ETV Bharat / bharat

থৰক বৰক মহাৰাষ্ট্ৰৰ চৰকাৰ : পদত্যাগ কৰিব নেকি উদ্ধৱ ঠাকৰেয়ে ?

author img

By

Published : Jun 22, 2022, 2:09 PM IST

state-cabinet-meeting-is-likely-to-propose-the-dismissal-of-the-cabinet
ভংগ হ’ব নেকি উদ্ধৱ ঠাকৰেৰ চৰকাৰ

শিৱসেনাৰ নেতা একনাথ চিন্দেৰ বিদ্ৰোহী মনোভাৱৰ পাছত মহাৰাষ্ট্ৰৰ ৰাজনৈতিক ক্ষেত্ৰখনক উত্তপ্ত কৰি তুলিছে(Maharashtra political crisis) ৷ গভীৰ সংকটত পৰিছে উদ্ধৱ ঠাকৰেৰ চৰকাৰ । এনে সময়তে মহাৰাষ্ট্ৰৰ বিধানসভা ভংগ হোৱাৰ ইংগিত দিছে শিৱসেনাৰ নেতা তথা ৰাজ্যসভাৰ সাংসদ সঞ্জয় ৰাউতে(Dissolution of Maha government) ৷ আনহাতে শিৱসেনাৰ মন্ত্ৰী একনাথ চিন্দেয়ে বিসম্বাদী প্ৰায় 40 জন বিধায়কক লৈ ইতিমধ্যে অসমত আশ্ৰয় লৈছে ।

নিউজ ডেস্ক, 22 জুন : বিসম্বাদী নেতা একনাথ চিন্দেৰ বিদ্ৰোহৰ পাছত দিশহাৰা হৈ পৰিছে উদ্ধৱ থাকৰেৰ নেতৃত্বাধীন মহাৰাষ্ট্ৰৰ চৰকাৰ ৷ ইয়াৰ মাজতে বুধবাৰে দুপৰীয়া ১ বজাৰ পৰা অনুষ্ঠিত হৈছে ৰাজ্যিক কেবিনেটৰ বৈঠক । ৰাজ্যিক কেবিনেট বৈঠকত মন্ত্ৰীসভা বৰ্খাস্তৰ প্ৰস্তাৱ দিয়াৰ সম্ভাৱনা আছে । অৱশ্যে কেবিনেট বৈঠকৰ কাৰ্যসূচী এতিয়াও নিৰ্ধাৰণ কৰা হোৱা নাই ।

মহাৰাষ্ট্ৰৰ বৰ্তমানৰ ৰাজনৈতিক সংকটৰ মাজতে বিধানসভা ভংগ হোৱাৰ ইংগিত দিছে শিৱসেনাৰ সাংসদ সঞ্জয় ৰাউটে । ৰাজ্যসভাৰ সংসদগৰাকীয়ে টুইট কৰি দিয়ে এই ইংগিত(Sanjay Raut hints at dissolution of Maha government) ৷ শিৱসেনাৰ নেতা তথা বিসম্বাদৰ প্ৰধান একনাথ চিন্দেৰ(Shiv Sena MLA Eknath Shinde) বিদ্ৰোহ সফল হ'বলৈ, তেওঁক শিৱসেনাৰ 37 জন বিধায়কৰ প্ৰয়োজন ।

চুৰাটৰ পৰা সংবাদ মাধ্যমৰ দ্বাৰা প্ৰাপ্ত এখন ফটোত তেওঁক ৩৪ জন বিধায়কৰ সৈতে দেখুওৱা হৈছে । যাৰ ভিতৰত ৩২ জন বিধায়কে শিৱসেনাৰ । তেওঁৰ আন কিছুমান ফটোও ভাইৰেল হৈ আছে । এখন ফটোত ৰাজ্যখনৰ ৩৪ জন বিধায়কক দেখুওৱা হৈছে । শিৱসেনাৰ মুঠ ৩২ জন বিধায়ক আছে । আন দলৰ ২ জন বিধায়ক আছে । ইয়াৰ পৰা শিৱসেনাৰ ৩২ জন বিধায়ক চিন্দেৰ সৈতে থকাটো স্পষ্ট হৈ পৰিছে ৷

  • महाराष्ट्रातील राजकीय घडामोडींचा प्रवास विधान सभा बरखास्तीचया दिशेने..

    — Sanjay Raut (@rautsanjay61) June 22, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

চুৰাটৰ পৰা প্ৰকাশিত এই ফটোখনৰ পৰা সংখ্যাৰ ওপৰত বিবেচনা কৰিলে সম্প্ৰতি মহাৰাষ্ট্ৰৰ ৰাজ্য চৰকাৰ সংকটত পৰাটো নিশ্চিত হৈছে ৷ ফটোখনৰ অনুসৰি, চিন্দেৰ ওচৰত থকা বিধায়কসকলৰ দ্বাৰা এখন নতুন চৰকাৰ গঠনৰ বাবে সংখ্যাগৰিষ্ঠতা থকা দেখা গৈছে । অৱশ্যে, সেই ফটোখনত শিৱসেনাৰ মাত্ৰ 32 জন বিধায়কক দেখা গৈছে । সেয়েহে, যদি বিধায়কসকলে দলত্যাগ বিৰোধী আইনৰ পৰা বাহিৰ হ'ব বিচাৰে তেন্তে তেওঁলোকক আৰু 5 জন শিৱসেনা বিধায়কৰ প্ৰয়োজন । চিন্দেৰ সমৰ্থনত বৰ্তমান ৪০ জন বিধায়ক থকা বুলি জানিব পৰা হৈছে ৷ কিন্তু ফটোখন বিবেচনা কৰিলে, মাত্ৰ 32 জন শিৱসেনা বিধায়ককহে দেখা গৈছে ।

state-cabinet-meeting-is-likely-to-propose-the-dismissal-of-the-cabinet
ভংগ হ’ব নেকি উদ্ধৱ ঠাকৰেৰ চৰকাৰ

এনে সময়তে শিৱসেনাৰ আন 8 জন বিধায়ক কোন সেই প্ৰশ্নটোও গুৰুত্বপূৰ্ণ বিবেচিত হৈছে । বিসম্বাদী গোটৰ 32 জন শিৱসেনা বিধায়ক হৈছে(ফটো অনুসৰি) ক্ৰমে, বাওঁফালৰ পৰা শিৱসেনাৰ বিধায়ক একনাথ চিন্দে, প্ৰতাপ চাৰানায়েক, সঞ্জয় গায়কৱাড়, সন্দিপন ভুমাৰে, তানাজী পাটিল, শম্ভুৰাজ দেশাই, পিছফালৰ পৰা শ্ৰীনিবাস ভাঙ্গা, জ্ঞানৰাজ চৌগুলে, লতা সোনাৱানে, একনাথ চিন্দেৰ সৈতে পিছফালৰ পৰা যামিনী যাদৱ । আনহাতে নিৰ্দলীয় বিধায়ক নৰেন্দ্ৰ বণ্ডেকাৰও ইয়াত আছে ।

লগতে পঢ়ক : Maharashtra political crisis : সঞ্জয় ৰাউতৰ টুইটে দিছে চৰকাৰ ভংগৰ ইংগিত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.