ETV Bharat / bharat

Mrs Chatterjee vs Norway Trailer OUT: 'য়ে দেশ কা মেটাৰ হ্য়ে', ৰাণী মুখাৰ্জীৰ নতুন ছবিৰ ট্ৰেইলাৰ চালেনে ?

author img

By

Published : Feb 23, 2023, 4:20 PM IST

মুক্তি পালে ৰাণী মুখাৰ্জীৰ নতুন ছবি Mrs Chatterjee vs Norwayৰ ট্ৰেইলাৰ । বিশ্বাস কৰক, ট্ৰেইলাৰটো চোৱাৰ পিছত আপোনাৰো গাঁৰ নোম শিয়ৰি উঠিব ।

MRS CHATTERJEE VS NORWAY TRAILER RELEASE RANI MUKERJIS SOLID PERFORMANCE
'য়ে দেশ কা মাটাৰ হ্য়াো', ৰাণী মুখাৰ্জীৰ নতুন ছবিৰ ট্ৰেইলাৰ চালেনে ?

চিটাৰা ডেস্ক, 23 ফেব্ৰুৱাৰী: প্ৰত্যেকটি শিশুৰ মুখৰ প্ৰথম শব্দটোৱে চাগে হৈছে 'মা'৷ এগৰাকী মাতৃয়ে নিজৰ সন্তানৰ বাবে বহুতো ত্যাগ স্বীকাৰ কৰে ৷ মাতৃ আৰু সন্তানৰ মাজৰ যি সম্পৰ্ক সেয়া হয়তো আন সম্পৰ্কৰ সৈতে কেতিয়াও তুলনাই নহয় ৷ তেনেই এক উদাহৰণ দি এগৰাকী মাতৃৰ চৰিত্ৰত সকলোৰে হৃদয় স্পৰ্শ কৰিবলৈ গৈ আছে বলীউডৰ মোহময়ী অভিনেত্ৰী ৰাণী মুখাৰ্জী (Rani Mukherjee new Movie) ৷

বলীউডৰ অন্যতম সুন্দৰ অভিনেত্ৰী ৰাণী মুখাৰ্জীয়ে পুনৰবাৰ নিজৰ অভিনয়েৰে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ আহিছে । মৰ্দানীত কৰা অভিনয়ে যিদৰে তেওঁ প্ৰত্যেকগৰাকী নাৰীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছিল ঠিক তেনে এইবাৰ তে ডাঙৰ পৰ্দাত এনে এক কাহিনী উপস্থাপন কৰিবলৈ গৈ আছে, যাৰ বিষয়ে আপুনি নিশ্চয় শুনিছে যদিও কেতিয়াও অনুভৱ কৰা নাছিল (Rani Mukherjee new movie name) ।

ভগৱানে কোনো মাতৃৰ জীৱনত যাতে কেতিয়াও এনেকুৱা হ’বলৈ নিদিওক, কিন্তু এই কথা উপলব্ধি কৰিবলৈ আপুনি ৰাণী মুখাৰ্জীৰ নতুন ছবি ‘Mrs Chatterjee vs Norwayৰ ট্ৰেইলাৰ চাব লাগিব (Rani Mukherjee Instagram)। বৃহস্পতিবাৰে (২৩ ফেব্ৰুৱাৰী) মুক্তি লাভ কৰে এই ছবিখনৰ ট্ৰেইলাৰ (Rani Mukherjee upcoming movie 2023)। চাওক ছবিখনৰ এই ট্ৰেইলাৰ-

  • " class="align-text-top noRightClick twitterSection" data="">

ছবিখনৰ ট্ৰেইলাৰ ২.৪৭ মিনিটৰ, যাৰ আৰম্ভণিতে ৰাণী মুখাৰ্জীৰ পৰিয়ালৰ হাঁহি খেলা-ধূলা আৰু পিছৰ মুহূৰ্তত মিচেছ চেটাৰ্জীয়ে (ৰাণী মুখাৰ্জীৰ চৰিত্ৰৰ নাম) এনে এক ধুমুহাৰ সন্মুখীন হয় যাৰ কথা হয়তো তেওঁ সপোনতো ভবা নাছিলে (What movies was Rani Mukherjee in?) ৷

এতিয়া আহিছো মূল ঘটনালৈ দৰাচলতে শ্ৰীমতী চেটাৰ্জীৰ দুটি কণমানি সন্তান (শুভ আৰু সুচী) নৰৱেৰ শিশু বিভাগৰ পৰা লৈ যোৱা হয় যে, কাৰণ মিচেছ চেটাৰ্জীয়ে নিজৰ সন্তানক সঠিকভাৱে ডাঙৰ-দীঘল তথা লালন-পালন কৰা নাই । আপুনি নিশ্চয় শুনিছে যে এনে বহু দেশ আছে য'ত ৰখা হৈছে শিশুক মাৰপিট কৰা, ভালদৰে যত্ন নোলোৱা আদি গুৰুত্বপূৰ্ণ কথাবোৰ মনত ৰাখি পিতৃ-মাতৃয়ে সন্তানক লৈ যত্ন লয় আৰু পিতৃ-মাতৃক সৰু সৰু শাস্তিৰ শাস্তি দিয়া হয় সেয়াই হৈছে এই ছবিখনৰ মূল বিষয় (Rani Mukherjee movies)।

