenship day
আজি বিশ্ব জ্যেষ্ঠ নাগৰিক দিৱস

নিউজ ডেস্ক, 21 আগষ্ট : আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস ৷ ১৯৯১ চনত প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হৈছিল ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস । সমাজলৈ বয়োজ্যেষ্ঠ লোকসকলৰ অৱদানক স্বীকৃতি দিয়া আৰু স্বীকাৰ কৰাৰ দিন হিচাপে এই দিনটো উদযাপন কৰা হয় । এই দিনটো উদযাপনৰ মূল উদ্দেশ্য হৈছে প্ৰাপ্তবয়স্ক লোকসকলক প্ৰভাৱিত কৰা কাৰক আৰু সমস্যাবোৰৰ বিষয়ে সজাগতা বৃদ্ধি কৰা ৷

“For all, they have achieved throughout life and for all they continue to accomplish, we owe older citizens our thanks and a heartfelt salute.” – President Ronald Reagan.

national senior citizenship day
আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস আনুষ্ঠানিকভাৱে পালনৰ সিদ্ধান্ত লৈছিল আমেৰিকা যুক্তৰাষ্ট্ৰৰ প্ৰাক্তন ৰাষ্ট্ৰপতি ৰোণাল্ড ৰেগানে ৷ তেওঁ ১৯৮৮ চনৰ ১৯ আগষ্টত ৫,৮৪৭ গৰাকী লোকৰ স্বাক্ষৰ গ্ৰহণ কৰিছিল আৰু ২১ আগষ্টৰ দিনটো আমেৰিকা যুক্তৰাষ্ট্ৰত প্ৰথমবাৰলৈ জ্যেষ্ঠ নাগৰিক দিৱস হিচাপে ঘোষণা কৰিছিল ।

তদুপৰি এই দিনটোত বন্ধ ঘোষণা কৰিছিল ৰাষ্ট্ৰপতিগৰাকীয়ে ৷ বিশ্বৰ আন আন দেশবোৰেও পিছত বয়োজ্যেষ্ঠ লোকসকলক সন্মান জনোৱাৰ বাবে এই দিনটো স্বীকৃতি দিয়ে । ভাৰততো বয়োজ্যেষ্ঠ লোকসকলক সন্মান জনোৱাৰ বাবে এই দিনটো পালন কৰা হয় ৷ ইতিমধ্যে ভাৰত চৰকাৰে জ্যেষ্ঠ নাগৰিকসকলে পৰিয়াল, সম্প্ৰদায় আৰু সমাজলৈ আগবঢ়োৱা অৱদানৰ স্বীকৃতিস্বৰূপে আৰু বাৰ্ধক্যৰ বিষয়ে সচেতনতাৰ বাবে বহু প্ৰচেষ্টা হাতত লৈছে ।

national senior citizenship day
আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ বিভাগে জিলা হাস্পতাল আৰু স্বাস্থ্য কেন্দ্ৰসমূহত কমেও ১০ খন বিচনা জ্যেষ্ঠ নাগৰিকৰ বাবে সংৰক্ষণৰ ব্যৱস্থা কৰিছে । লগতে চৰকাৰে ১৯ টা আঞ্চলিক কেন্দ্ৰ বিভিন্ন মেডিকেল কলেজত আৰু দুটা ৰাষ্ট্ৰীয় কেন্দ্ৰ গঢ়ি তোলাৰ সিদ্ধান্ত লৈছে ৷ য’ত জ্যেষ্ঠ নাগৰিকসকলৰ বাবে চিকিৎসাৰ সকলো ধৰণৰ ব্যৱস্থা থাকিব ।

কেন্দ্ৰীয় পৰিয়াল আৰু স্বাস্থ্য কল্যাণ দপ্তৰৰ মন্ত্ৰী ডাঃ হৰ্ষবৰ্ধনে ২০২০-২০৩০ লৈ এই সময়চোৱাক সু-স্বাস্থ্যৰ বাৰ্ধক্যৰ দশক শীৰ্ষক এক কৰ্মসূচী ঘোষণা কৰিছে । ইয়াৰ বাবে গোটেই বছৰজুৰি নানা ধৰণৰ কৰ্মসূচী গ্ৰহণ কৰা হ’ব । বিভিন্ন ৰাষ্ট্ৰীয় স্বাস্থ্য কৰ্মসূচীত একেই লক্ষ্যৰে ইতিমধ্যে কাম আৰম্ভ কৰা হৈছে ।

national senior citizenship day
আজি ৰাষ্ট্ৰীয় জ্যেষ্ঠ নাগৰিক দিৱস

চৰকাৰী বিভাগ আৰু চিভিল ছ’চাইটি, বিভিন্ন সংগঠন, বে-চৰকাৰী সংগঠন আৰু বহুজাতিক সংস্থাসমূহে এই কৰ্মসূচীৰ মাধ্যমেৰে বাৰ্ধক্যৰ পিছতো সুস্থ হৈ থকাৰ বাবে এক পৰিকাঠামো গঢ়ি উঠাত সহায়ক হ’ব বুলি আশা কৰা হৈছে । সম্প্ৰতি ক’ভিড-১৯ মহামাৰীৰ ফলত যি সংকটে দেখা দিছে, তাৰ ফলত ভাৰতসহ সমগ্ৰ বিশ্বত বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে ।

ৰাষ্ট্ৰসংঘই এই বছৰৰ আন্তৰ্জাতিক জ্যেষ্ঠ দিৱসৰ মূল থীম হিচাপে "মহামাৰী : আমি কিদৰে বয়সস্থ লোকসকলৰ সমস্যাসমূহ আৰু বাৰ্ধ্যকৰ মোকাবিলা কৰিম, সেই পদ্ধতিত কি পৰিৱৰ্তন অনা হৈছে" বিষয়টো ঘোষণা কৰিছে । সমান্তৰালকৈ কেন্দ্ৰীয় পৰিয়াল কল্যাণ মন্ত্ৰালয়ে ৰাজ্য চৰকাৰক জ্যেষ্ঠ নাগৰিকসকলৰ বাবে প্ৰয়োজনত ঘৰে ঘৰে গৈ ঔষধ যোগানৰ ব্যৱস্থা কৰাৰ বাবে পৰামৰ্শ আগবঢ়াইছে ।

লগতে পঢ়ক : পাহৰণিৰ গৰ্ভত ওড়িশাৰ ইঞ্চুডিৰ লোণ সত্যাগ্ৰহ

Last Updated :Aug 21, 2021, 9:52 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.