ETV Bharat / bharat

দিল্লীত প্ৰধানমন্ত্ৰীৰে ম্যানমাৰৰ শৰণাৰ্থী সন্দৰ্ভত আলোচনা মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাৰ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 10:53 PM IST

Mizoram CM Lalduhoma
Mizoram CM Lalduhoma

Myanmar refugee issue: মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সৈতে ম্যানমাৰৰ শৰণাৰ্থী বিষয়ক লৈ আলোচনা কৰে । মুখ্যমন্ত্ৰী পদ গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে দিল্লী ভ্ৰমণৰ সময়ত লালডুহোমাই উত্তৰ-পূব ৰাজ্যখনৰ বাস্তৱতা পৰিস্থিতিৰ বিষয়ে প্ৰধানমন্ত্ৰীক অৱগত কৰে ।

নিউজ ডেস্ক, ৪ জানুৱাৰী: মণিপুৰ আৰু ম্যানমাৰত চলি থকা সংকটৰ মাজতে মিজোৰামৰ মুখ্যমন্ত্ৰী লালডুহোমাই বৃহস্পতিবাৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সাক্ষাৎ কৰি কেইবাটাও বিষয়ত আলোচনা কৰে ।

উত্তৰ-পূৰ্বাঞ্চল ৰাজ্যখনৰ মুখ্যমন্ত্ৰীৰ দায়িত্ব গ্ৰহণ কৰাৰ পিছত প্ৰথমবাৰৰ বাবে নতুন দিল্লী ভ্ৰমণ কৰা লালডুহোমাই ভাৰত-ম্যানমাৰ সীমান্ত সন্দৰ্ভত আলোচনা কৰে । সূত্ৰ অনুসৰি মুখ্যমন্ত্ৰী লালডুহোমাই প্ৰধানমন্ত্ৰী মোদীক জনাইছে যে ভাৰত-ম্যানমাৰ সীমান্তটো তদানীন্তন ব্ৰিটিছ চৰকাৰে ক্ষতিগ্ৰস্ত লোকৰ লগত (মিজো) আলোচনা নকৰাকৈয়ে সৃষ্টি কৰিছিল ।

তেওঁ আৰু কয় যে সীমান্তৰ দুয়োপাৰৰ লোকসকলৰ ইচ্ছা এটা প্ৰশাসনৰ অধীনলৈ অহা আৰু মিজোৰামৰ ভিতৰত আশ্ৰয় বিচৰা শৰণাৰ্থীসকলক বেলেগ ধৰণে ব্যৱহাৰ কৰা নহয়, বৰঞ্চ মিজো জনগোষ্ঠীৰ ভাই-ভনী হিচাপে ব্যৱহাৰ কৰা হয় ।

ম্যানমাৰৰ শৰণাৰ্থীসকল চিন-জো জনগোষ্ঠীৰ আৰু মিজোৰামৰ মিজোসকলৰ সৈতে একেধৰণৰ জাতিগত, সাংস্কৃতিক আৰু পৰম্পৰাগত সম্পৰ্ক আছে । ‘অখণ্ড ভাৰত’ৰ অংশ হিচাপে ‘বৃহত্তৰ মিজোৰাম’ৰ কামনাও মুখ্যমন্ত্রীয়ে প্রকাশ কৰে ৷ লালডুহোমাই তেওঁৰ ছ’চিয়েল মিডিয়া পোষ্টত উল্লেখ কৰে যে প্ৰধানমন্ত্ৰীয়ে তেওঁক ইনাৰ লাইন পাৰ্মিট (আই এল পি)ৰ উন্নত আৰু ইউনিফৰ্মযুক্ত ব্যৱস্থাৰ প্ৰস্তাৱ দাখিল কৰিবলৈ পৰামৰ্শ দিছিল ।

বংগ ইষ্টাৰ্ণ ফ্ৰন্টিয়াৰ ৰেগুলেচন, ১৮৭৩ৰ অধীনত আই এল পি বৰ্তমান মিজোৰাম, মেঘালয়, মণিপুৰ, নাগালেণ্ড আৰু অৰুণাচল প্ৰদেশত বলবৎ কৰা হৈছে । আই এল পি ব্যৱস্থাৰ মূল লক্ষ্য হৈছে এই ৰাজ্যসমূহত অন্যান্য ভাৰতীয় নাগৰিকৰ বসতি পৰীক্ষা কৰি থলুৱা আৰু খিলঞ্জীয়া জনসংখ্যাক সুৰক্ষা প্ৰদান কৰা ৷ ভূমি, চাকৰি আৰু অন্যান্য সা-সুবিধাৰ ক্ষেত্ৰতো খিলঞ্জীয়া লোকসকলক সুৰক্ষা প্ৰদান কৰা হৈছে ।

ইয়াৰ পূৰ্বে বুধবাৰে লালডুহোমাই বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰক সাক্ষাৎ কৰি ম্যানমাৰৰ শৰণাৰ্থী বিষয়ক লৈ আলোচনা কৰে । ২০২১ চনৰ ফেব্ৰুৱাৰী মাহত সামৰিক বাহিনীয়ে আন ছান ছু কি চৰকাৰক ওফৰাই ক্ষমতা দখল কৰাৰ পিছত ম্যানমাৰৰ পৰা প্ৰথমটো আগমন আৰম্ভ হৈছিল ।তেতিয়াৰ পৰা ম্যানমাৰৰ পৰা ভাৰতৰ উত্তৰ-পূব ৰাজ্যখনত মহিলা আৰু শিশুকে ধৰি ৩২ হাজাৰৰো অধিক লোকে আশ্ৰয় লৈছে ।

লগতে পঢ়ক: প্ৰত্যাহ্বান নেওচি আধুনিক প্ৰযুক্তিৰে অৰুণাচলৰ ভাৰত-চীন সীমান্তত পথ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.