ETV Bharat / bharat

ছত্তীশগড়ৰ দূৰ্গত সোপাধৰা সন্দেহত মানসিকভাৱে অসুস্থ ব্যক্তিক গণপ্ৰহাৰ

author img

By

Published : Oct 8, 2022, 10:38 AM IST

ছত্তীশগড়ৰ দুৰ্গত সোপাধৰা সন্দেহত মানসিকভাৱে বিকাৰগ্ৰস্ত এজন ব্যক্তিক নিৰ্বিচাৰ গণপ্ৰহাৰৰ ঘটনা (Mob thrashes mentally-challenged man)৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ব্যক্তিজনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

Mob thrashes mentally-challenged man mistaking him for child abductor in Durg
ছত্তীশগড়ৰ দূৰ্গত সোপাধৰা সন্দেহত মানসিকভাৱে অসুস্থ ব্যক্তিক গণপ্ৰহাৰ

নেশ্যনেল ডেস্ক,8 অক্টোবৰ: ছত্তীশগড়ৰ দুৰ্গ জিলাত উটাই আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত সোপাধৰাৰ সন্দেহত মানসিকভাৱে অসুস্থ এজন ব্যক্তিক নিৰ্বিচাৰ গণপ্ৰহাৰৰ ঘটনা (Mob thrashes mentally-challenged man)৷ ঘটনাস্থলীত আৰক্ষীৰ দল উপস্থিত হৈ ব্যক্তিজনক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি উন্নত চিকিৎসাৰ বাবে হাস্পতাললৈ প্ৰেৰণৰ ব্যৱস্থা কৰে ।

ঘটনা সন্দৰ্ভত দূৰ্গৰ সহ আৰক্ষী অধীক্ষকগৰাকীয়ে সদৰি কৰা অনুসৰি, শুকুৰবাৰে ছত্তীশগড়ৰ দুৰ্গৰ উটাই আৰক্ষী থানাৰ অন্তৰ্গত এটা অঞ্চলত মানসিকভাৱে অসুস্থ এজন ব্যক্তিক শিশু অপহৰণকাৰীৰ সন্দেহত কৰা গণপ্ৰহাৰত ব্যক্তিজন গুৰুতৰভাৱে আহত হয় (Mob thrashes in Durg)।

পৰৱৰ্তী সময়ত ঘটনাস্থলীত উপস্থিত আৰক্ষীয়ে তেওঁক উদ্ধাৰ কৰি প্ৰাথমিক চিকিৎসা প্ৰদান কৰি চিকিৎসালয়লৈ প্ৰেৰণ কৰে বুলিও তেওঁ লগতে কয় ।

ইতিমধ্যে ঘটনাটোক লৈ ভাইৰেল হোৱা ভিডিঅ’ত দেখিবলৈ পোৱা অচিনাক্ত লোকসমূহৰ বিৰুদ্ধে গোচৰ পঞ্জীয়ন কৰাৰ লগতে অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰ কৰা হ’ব বুলি জনালে সহ আৰক্ষী অধীক্ষকগৰাকীয়ে ৷

উল্লেখ্য যে দেশত শেহতীয়াকৈ সোপাধৰাৰ আতংকই বিৰাজ কৰিছে (Sopadhara rumours in India)। বুধবাৰে ছত্তিশগড়ৰ চাৰোদাত জনসাধাৰণৰ প্ৰহাৰৰ বলি হৈছিল তিনিগৰাকী সাধু ৷ বুধবাৰে আনুমানিক প্ৰায় ১১বজাত তিনিগৰাকী সাধু চাৰোদা অঞ্চলৰ পথৰে গৈ থকা অৱস্থাত হঠাৎ কোনো অচিনাক্ত লোকে সোপাধৰা বুলি চিঞৰ-বাখৰ কৰিবলৈ আৰম্ভ কৰে(Beating Sadhus at Durg district) ৷

স্থানীয় ৰাইজে সাধুকেইগৰাকীক জেৰা আৰম্ভ কৰাৰ পিছতে সাধুকেইগৰাকীয়ে ঘটনাৰ বিৱৰণী দিয়াৰ পূৰ্বেই সাধুকেইগৰাকীক প্ৰহাৰ কৰিবলৈ ধৰে ৰাইজে (Sadhus were beaten up on suspicion of child theft) ৷ ফলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় তিনিওগৰাকী সাধু ৷

ঘটনাৰ খবৰ পাই স্থানীয় আৰক্ষী সেই স্থানত উপস্থিত হৈ পৰিস্থিতি নিয়ন্ত্ৰণ কৰে আৰু সাধুকেইগৰাকীক উদ্ধাৰ কৰি হাস্পতাললৈ প্ৰেৰণ কৰে ৷ সাধুকেইগৰাকীৰ নাম ক্ৰমে ৰাজবীৰ সিং, অমন সিং আৰু শ্যাম সিং ৷

পৰৱৰ্তী সময়ত বৃহস্পতিবাৰে আৰক্ষীয়ে ছত্তীশগড়ৰ দূৰ্গ জিলাত সাধুকেইগৰাকীক প্ৰহাৰ কৰাৰ অভিযোগত চাৰি অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে (Four accused held in Sadhu beating)৷ গ্ৰেপ্তাৰ কৰা অভিযুক্তকেইটাই আৰক্ষীৰ ওচৰত স্বীকাৰ কৰিছে যে তেওঁলোকে সাধুকেইজনৰ পৰা টকা বিচাৰিছিল ।

কিন্তু সাধুকেইগৰাকীয়ে ধন দিবৰ বাবে অস্বীকাৰ কৰিছিল ৷ তেতিয়াই অভিযুক্তকেইটাই সাধু তিনিজনক শিশু অপহৰণত জড়িত থকা বুলি মিছাকৈ চিঞৰ বাখৰ কৰি জনসাধাৰণক আক্ৰমণ কৰিবলৈ উদগনি দিছিল ৷

লগতে পঢ়ক: সোপাধৰাৰ সন্দেহত সাধুক কৰা প্ৰহাৰৰ গোচৰত চাৰি অভিযুক্তক আটক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.