ETV Bharat / bharat

Maharashtra Crisis: দলত্যাগবিৰোধী আইনৰ পৰা বাচিবলৈ সিন্দেক প্ৰয়োজন আৰু ৫ শিৱসেনা বিধায়কৰ

author img

By

Published : Jun 22, 2022, 4:49 PM IST

একনাথ সমৰ্থক এমএলএৰ ফটো কৌশলে নতুন চৰকাৰ গঠনত গতি প্ৰদান কৰিছে। কিন্তু এতিয়াও দলত্যাগবিৰোধী আইনৰ পৰা নিজকে বচাবলৈ ৫ জন বিধায়ক কমকৈ আছে সিন্দেৰ ফৈদত (5 MLA short to save anti-defection act) ।

a
MaharashtMaharashtra Crisis: দলত্যাগবিৰোধী আইনৰ পৰা বাচিবলৈ সিন্দেক প্ৰয়োজন আৰু ৫ শিৱসেনা বিধায়কৰra crisis

নিউজ ডেস্ক, ২২ জুন : মহাৰাষ্ট্ৰৰ ৰাজনৈতিক সংকটে প্ৰতি মুহূৰ্ততে নতুন মোৰ লৈ আছে । মহাৰাষ্ট্ৰ চৰকাৰৰ বিদ্ৰোহী নেতা একনাথ সিন্দেৰ বিদ্ৰোহ সফল হ'বলৈ ৩৭ জন শিৱসেনা বিধায়কৰ প্ৰয়োজন (Eknath Shinde needs 37 Shiv Sena MLAs)। চুৰাটৰ পৰা সংবাদ মাধ্যমৰ দ্বাৰা প্ৰাপ্ত এখন ফটোত ৩৪ জন বিধায়কৰ সৈতে একনাথ সিন্দেক দেখা গৈছে । যাৰ ভিতৰত ৩২ জন বিধায়ক শিৱসেনাৰ (32 MLAs from Shiv Sena) । লগতে তেওঁৰ আন কিছু ফটোও ভাইৰেল হৈছে । এখন ফটোত ৰাজ্যখনৰ ৩৪ জন বিধায়কক দেখুওৱা হৈছে । ফটোখনত শিৱসেনাৰ ৩২ জন বিধায়ক আছে, দুজন বিধায়ক আন দলৰ ।

Maharashtra crisis
সংকটত শিৱসেনা চৰকাৰ

চুৰাটৰ ফটোৰ পাটিগণিত কি (Mathematics of Surat's photo)?

চুৰাটৰ ফটোৰ ওপৰত নিৰ্ভৰ কৰি মহাৰাষ্ট্ৰৰ ৰাজনীতিৰ কথা বিবেচনা কৰিলে সিন্দেৰ লগত থকা সংখ্যাৰ পৰা ৰাজ্য চৰকাৰ সংকটত পৰা দেখা গৈছে (Maharashtra government seems to be in crisis)। ফটোখনৰ মতে, সিন্দেৰ ওচৰত থকা বিধায়কসকলৰ পৰা নতুন চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা থকাটো দেখা গৈছে (Shinde seem to have a majority)। অৱশ্যে উক্ত ফটোখনত শিৱসেনাৰ মাত্ৰ ৩২ জন বিধায়ককহে দেখা গৈছে । সেয়েহে, বিধায়কসকলে দলত্যাগবিৰোধী আইনৰ আওতাত নপৰিবলৈ তেওঁলোকক আৰু ৫ জন শিৱসেনা বিধায়কৰ প্ৰয়োজন (they need 5 more Shiv Sena MLAs)। সিন্দেৰ গোটত ৪০ জন বিধায়ক থকা বুলি কোৱা হ'লেও ফটোখনত ৩২ জন শিৱসেনা বিধায়ককহে দেখা গৈছে । গতিকে তেওঁৰ মতে শিৱসেনাৰ আন 8 জন বিধায়ক কোন সেই প্ৰশ্নটোও গুৰুত্বপূৰ্ণ (who are other 8 Shiv Sena MLAs) । সিন্দে গোটৰ এই ফটো অনুসৰি, তাত ৩২ জন শিৱসেনা বিধায়ক আছে, দুজন বিধায়ক অন্য দলৰ ।

ফটোখনত থকা বিধায়কসকল কোন কোন (Who are the MLAs)?

ফটোখনত থকা ৩৪ জন বিধায়ক হৈছে , সঞ্জয় শিৰসাত, শ্ৰীনিবাস ভানাগা, মহেশ সিন্দে, সঞ্জয় ৰাইমুলকাৰ, বিশ্বনাথ ভৈৰ, সীতাৰাম মোৰে, ৰমেশ বৰ্ণাৰে, চিমানৰাও পাটিল, লাহুজী বাপু পাটিল, মহেন্দ্ৰ দলৱী, প্ৰদীপ জয়ছোৱাল, মহেন্দ্ৰ থৰ্ভে, কিশোৰ পাটিল, জ্ঞানৰাজ চৌগুলে, বালাজী কিনেকাৰ, উদয় সিং ৰাজপুত, ৰাজকুমাৰ পেটেল, লতা সোনৱানে, নীতিন দেশমুখ, সঞ্জয় গায়কোৱাড়, নৰেন্দ্ৰ মণ্ডেকাৰ। তেওঁলোকৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰি এইটো স্পষ্ট যে বিজেপিৰ পৃষ্ঠপোষকতাত চৰকাৰ গঠন কৰিবলৈ পৰ্যাপ্ত বিধায়ক আছে (enough people to form BJP-sponsored government)।

Maharashtra crisis
একনাথ শিণ্ডেৰ শক্তি কিমান?

