ETV Bharat / state

প্ৰত্যাহ্বান নেওচি আধুনিক প্ৰযুক্তিৰে অৰুণাচলৰ ভাৰত-চীন সীমান্তত পথ নিৰ্মাণ বিআৰঅ'ৰ

author img

By ETV Bharat Assamese Team

Published : Jan 4, 2024, 7:24 PM IST

BRO Bituminous Road : পশ্চিম অৰুণাচল প্ৰদেশৰ চীন সীমান্তত শূন্য ডিগ্ৰীতকৈও তলৰ উষ্ণতাত অতি উচ্চ উচ্চতাত বিটুমিনৰ পথ নিৰ্মাণ আৰু তাৰ ৰক্ষণাবেক্ষণ ভাৰতৰ প্ৰধান পথ নিৰ্মাণ সংস্থা সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৰ বাবে এক অতি প্ৰত্যাহ্বানমূলক কাম । তথাপিও এই প্ৰত্যাহ্বানক নেওচি অৰুণাচল প্ৰদেশৰ ভাৰত-চীন সীমান্তত শূন্য ডিগ্ৰীৰ তলৰ তাপমাত্ৰাত বিআৰঅ'ৱে এই বিটুমিন পথ নিৰ্মাণ কৰি এক সফলতা কঢ়িয়াই আনিছে ।

অৰুণাচলৰ ভাৰত চীন সীমান্তত পথ নিৰ্মাণ বিআৰঅ'ৰ
অৰুণাচলৰ ভাৰত চীন সীমান্তত পথ নিৰ্মাণ বিআৰঅ'ৰ

তেজপুৰ, ৪ জানুৱাৰী : ভাৰত-চীন সীমান্তত দ্ৰুতগতিত এক সবল পথ আন্তঃগাঁথনি নিৰ্মাণ কৰাত ভাৰত চৰকাৰে সৰ্বোচ্চ অগ্ৰাধিকাৰ প্ৰদান কৰি আহিছে । তাৰেই প্ৰতিফলন ঘটাই সীমান্ত পথ সংস্থা চমুকৈ বিআৰঅ'ৱে শূন্য ডিগ্ৰীৰো তলৰ তাপমাত্ৰাত অতি প্ৰত্যাহ্বান নেওচি আধুনিক প্ৰযুক্তিৰে অৰুণাচলৰ ভাৰত-চীন সীমান্তত এটা বিটুমিনৰ পথ নিৰ্মাণ কৰি উলিয়াইছে । উল্লেখ্য যে শূন্য ডিগ্ৰীৰো তলৰ তাপমাত্ৰাৰ পৰিস্থিতিত চীন সীমান্তত অতি উচ্চতাত বিটুমিনৰ পথ নিৰ্মাণ আৰু ৰক্ষণাবেক্ষণ কৰাটো ভাৰতৰ মুখ্য পথ নিৰ্মাণ সংস্থা বিআৰঅ'ৰ বাবে সদায় এক প্ৰত্যাহ্বানমূলক কাম হৈ আহিছে ।

বিআৰঅ'ৰ পথ নিৰ্মাণ
বিআৰঅ'ৰ পথ নিৰ্মাণ

বিশেষকৈ শীতকাল আৰম্ভ হোৱাৰ লগে লগে বেছিভাগ বিটুমিন পথ নিৰ্মাণকাৰ্য বন্ধ হৈ যায় বা পলম হয় । কিয়নো এই পথ নিৰ্মাণৰ বাবে গৰম বিটুমিন মিশ্ৰণ উৎপাদনৰ বাবে উচ্চ তাপমাত্ৰা অৰ্থাৎ 1160-170 0 চিন হট মিক্স প্ৰকল্পত গৰম কৰাৰ বাবে অতি বেছি সময়ৰ প্ৰয়োজন হয় । ইয়াৰ উপৰি লাভ কৰিব বিচৰা স্থিতিস্থাপকতা আৰু সফলতা অৰ্জনৰ বাবে কাৰ্যকৰী সংকোচনৰ বাবে পেভিং স্থানত বিটুমিন মিশ্ৰণ স্থাপন আৰু সংহত কৰিব লাগে । যিটো একপ্ৰকাৰ দুৰূহ হৈ পৰে ।

বিআৰঅ'ৰ পথ নিৰ্মাণ
বিআৰঅ'ৰ পথ নিৰ্মাণ

হট মিক্স প্ৰকল্পৰ পৰা প্ৰকল্প স্থানলৈ বিটুমিন মিশ্ৰণ শূন্য ডিগ্ৰী তাপমাত্ৰাৰ তলত পাহাৰৰ ৰাস্তাবোৰত পৰিবহণৰ বাবে সময় বেছি লাগে । যাৰ ফলত পেভিং স্থান গৈ পোৱাৰ পূৰ্বে বিটুমিন মিশ্ৰণ দ্ৰুতভাৱে ঠাণ্ডা হয় । এনেধৰণৰ মিশ্ৰণ পেভিং আৰু ৰোলিঙৰ বাবে নিম্নমানৰ হয় ।

বিআৰঅ'ৰ পথ নিৰ্মাণ
বিআৰঅ'ৰ পথ নিৰ্মাণ

কিন্তু এই সকলো প্ৰত্যাহ্বানৰ মোকাবিলা কৰিবলৈ সীমান্ত পথ সংস্থাই ভৰ্টক প্ৰকল্পৰ অধীনত অৰুণাচল প্ৰদেশত ভাৰতৰ আটাইতকৈ পুৰণি আৰু মুখ্য পথ গৱেষণা সংস্থা চিএছআইআৰ-চেণ্ট্ৰেল ৰোড ৰিছাৰ্চ ইনষ্টিটিউট (চিএছআইআৰ-চিআৰআৰআই), বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰালয়ৰ দ্বাৰা বিকশিত এক থলুৱা পথ নিৰ্মাণ প্ৰযুক্তি 'ৰেজুপেভ' (REJUPAVE) সফলতাৰে ব্যৱহাৰ কৰি শূন্য ডিগ্ৰী তাপমাত্ৰাৰ তলৰ উষ্ণতাৰ পৰিস্থিতিত এই বিটুমিন পথ নিৰ্মাণ কৰে ।

এই প্ৰযুক্তিটো শেহতীয়াকৈ বিআৰঅ'ৱে অৰুণাচলৰ চীন সীমান্তৰ ওচৰৰ বিশ্বৰ সৰ্বোচ্চ চেলা ৰোড টানেল আৰু এলজিজি-ডামটেং-য়াংষ্টে (এলডিৱাই ৰোড) পথ শাখাত বিটুমিন পথ নিৰ্মাণৰ বাবে সফলতাৰে ৰূপায়ণ কৰা হৈছে ।

লগতে পঢ়ক :দেৰগাঁৱৰ পথ দুৰ্ঘটনাত নিহতৰ পৰিয়ালৰ গৃহত স্বাস্থ্য মন্ত্ৰী কেশৱ মহন্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.