ETV Bharat / bharat

Puri Rath yatra:পুৰীত 'নৱযৌবন দৰ্শন'ৰ বাবে সমৱেত লক্ষ লক্ষ ভক্ত

author img

By

Published : Jun 29, 2022, 4:28 PM IST

Updated : Jun 29, 2022, 8:01 PM IST

puri
Puri Rath yatra:পুৰীত নবজৌবন দৰ্শনৰ বাবে সমৱেত লক্ষ লক্ষ ভক্ত

পুৰীৰ ৰথ যত্ৰাত অংশ গ্ৰহণৰ বাবে সকলো ভক্তৰে থাকে এক সপোন । প্ৰতি বছৰে এই সপোন বাস্তৱত ৰূপায়নৰ বাবে সমৱেত হয় পুৰীত । বধবাৰে নৱযৌবন দৰ্শনৰ বাবে সমৱেত হ'ল লক্ষ লক্ষ ভক্ত । সকলো ৰীতি-নীতি পালন কৰাৰ পিছত দেৱতাসকলৰ 'পৰমণিকা দৰ্শন' ভক্তৰ (Paramanika Darshan)।

নেচনেল ডেস্ক,২৯ জুন: মহামাৰী ক'ভিডৰ বাবে দুবছৰ পিছত ৰথ যাত্ৰাৰ উদ্দেশ্য়ে পুৰীত সমৱেত হৈছে লক্ষ লক্ষ ভক্ত(large numbers on Wednesday for Nabajouban at Puri)। ভগৱান জগন্নাথ,ভগৱান বলাভদ্ৰ আৰু দেৱী সুভদ্ৰাই অনাচাৰা ঘৰত(ৰুগীয়া কোঠা) ১৪ দিন অতিবাহিত কৰাৰ পিছত প্ৰথমবাৰৰ বাবে পুনৰ উপস্থিত হোৱাত বুধবাৰে 'নৱযৌবন' দৰ্শনৰ বাবে বৃহৎ সংখ্যক ভক্তই পুৰীত কালিৰে পৰাই ভিৰ কৰিছেহি (After holy bath on Snana Purnima,the sibling deities fell ill and were recuperating in Anasara ghara for,a fortnight)।

বুধবাৰে এই দৰ্শন পুৰী শ্ৰীমন্দিৰত আৰম্ভ হোৱাৰ পিছত টিকট সংগ্ৰহ কৰাসকলক পুৱা ৮ বজাৰ পৰা পুৱা ৯ বজালৈ প্ৰথমে যাবলৈ অনুমতি দিয়া হয় (Visitors allowed forenter in Puri Temple)। ইপিনে, বিনামূলীয়া ৰাজহুৱা দৰ্শন পুৱা ৯ বজাৰ পৰা ১০:৩০ বজালৈ হোৱা বুলি মন্দিৰ কৰ্তৃপক্ষই সদৰি কৰিছে ।

জনশ্ৰুতি অনুসৰি 'স্নান পূৰ্ণিমা'ত পবিত্ৰ স্নানৰ পিছত, ভাই-ভনী দেৱতাসকল অসুস্থ হৈ পৰিছিল । পাছত এপষেকৰ বাবে 'অনাসৰা ঘৰ'ত থাকি আৰোগ্য লাভ কৰিছিল। এই জনশ্ৰুতি অনুসৰিয়েই আৰোগ্য হোৱাৰ পিছত বুধবাৰে প্ৰথমবাৰৰ বাবে ভাই-ভনী দেৱতাসকল পুনৰ আবিৰ্ভাৱ হয় । উল্লেখ্য় যে নৱযৌবন দৰ্শন ৰথ যাত্ৰাৰ এদিন পূৰ্বেই সম্পন্ন হয় । আনহাতে, সকলো ৰীতি-নীতি পালন কৰাৰ পিছত দেৱতাসকলৰ 'পৰমণিকা দৰ্শন' আৰু 'সৰ্বসাধাৰণ দৰ্শন' আৰম্ভ হয় ।

ইতিমধ্য়ে যান-বাহনৰ মসৃণ যাতায়তৰ বাবে পুৰী চহৰক 10 টা অঞ্চল আৰু 29 টা খণ্ডত বিভক্ত কৰা হৈছে। দুচকীয়া বাহন আৰু চাৰিচকীয়া বাহনৰ বাবে পৰ্যাপ্ত পাৰ্কিং সুবিধা প্ৰস্তুত কৰা হৈছে বুলি আৰক্ষীৰ সূত্ৰই সদৰি কৰিছে । বোমা নিস্ক্ৰিয়কাৰী দল, সন্ত্ৰাসবাদী বিৰোধী দল আৰু বিশেষ কৌশলগত গোট চহৰখনত মোতায়েন কৰা বুলি এজন আৰক্ষী বিষয়াই কয় । এইবছৰ লাখ লাখ ভক্তই পুৰী ভ্ৰমণ কৰাৰ সম্ভাৱনা আছে বুলি মন্দিৰ কৰ্তৃপক্ষৰ এক সূত্ৰই উল্লেখ কৰিছে ৷

লগতে পঢ়ক:Puri Rath Yatra : ২০৫ বিশেষ ৰে'ল চলালচলৰ পৰিকল্পনা ৰে'ল মন্ত্ৰালয়ৰ

Last Updated :Jun 29, 2022, 8:01 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.