ETV Bharat / bharat

National Herald Case: ই ডিৰ সন্মুখত হাজিৰ হ'বলৈ আৰু সময় বিচাৰিলে ছোনিয়া গান্ধীয়ে

author img

By

Published : Jun 22, 2022, 6:41 PM IST

ছোনিয়া গান্ধীক ২৩ জুনত নেচনেল হেৰাল্ড ধন আত্মসাৎ গোচৰত ই ডিয়ে চমন জাৰি কৰে (Sonia Gandhi summoned by Enforcement Directorate) । ই ডিয়ে তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো ৫ দিন সোধাপোছা কৰে (Rahul Gandhi questioned for 5 days) । ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড বাতৰিকাকতৰ (National Herald newspaper) সৈতে জড়িত ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত প্ৰায় ১২ ঘণ্টা সোধাপোছাৰ পিছত মাজনিশা ই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহে ।
Sonia Gandhi
Sonia Gandhi

নিউজ ডেস্ক, ২২ জুন : ক'ভিড পৰৱৰ্তী অসুস্থতাৰ পৰা সম্পূৰ্ণ সুস্থ হোৱা নাই ছোনিয়া গান্ধী (Congress President Sonia Gandhi) । সেয়ে তেওঁক ই ডিৰ (Enforcement Directorate) সন্মুখত উপস্থিত হ'বলৈ আৰু কিছুদিনৰ প্ৰয়োজন । কংগ্ৰেছ নেতা জয়ৰাম ৰমেশে এই সন্দৰ্ভত বুধবাৰে ই ডিলৈ এক পত্ৰ প্ৰেৰণ কৰে (Congress leader Jairam Ramesh) । তাত তেওঁ লিখিছে, ক'ভিড-১৯ ৰ পৰা সম্পূৰ্ণ আৰোগ্য নোহোৱালৈকে ই ডিৰ সন্মুখত হাজিৰ হোৱাৰ বাবে আৰু কেইসপ্তাহমান সময়ৰ প্ৰয়োজন । উল্লেখ্য, ছোনিয়া গান্ধীৰ হাঁওফাঁওৰ সংক্ৰমণো ধৰা পৰিছিল (Sonia Gandhi Covid-19 and lung infection) । তেওঁ লগতে কয় যে ৭৫ বছৰীয়া ছোনিয়া গান্ধীক ক'ভিড আৰু হাঁওফাঁওৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত ঘৰত বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিয়া হৈছে ।

উল্লেখ্য, ছোনিয়া গান্ধীয়ে ১২ জুনৰ পৰা দিল্লীৰ ছাৰ গংগাৰাম চিকিৎসালয়ত (Sir Ganga Ram Hospital) চিকিৎসাধীন হৈ আছিল । তেওঁক ২০ জুনত চিকিৎসালয়খনে অব্যাহতি দিয়ে । তেওঁৰ ক'ভিড সংক্ৰমণৰ (COVID infection) পিছত নাকেৰে প্ৰচুৰ ৰক্তক্ষৰণ হয় আৰু অস্ত্ৰোপচাৰো কৰিবলগা হয় । যিহেতু ক'ভিড আৰু হাঁওফাঁওৰ সংক্ৰমণৰ বাবে চিকিৎসালয়ত ভৰ্তি হোৱাৰ পিছত তেওঁক ঘৰত বিশ্ৰাম লোৱাৰ পৰামৰ্শ দিয়া হৈছে (Sonia Gandhi strictly advised rest at home) গতিকে কংগ্ৰেছ অধ্যক্ষ ছোনিয়া গান্ধীয়ে সম্পূৰ্ণৰূপে আৰোগ্য নোহোৱালৈকে তেওঁৰ উপস্থিতি কেইসপ্তাহমান পিছুৱাই দিয়াৰ বাবে আজি ই ডিলৈ এক পত্ৰ লিখে (Sonia Gandhi write to ED) । কংগ্ৰেছৰ ভাৰপ্ৰাপ্ত যোগাযোগ বিষয়া ৰমেশে এক টুইটযোগে এনেদৰে কয় ।

ছোনিয়া গান্ধীক ২৩ জুনত নেচনেল হেৰাল্ড ধন আত্মসাৎ গোচৰত ই ডিয়ে চমন জাৰি কৰে (Sonia Gandhi summoned by Enforcement Directorate) । ই ডিয়ে তেওঁৰ পুত্ৰ তথা কংগ্ৰেছ সাংসদ ৰাহুল গান্ধীকো ৫ দিন সোধাপোছা কৰে (Rahul Gandhi questioned for 5 days) । ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে নেচনেল হেৰাল্ড বাতৰিকাকতৰ (National Herald newspaper) সৈতে জড়িত ধন আত্মসাতৰ গোচৰ সন্দৰ্ভত প্ৰায় ১২ ঘণ্টা সোধাপোছাৰ পিছত মাজনিশা ই ডিৰ কাৰ্যালয়ৰ পৰা ওলাই আহে ।

কংগ্ৰেছ নেতা ৰাহুল গান্ধীক ই ডিয়ে ১৩ জুনৰ পৰা ১৫ জুনলৈ একেৰাহে তিনিদিন ধৰি ২৭ ঘণ্টাতকৈও অধিক সময় সোধাপোছা কৰে আৰু ২০ জুনত পুনৰ মাতি পঠায় (Rahul Gandhi questioned by ED) । সোমবাৰে তেওঁক প্ৰায় ১৪ ঘণ্টা ধৰি সোধাপোছা কৰা হয় । কংগ্ৰেছ নেতাজনে ১৩ জুনত প্ৰথমবাৰৰ বাবে গোচৰটো সন্দৰ্ভত ই ডি অনুসন্ধানকাৰীৰ সন্মুখীন হয় ।

উল্লেখ্য, তেওঁ প্ৰথমতে ১৬ জুনত ই ডিৰ সন্মুখত উপস্থিত হোৱাৰ পৰা ৰেহাই বিচাৰিছিল । পিছত তেওঁক ১৭ জুনত মতা হয় । কিন্তু জ্যেষ্ঠ কংগ্ৰেছ নেতাজনে তেওঁৰ মাতৃ ছোনিয়া গান্ধীৰ অসুস্থতাৰ কথা উল্লেখ কৰি তেওঁৰ সোধাপোছা স্থগিত ৰাখিবলৈ ই ডিলৈ লিখে। তাৰ পিছত ই ডিয়ে তেওঁৰ অনুৰোধত ২০ জুনত তদন্তত অংশগ্ৰহণ কৰিবলৈ অনুমতি দিয়ে।

লগতে পঢ়ক : Maharashtra Crisis: দলত্যাগবিৰোধী আইনৰ পৰা বাচিবলৈ সিন্দেক প্ৰয়োজন আৰু ৫ শিৱসেনা বিধায়কৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.