ETV Bharat / bharat

বেতিয়াৰ এটা মুছলমান পৰিয়াালে ১৫ বছৰে উদযাপন কৰি আহিছে ষট পূজা

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 5:16 PM IST

সমগ্ৰ দেশতে ষট পূজাৰ আনন্দ-উল্লাস । বিহাৰৰ বেতিয়াৰ এটা মুছলমান পৰিয়ালে বিগত ১৫ বছৰে উদযাপন কৰি আহিছে ষট পূজা । সম্প্ৰতি চৰ্চাত এই বিশেষ পৰিয়ালটো ।

Muslim Family Celebrates Chhath Puja In Bettiah
মুছলমান পৰিয়াালে ১৫ বছৰে উদযাপন কৰি আহিছে ষট পূজা

নেশ্যনেল ডেস্ক,১৮ নৱেম্বৰ: সমগ্ৰ ভাৰতবৰ্ষতে পৱিত্ৰ ষট পূজাক লৈ উখল-মাখল পৰিৱেশ । পৱিত্ৰ ষট পূজাৰ আনন্দৰ মাজতে চৰ্চালৈ আহিছে এটি ব্যতিক্ৰমী পৰিয়ালৰ প্ৰসংগ । বিহাৰৰ বেতিয়াৰ এটা মুছলমান পৰিয়ালে বিগত ১৫ বছৰ ধৰি উদযাপন কৰি আহিছে পৱিত্ৰ ষট পূজা । পৰিয়ালটোৱে অতি আড়ম্বৰপূৰ্ণবাৱে উদযাপন কৰি আহিছে এই পৱিত্ৰ উৎসৱটি । বিগত ১৫ বছৰ ধৰি ষট পূজা উদযাপন কৰি ষট মহাপৰ্বই যে সম্প্ৰীতিৰ জ্ঞান দিয়ে তাকেই উল্লেখ কৰে ।

এই ষট পূজাত কোনো উচ্চ বা নিম্ন, ধৰ্মক গুৰুত্ব দিয়া নহয় । সমাজৰ সকলো লোকেই প্ৰায় অংশগ্ৰহণ কৰা দেখা যায় ষট পূজাত । ঠিক একেদৰে বিহাৰৰ বেতিয়াৰ পৰিয়ালটোৱেও উদযাপন কৰি আহিছে ষট পূজা । পশ্চিম চম্পাৰণ জিলাৰ চানপতিয়া খণ্ডৰ মহানাকুলি গাঁৱৰ এই পৰিয়ালটোত, মাক আৰু জীয়েকে সম্পূৰ্ণ বিশ্বাস আৰু ভক্তিৰে ষট উৎসৱ উদযাপন কৰে । ষট উৎসৱৰ সময়ত হিন্দু পৰিয়ালসমূহে পালন কৰা কৰা পদ্ধতি তেওঁলোকে অনুসৰণ কৰে । তেওঁলোকে বিশ্বাস কৰে যে হিন্দুধৰ্মৰ মহান উৎসৱ ষট উৎসৱ জাতিৰ উৰ্ধত ।

জানিব পৰা মতে হাৰুণ মিঞাৰ পৰিয়ালে যোৱা ১৫ বছৰ ধৰি ষট পূজা কৰি আহিছে । তেওঁৰ পত্নী ছালিনা খাতুন আৰু জীয়ৰী ৰেহানাই ষট পূজা উদযাপন । হাৰুণ মিঞাৰ পত্নী ছালিনাই কয় যে বিবাহৰ বহু বছৰৰ পিছত তেওঁৰ চাৰিগৰাকী কন্যা শ্বাহনাজ খাতুন, সৰুণ খাতুন, চাহাবুন, অঞ্জুম খাতুনৰ জন্ম হৈছিল । স্বামী আৰু পত্নীয়ে এটা পুত্ৰৰ বাবে আশা কৰিছিল ।

প্ৰায় ১২ বছৰ আগতে, যেতিয়া তেওঁ গাওঁখনৰ মহিলাসকলক তেওঁলোকৰ ঘৰৰ সন্মুখৰ পৰা ষট ঘাটলৈ যোৱা দেখিছিল, তেওঁৰ তালৈ গৈছিল । ষট মাতাৰ ওচৰত পুত্ৰ বিচাৰি আশীৰ্বাদ বিচাৰিছিল । মনোকামনা সম্পূৰ্ণ হোৱাৰ পিছৰে পৰা তেওঁ উপবাস আৰম্ভ কৰা পৰিলক্ষিত হয় । এই সন্দৰ্ভত তেওঁ কয় যে বিয়াৰ পিছত, আমাৰ ৪ গৰাকী ছোৱালী আছিল । পুত্ৰৰ বাবে এটা আশা কৰি ষট মাতাৰ বাবে উপবাস আৰম্ভ কৰিছিল । তেতিয়াৰে পৰা তেওঁ ১৫ বছৰ ধৰি একেৰাহে প্ৰতিবাৰে ষট পূজাত উপবাস কৰি আহিছে ।

হাৰুণ মিঞাৰ জীয়ৰী ৰেহানাইও তাইৰ মাকক দেখাৰ পিছত ষট পূজাত উপবাস কৰিবলৈ আৰম্ভ কৰিছিল । ৰেহানাই বিশ্বাস কৰে যে ষট মাতাৰ আৰ্শীবাদতে সন্তানে জীৱন লাভ কৰিছিল । ৰেহেনাই জনোৱা অনুসৰি আঠ বছৰ পূৰ্বে ৰেহানাৰ ডেৰ বছৰীয়া পুত্ৰ নৌশাদে খেলি থাকোতে এটকাৰ মুদ্ৰা গিলি ছিল । পৰিয়ালটোৱে তেওঁক চিকিৎসাৰ বাবে বেতিয়া আৰু মতিহাৰীলৈ লৈ গৈছিল, কিন্তু সফলতা লাভ কৰা নাছিল । ৰেহানাই ষট ঘাটলৈ গৈছিল আৰু তেওঁ পুত্ৰৰ আশু-আৰোগ্য কামনাৰে পূজা কৰিছিল । ইয়াৰ পিছতই তেওঁৰ পুত্ৰ সুস্থ হৈ উঠিল । তেতিয়াৰে পৰা ৰেহেনাই উপবাস কৰি আহিছে ।

লগতে পঢ়ক: ষঠ পূজাৰ বাবে সাজু গুৱাহাটীৰ চূণচালি ঘাট

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.