দলত্যাগ আইনৰ পাটীগণিত কি (Mathematics of defection law)?

বিদ্ৰোহী একনাথ সিন্দেৰ শিৱসেনাৰ বিধায়কসকলৰ শক্তিলৈ লক্ষ্য কৰিলে, ফটোখনৰ পৰা এইটো দেখা গৈছে যে ই ৩৪ জনীয়া । আইন অনুসৰি, সিন্দেক অতিকমেও ৩৭ জন বিধায়কৰ প্ৰয়োজন (Shinde needs at least 37 MLAs)। যদি শিৱসেনাৰ ৩৭ জন বিধায়ক বিভক্ত হয়, দলত্যাগৰ আইন (law of defection) তেওঁলোকৰ বাবে প্ৰযোজ্য নহ'ব । তেতিয়াহে তেওঁলোকৰ বিদ্ৰোহ সঁচাকৈয়ে সফল হ'ব পাৰে । কাৰণ বৰ্তমান শিৱসেনাৰ ৫৫ জন বিধায়ক আছে । সেয়েহে তেওঁলোকৰ ২/৩ জন হৈছে ৩৭ জন বিধায়ক । যদি অতিকমেও ৩৭ জন বিধায়কে শিৱসেনা ত্যাগ কৰে, তেওঁলোক আইনৰ দ্বাৰা প্ৰভাৱিত নহ'ব । অৱশ্যে এজনো বিধায়ক ইয়াতকৈ কম হয়, তেতিয়াহে তেওঁ দলত্যাগৰ আইনৰ দ্বাৰা প্ৰভাৱিত হ'ব পাৰে (hit by the law of defection)। লগতে তেওঁলোকৰ বিধানসভাৰ সদস্যপদো যাব পাৰে (assembly membership can go)। সেয়েহে সিন্দেক অতিকমেও আৰু ৫ জন বিধায়কৰ প্ৰয়োজন । সিন্দেই কৈছে যে তেওঁৰ লগত ৪০ জন বিধায়ক আছে । ফটোখনে দেখুৱাইছে যে তেওঁৰ ৩২ জন বিধায়কহে আছে । গতিকে তেওঁৰ আন ৫ জন সহায়ক বিধায়ক কোন সেই প্ৰশ্ন উত্তৰ জানিবলৈ এতিয়াও বাকী আছে (who are his other 5 supportive MLAs) ।

নতুন চৰকাৰৰ পাটীগণিত কি হ'ব (Mathematics of new government)?

উল্লেখ্য, ৰাজ্যখনত বৰ্তমান মুঠ ২৮৭ জন বিধায়ক আছে (Maharashtra has total of 287 MLAs)। সংখ্যাগৰিষ্ঠতাৰ বাবে ১৪৪ জন বিধায়কৰ প্ৰয়োজন । সমৰ্থকৰ সৈতে বিজেপিৰ ৰাজ্যখনত মুঠ ১১৩ জন বিধায়ক আছে (BJP's total strength is 113)। বিজেপিৰ মুঠ শক্তি হৈছে ১১৩ জন, যাৰ ভিতৰত নিজৰ ১০৬ জন বিধায়ক আৰু বাকীখিনি অন্যান্য দলৰ । যদি একনাথ সিন্দেৰ ফটোত থকা বিধায়কসকলক অন্তৰ্ভুক্ত কৰা হয়, তেন্তে বিধায়কৰ মুঠ সংখ্যা হৈছে ১৪৭ জন । সেয়ে অৱশ্যেই বিজেপিয়ে এই বিধায়কসকলৰ সৈতে চৰকাৰ গঠন কৰিব পাৰে (BJP can form a government)। অৱশ্যে যদি একনাথ সিন্দেৰ ওচৰত শিৱসেনাৰ ৩৭ জন বিধায়ক নাথাকে, দলত্যাগ আইন অনুসৰি তেওঁৰ সদস্যপদ বাতিল কৰা হ'ব পাৰে (membership may be canceled as per defection law)।

ৰাজ্যখনত বিজেপিৰ চাণক্য হিচাপে পৰিচিত দেৱেন্দ্ৰ ফাৰ্ণভিছক চৰকাৰ গঠনৰ বাবে ১৪৪ জন বিধায়কৰ প্ৰয়োজন (Devendra Fadnavis known as BJP's Chanakya) । তেওঁ একনাথ সিন্দেপন্থী বিধায়কৰ সৈতে চৰকাৰ গঠন কৰিব পাৰে । অৱশ্যে দলত্যাগ আইনৰ প্ৰতিবন্ধকতাই এতিয়াও বৰ্তমানৰ পাটিগণিত অনুসৰি তেওঁলোকৰ চৰকাৰ গঠনত বাধা প্ৰদান কৰা দেখা গৈছে । এইটো এইটো লক্ষণীয় হ'ব যে ফাৰ্ণভিছে এই বাধা কেনেদৰে অতিক্ৰম কৰে (how Fadnavis overcomes that)।

লগতে পঢ়ক :থৰক বৰক মহাৰাষ্ট্ৰৰ চৰকাৰ : পদত্যাগ কৰিব নেকি উদ্ধৱ ঠাকৰেয়ে ?

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.