ETV Bharat / bharat

নিৰ্বাচনী বিপৰ্যয় : মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পদত্যাগ

author img

By ETV Bharat Assamese Team

Published : Dec 4, 2023, 6:28 PM IST

Mizoram CM Zoramthanga submits resignation
মিজোৰামৰ মুখ্যমন্ত্ৰীৰ পদত্যাগ

মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ পদত্যাগ ৷ নিৰ্বাচনত পৰাজয় স্বীকাৰ কৰাৰ পিছতে ৰাজ্যপালক পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীজনে ৷

তেজপুৰ, 4 ডিচেম্বৰ : নিৰ্বাচনত শোচনীয় পৰাজয় স্বীকাৰ কৰাৰ পিছতে পদত্যাগ মিজোৰামৰ মুখ্যমন্ত্ৰী জোৰামথাংগাৰ ৷ আজি বিয়লি ৰাজ্যপাল ড৹ হৰিবাবু কামভামপাক পদত্যাগ পত্ৰ দাখিল কৰে মুখ্যমন্ত্ৰীজনে ৷ বিয়লি 4 বজাত ৰাজ্যপালক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰীজনে এই পদত্যাগ পত্ৰ দাখিল কৰে বুলি জানিব পৰা গৈছে ৷

ইফালে জোৰাম পিপ’লছ মুভমেণ্ট দলৰ মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী লালডুহোমাই মঙলবাৰে দলীয় বৈঠক অনুষ্ঠিত কৰি চৰকাৰ গঠনৰ দাবীৰে ৰাজ্যপালক সাক্ষাৎ কৰাৰ সম্ভাৱনা আছে । উল্লেখ্য যে, সোমবাৰে ঘোষণা কৰা হয় মিজোৰাম বিধানসভা নিৰ্বাচনৰ ফলাফল ৷ এই নিৰ্বাচনত ৰাজ্যখনত তিনিবাৰকৈ মুখ্যমন্ত্ৰীৰ পদত অধিষ্ঠিত হোৱা জোৰামথাংগা শোচনীয় পৰাজয়ৰ সন্মুখীন হোৱাৰ লগতে তেওঁৰ দল মিজো নেচনেল ফ্ৰণ্টো বিপৰ্যয়ৰ সন্মুখীন হয় ৷
ৰাজ্যখনত ইতিহাস ৰচনা কৰি জোৰাম পিপলচ মুভমেণ্ট চমুকৈ জেড পি এমে একক সংখ্যাগৰিষ্ঠতা লাভেৰে প্ৰথমবাৰৰ বাবে চৰকাৰ গঠন কৰিবলৈ সাজু হৈছে । 40 জনীয়া মিজোৰাম বিধানসভাত দলটোৱে 27 খন আসন লাভ কৰিবলৈ সক্ষম হৈছে ৷ ইফালে মুখ্যমন্ত্ৰী জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্টে মাত্ৰ 10 খন আসনহে লাভ কৰিবলৈ সক্ষম হয় ৷

উল্লেখ্য যে, জোৰামথাংগাৰ দল মিজো নেচনেল ফ্ৰণ্টে বিগত নিৰ্বাচনত ৰাজ্যখনত একক সংখ্যাগৰিষ্ঠতা লাভ কৰি চৰকাৰ গঠন কৰিছিল । কিন্তু আইজল পূৱ-১ আসনৰ পৰা এইবাৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰা মুখ্যমন্ত্ৰী জোৰামথাংগাই জেড পি এম দলৰ লালথাংগাৰ বিৰুদ্ধে পৰাজয় বৰণ কৰিবলগা হয় ৷ সমষ্টিটোত 2,101 টা ভোটৰ ব্যৱধানত পৰাস্ত হয় জোৰামথাংগা ৷ জেড পি এমৰ লালথাংগাই 10,727 টা ভোট লাভ কৰাৰ বিপৰীতে জোৰামথাংগাই লাভ কৰে 8626 টা ভোট ৷

লগতে পঢ়ক : মিজোৰামৰ এমএনএফৰ দুৰ্গত মোক্ষম আঘাত, সন্মান ৰক্ষা কৰিবলৈ সক্ষম নহ’ল মুখ্যমন্ত্ৰী জোৰামথাংগা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.