আছিমা ছিব্বেৰৰ পৰিচালনাত নিৰ্মিত এই ছবিখনৰ ট্ৰেইলাৰত দেখুওৱা হৈছে যে ৰাণীয়ে কেনেকৈ গাখীৰ খুওৱা সন্তানক হেৰুৱাইছে আৰু কেনেকৈ তেওঁ নিজৰ সন্তানক লাভৰ বাবে আইনী যুদ্ধত নামি পৰিছে । ইফালে শ্ৰীমতী চেটাৰ্জীয়ে গম পায় যে, শিশু বিভাগেও ইয়াৰ আৱৰণত ডাঙৰ কেলেংকাৰী সংঘটিত কৰি আছে ।

ট্ৰেইলাৰত দেখা গৈছে যে, সন্তান লালন-পালনৰ নামত শিশুক লৈ গৈ ডাঙৰ হোৱাৰ পিচত দেহ ব্যৱসায়ত পেলাই দিয়া হৈছে । এই গোচৰৰ বিৰুদ্ধে যুঁজি থাকোঁতে ৰাণীয়ে ইয়াক কেৱল নিজৰ ঘৰৰ কাহিনীৰ মাজতে আৱদ্ধ কৰি ৰখাই নহয়, ভাৰতবৰ্ষৰ সংস্কৃতি আৰু ৰীতি-নীতিৰ সন্মানত আঘাত কৰা লোকসকলৰ বিৰুদ্ধেও থিয় দিছে । ভাৰতবৰ্ষত সন্তানক আনক কু-দৃষ্টিৰ পৰা দূৰত ৰখা তথা সাধাৰণ অৰ্থত মুখ নালাগিবলৈ ক'লা কাজলৰ ফোট চকুত, কাণৰ কাষত, কপালত লগোৱা হয় ৷ কিন্তু বহিঃৰাজ্যত এই সকলোবোৰৰ কোনো গুৰুত্ব নাই ৷

তাৎপৰ্যপূৰ্ণভাৱে ছবিখনৰ কাহিনী এটা সত্য ঘটনাৰ ওপৰত আধাৰিত । ছবিখনত এগৰাকী বঙালী মহিলাৰ চৰিত্ৰত অভিনয় কৰিছে ৰাণী মুখাৰ্জীয়ে । যিয়ে হিন্দী আৰু ইংৰাজী দুয়োটা বৰ বিশেষ ভালকৈ ক’ব নোৱাৰে । উল্লেখ্য যে, 17 মাৰ্চত ছবিগৃহত মুক্তি লাভ কৰিব এই ছবিখন ৷

ৰাণী মুখাৰ্জীৰ ৱৰ্কফ্ৰন্ট

২০১৪ চনত ছবি প্ৰযোজক তথা যশ ৰাজ বেনাৰৰ স্বত্বাধিকাৰী আদিত্য চোপ্ৰাৰ (Aditya Chopra is the owner of Yash Raj Banner) সৈতে বিবাহপাশত আৱদ্ধ হোৱাৰ পিচত ৰাণীয়ে বলীউডত অবিৰতভাৱে নিজৰ অভিনয় প্ৰদৰ্শন কৰি আহিছে । বিবাহৰ চাৰি বছৰৰ পাচত ২০১৮ চনত ‘হিচকি’ৰ জৰিয়তে দ্বিতীয়বাৰৰ বাবে তেওঁ বলীউডত ভৰি দিয়ে । ইয়াৰ পিচত ৰাণীক ‘মৰ্দানী-২’ (২০১৯) ছবিত আৰু শেষবাৰৰ বাবে ‘বাণ্টী আৰু বাবলি-২’ (২০২১) ছবিত দেখা গৈছিল । এতিয়া ক'ভিডৰ দুবছৰৰ পাচত ‘Mrs Chatterjee vs Norway’ত ছবিখনৰ জৰিয়তে ৰূপালী পৰ্দাত এক শক্তিশালী কাহিনী লৈ ঘূৰি আহিছে ৰাণীয়ে (Which is the 1st movie of Rani Mukherjee?)।

লগতে পঢ়ক: Kiara wishes Mom Birthday: কিয়াৰাই এনেদৰে জনালে মাতৃক জন্মদিনৰ শুভেচ্ছা, শ্বেয়াৰ কৰিলে বিবাহৰ Unseen ফটো

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.