ETV Bharat / entertainment

The Kerala Story: প্ৰতিবাদৰ মাজতে জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’, ৫ মে’ত মুক্তি পাব ছবিখনে

author img

By

Published : May 3, 2023, 11:06 AM IST

বিতৰ্কিত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ যোৱা ২ মে’ত জে এন ইউ কেম্পাছত প্ৰদৰ্শিত হৈছিল । ছবিখনৰ স্ক্ৰীনিঙৰ সময়ছোৱাত জে এন ইউত উপস্থিত আছিল ছবিখনৰ পৰিচালক, প্ৰযোজক আৰু অভিনেত্ৰী (The Kerala Story) ।

SCREENING OF FILM THE KERALA STORY ON JNU CAMPUS AMID PROTESTS
জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’

জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত প্ৰদৰ্শিত হ’ল ‘দ্য কেৰালা ষ্ট’ৰী’

চিটাৰা ডেস্ক, 3 মে’: মুক্তিৰ পূৰ্বেই বিতৰ্কত সোমাই পৰিছে আদা শৰ্মাৰ অভিনীত ছবি ‘দ্য কেৰালা ষ্ট’ৰী’ ৷ বিতৰ্কৰ মাজতে জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত (জেএনইউ) ৩২ হাজাৰ যুৱতীৰ নিৰুদ্দেশৰ আধাৰত নিৰ্মিত ছবিখন প্ৰদৰ্শিত হয় । এই ছবিখনৰ বিশেষ প্ৰিমিয়াম জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ত ৰখা হৈছিল (The Kerala Story)। কিন্তু বিশেষ কথাটো হ’ল যে সাধাৰণতে জেএনইউত ছবি এখনৰ প্ৰদৰ্শন দেখুৱাবলৈ হুলস্থূল হয়, কিন্তু এই ছবিখনৰ লগত তেনেকুৱা একো নহ’ল । বৰঞ্চ বৃহৎ সংখ্যক ছাত্ৰ-ছাত্ৰীয়ে এই ছবিখনত দেখুওৱা যন্ত্ৰণা বুজি পাইছিল ।

ছবিখনৰ স্ক্ৰীনিঙৰ সময়ত ‘দ্য কেৰালা ষ্ট’ৰী’ৰ পৰিচালক সুদীপ্ত সেন, প্ৰযোজক অমৰুতলাল শ্বাহ আৰু অভিনেত্ৰী আদা শৰ্মাও জেএনইউত উপস্থিত আছিল । ছবিখন ছাত্ৰ-ছাত্ৰীক দেখুওৱাৰ সকলো দায়িত্ব লৈছিল এবিভিপিয়ে । ইয়াৰ বাবে ছ’চিয়েল মিডিয়াতো প্ৰচাৰ চলোৱা হৈছিল (Screening of the film The Kerala Story in JNU) ।

জেএনইউৰ শতাধিক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত জেএনইউৰ বিবেকানন্দ বিচাৰ মঞ্চই ‘দ্য কেৰালা ষ্ট’ৰী’ সফলতাৰে প্ৰিমিয়াৰ কৰে । জে এন ইউৰ ১ নং অডিটৰিয়াম কনভেনচন চেণ্টাৰত প্ৰদৰ্শিত হয় ছবিখন । ছবিখনৰ বহু দৃশ্যই দৰ্শকক স্তম্ভিত কৰি তুলিছিল ছাত্ৰ-ছাত্ৰীক (Film based on disappearance of 32 thousand girls) । স্ক্ৰীনিঙৰ পিচত উপস্থিত থকা ছাত্ৰ-ছাত্ৰীসকলে তেওঁলোকৰ মনলৈ অহা প্ৰশ্নসমূহ মুখ্য অতিথিসকলক সুধিছিল।

ছবি নিৰ্মাতা তথা পৰিচালক সুদীপ্ত সেনে এই ছবিখন নিৰ্মাণৰ ক্ষেত্ৰত তেওঁ সন্মুখীন হোৱা পৰিস্থিতি আৰু অসুবিধাৰ বিষয়ে কয় । তেওঁৰ মতে, ছবিখনত ৩২০০০ যুৱতীৰ নিৰুদ্দেশৰ কাহিনী দেখুওৱা হৈছে যদিও বাস্তৱত এই গোচৰবোৰ ৫০০০ ৰো অধিক (Screening of film The Kerala Story on JNU)।

একে সময়তে ছবিখনৰ প্ৰযোজক বিপুল অমৰুতলাল শ্বাহে কয় যে এনে এখন ছবি নিৰ্মাণৰ বাবে তেওঁ চলচ্চিত্ৰ জগতত বহুখিনি সহ্য কৰিব লগা হৈছে । তেওঁৰ মতে, যিসকলে আৰম্ভণিতে এই ছবিখনৰ পৰা নিজকে আঁতৰাই ৰাখিছিল, তেওঁলোকে এতিয়া নিজকে এই ছবিখনৰ অংশ হিচাপে গঢ়ি তুলিবলৈ চেষ্টা কৰিছে । একে সময়তে ছবিখনৰ মুখ্য অভিনেত্ৰী আদা শৰ্মাই হাতত মাইকটো লোৱাৰ লগে লগে আৰম্ভ হ’ল জয় শ্ৰী ৰাম আৰু হৰ হৰ মহাদেৱৰ শ্ল’গান । অভিনেত্ৰীগৰাকীয়ে কয় যে তেওঁ কেৱল ছবিখনৰ চৰিত্ৰত অভিনয় কৰাই নহয়, ছবিখনক অনুভৱো কৰিছিল ।

উল্লেখ্য যে, বহু বিতৰ্কৰ পিচত ৫ মে’ত ছবিগৃহত মুক্তি লাভ কৰিব ‘দ্য কেৰালা ষ্ট’ৰী’। ছবিখন নিৰ্মাণৰ পৰা মুক্তি পোৱালৈকে বহু সংগঠনে ইয়াৰ বিৰোধিতা কৰিছিল । আনকি সমালোচকসকলেও ছবিখনৰ মুক্তি বন্ধ কৰিবলৈ উচ্চতম ন্যায়ালয়লৈ গৈছিল যদিও অৱশেষত উচ্চতম ন্যায়ালয়ে ৫ মে’ত ছবিখন মুক্তিৰ অনুমতি দিছিল । ভাৰতৰ বহু সংগঠনে ছবিখনৰ বিৰোধিতা কৰিছিল যদিও আনহাতে বহু সংগঠনে এই ছবিখনৰ পক্ষত থিয় দিছিল ।

লগতে পঢ়ক: AR Rahman: এ আৰ ৰহমানৰ লাইভ শ্ব’ত বাধা প্ৰদান আৰক্ষীৰ, এই সন্দৰ্ভত ৰহমানে ব্যক্ত কৰিলে প্ৰতিক্ৰিয়া

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.