পাহৰণিৰ গৰ্ভত ওড়িশাৰ ইঞ্চুডিৰ লোণ সত্যাগ্ৰহ

By

Published : Aug 21, 2021, 6:04 AM IST

thumbnail

ওড়িশাৰ ইঞ্চুডি সকলো ভাৰতীয়ৰ বাবে এক গৌৰৱময় স্থান ৷ এই ঐতিহাসিক ঠাইখনে আজি পৰ্যন্ত অজ্ঞাত কাৰণৱশতঃ ৰাষ্ট্ৰীয় পৰ্যায়ৰ স্বীকৃতি লাভ কৰাৰ পৰা বঞ্চিত হৈ আহিছে ৷ মহাত্মা গান্ধীৰ আহ্বানমৰ্মে আচাৰ্য হৰিহৰ দাস, গোপবন্ধু চৌধুৰী আৰু হৰেক্ৰুষ্ণা মহাতাবৰ নেতৃত্বত সত্যাগ্ৰহকাৰীসকলৰ এটা বৃহৎ গোটে কটকৰ স্বৰাজ আশ্ৰমৰ পৰা খোজকাঢ়ি যাত্ৰা আৰম্ভ কৰি 12 এপ্ৰিল 1930 ত বালাচোৰত উপস্থিত হয় । পিছদিনা ইনচুডিত তেওঁলোকে লোণ আইন ভংগ কৰে । আইন ভংগ কৰাৰ অপৰাধত কেইবাজনো সত্যাগ্ৰহকাৰীক ব্ৰিটিছে গ্ৰেপ্তাৰ কৰে ৷ আন বহুতো আকৌ ব্ৰিটিছ বাহিনীৰ আক্ৰমণত আঘাতপ্ৰাপ্ত হয় । ইঞ্চুডিৰ এই লোণ সত্যাগ্ৰহক ওড়িশাৰ দাণ্ডি বুলিও জনা যায় । পিছে লোণ সত্যাগ্ৰহৰ এই গৌৰৱময় ইতিহাস আজি ৰাইজৰ মনৰ পৰা হেৰাই গৈছে ৷

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.