ETV Bharat / bharat

King Charles Coronation : ৰজা চাৰ্লছৰ ৰাজ্যাভিষেকলৈ মুম্বাই ডাব্বাৱালাৰ উপহাৰ

author img

By

Published : May 3, 2023, 1:58 PM IST

'পুনেৰী পাগাদি' হৈছে পাগুৰিৰ এক অনন্য শৈলী আৰু পুনেত গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে ইয়াক গণ্য কৰা হয় । পুনেৰী পাগাদীক ২০০৯ চনত ভৌগোলিক সূচাংকৰ মৰ্যাদা প্ৰদান কৰা হৈছিল (Puneri Pagadi granted Geographical Indication) ।

King Charles Coronation
King Charles Coronation

নিউজ ডেস্ক, ৩ মে' : ব্ৰিটেইনৰ ৰজা চাৰ্লছৰ ৰাজ্যাভিষেক অনুষ্ঠানৰ (coronation ceremony of Britains King Charles) পূৰ্বে মুম্বাইৰ বিখ্যাত ডাব্বাৱালাসকলক মঙলবাৰে উপহাৰ ক্ৰয় কৰা দেখা যায় । ৭৪ বছৰীয়া ৰজা চাৰ্লছক ৬ মে'ত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত আনুষ্ঠানিকভাৱে ৰাজকীয় মুকুট পিন্ধোৱা হ'ব ।

ডাব্বাৱালাসকলে পুনেৰী পাগাদি আৰু ৱাৰকাৰী সম্প্ৰদায়ৰ এখন শ্বল ক্ৰয় কৰে (Mumbai Dabbawalas gifts for King Charles Coronation) । পুনেৰী পাগাদি হৈছে পাগুৰিৰ এক অনন্য শৈলী আৰু পুনেত ইয়াক গৌৰৱ আৰু সন্মানৰ প্ৰতীক হিচাপে গণ্য কৰা হয় । পুনেৰী পাগাদীয়ে ২০০৯ চনত ভৌগোলিক সূচাংকৰ মৰ্যাদা লাভ কৰিছিল (Puneri Pagadi granted Geographical Indication) ।

এএনআইৰ সৈতে হোৱা বাৰ্তালাপত ডাব্বাৱালাসকলে কয় যে তেওঁলোকলৈ ব্ৰিটিছ কনছুলেট (British Consulate) আৰু ব্ৰিটিছ দূতাবাসে (British Embassy) নিমন্ত্ৰণ পঠিয়াইছে । "মুম্বাই ডাব্বাৱালাসকলৰ ব্ৰিটিছ ৰাজবংশৰ সৈতে ভাল সম্পৰ্ক আছে । তেওঁৰ বিয়ালৈ দুজন ডাব্বাৱালাক আমন্ত্ৰণ জনোৱা হৈছিল । এইটো আমাৰ বাবে এক সন্মান আছিল । তেওঁ ৰজা হ'বলৈ ওলাইছে । সেয়েহে আমি ৰজা চাৰ্লছক পুনেৰী পাগাদি আৰু ৱাৰকাৰী সম্প্ৰদায়ৰ এখন শ্বল উপহাৰ দিব বিচাৰোঁ ।" মুম্বাই ডাব্বাৱালাসকলৰ মুখপাত্ৰ বিষ্ণু কালডোকে এনেদৰে কয় । উল্লেখ্য যে মুম্বাইৰ ডাব্বাৱালাসকল মহানগৰখনত তেওঁলোকৰ মধ্যাহ্নভোজনৰ বাকচ বিতৰণ আৰু ঘূৰাই অনাৰ ব্যৱস্থাৰ বাবে বিশ্ববিখ্যাত ।

উল্লেখ্য যে ব্ৰিটেইনৰ ৰজা তৃতীয় চাৰ্লছৰ ৰাজ্যাভিষেক ৬ মে'ত লণ্ডনৰ ৱেষ্টমিনষ্টাৰ এবেত অনুষ্ঠিত হ'ব (coronation of Britains King Charles III) । বাকিংহাম পেলেচে এই কথা ঘোষণা কৰিছে । মাতৃ ৰাণী দ্বিতীয় এলিজাবেথৰ মৃত্যুৰ পিছত ব্ৰিটিছ সিংহাসন অধিষ্ঠিত হোৱা ৭৩ বছৰীয়া ৰাজপৰিয়ালৰ ব্যক্তিগৰাকীক কেণ্টাৰবাৰীৰ আৰ্চবিশ্বপে অনুষ্ঠিত কৰিবলগা ৰাজ্যাভিষেক অনুষ্ঠানত আনুষ্ঠানিকভাৱে তেওঁৰ মুকুট আৰু ৰাজকীয় সামগ্ৰী প্ৰদান কৰা হ'ব । ৰাজপ্ৰাসাদে জনোৱা মতে, ৰজাক তেওঁৰ পত্নী ৰাণী কেমিলাৰ সৈতে মুকুট পিন্ধোৱা হ'ব ।

লগতে পঢ়ক :The Kerala Story: প্ৰতিবাদৰ মাজতে জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’, ৫ মে’ত মুক্তি পাব ছবিখনে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.