ETV Bharat / bharat

মোডীৰ US visit : কমলা হেৰিছ আৰু টিম কুকক সাক্ষাৎ কৰাৰ সম্ভাৱনা

author img

By

Published : Sep 20, 2021, 2:18 PM IST

PM Modi's US visit
মোডীৰ US visit

22 ছেপ্টেম্বৰত ৱাশ্বিংটন ডিচি(Washington DC)ত উপস্থিত হ'ব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) ৷ কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকৰ কাৰ্যসূচী হাতত লৈ সংযুক্ত ৰাষ্ট্ৰ(United States) ভ্ৰমণলৈ সাজু প্ৰধানমন্ত্ৰী মোডী ৷ সংযুক্ত ৰাষ্ট্ৰৰ উপ-ৰাষ্ট্ৰপতি কমলা হেৰিছ(US Vice President Kamala Harris)ৰ লগতে Appleৰ মুৰব্বী টিম কুকক সাক্ষাৎ কৰাৰ সম্ভাৱনা ৷

ইণ্টাৰনেশ্যনেল ডেস্ক, 20 ছেপ্টেম্বৰ : এক মাৰাথন কাৰ্যসূচী লৈ সংযুক্ত ৰাষ্ট্ৰ(United States) ভ্ৰমণলৈ সাজু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী(Prime Minister Narendra Modi) ৷ কেইবাখনো উচ্চ পৰ্যায়ৰ বৈঠকৰ কাৰ্যসূচী হাতত লৈ চলিত সপ্তাহতে প্ৰধানমন্ত্ৰীগৰাকী সংযুক্ত ৰাষ্ট্ৰলৈ ৰাওনা হ'ব ৷

22 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী মোডী ৱাশ্বিংটন ডিচি(Washington DC)ত উপস্থিত হ'ব আৰু পিছদিনা পুৱা তেওঁ আমেৰিকাৰ শীৰ্ষ মুখ্য কাৰ্যবাহী বিষয়াসকল(top US CEO's)ৰ সৈতে বৈঠকত মিলিত হ'ব ৷ Apple ৰ মুৰব্বী টিম কুকৰ সৈতেও প্ৰধানমন্ত্ৰীগৰাকীয়ে বৈঠকত অংশ লোৱাৰ সম্ভাৱনা আছে ৷ অৱশ্যে সংশ্লিষ্ট বিষয়াই এইপৰ্যন্ত বৈঠকৰ বিৱৰণ নিশ্চিত কৰা নাই ৷

সংবাদ মাধ্যমক তেওঁলোকে সদৰী কৰা মতে, বৈঠকৰ সময়সূচী নিৰ্ধাৰণৰ কাম চলি আছে ৷ আমেৰিকা যুক্তৰাষ্ট্ৰৰ শীৰ্ষ ব্যৱসায়ীসকলৰ সৈতে ইখনৰ পাচত সিখন বৈঠকত অংশ লোৱাৰ পাচত প্ৰধানমন্ত্ৰী মোডীয়ে সংযুক্ত ৰাষ্ট্ৰৰ উপ ৰাষ্ট্ৰপতি কমলা হেৰিছকো(US Vice President Kamala Harris) সাক্ষাৎ কৰিব বুলি আশা কৰা হৈছে ৷ অৱশ্যে এই পৰ্যন্ত এনে কোনো বৈঠকৰ কথা আনুষ্ঠানিকভাৱে ঘোষণা কৰা হোৱা নাই ৷

একেদিনাই প্ৰধানমন্ত্ৰীগৰাকীয়ে অষ্ট্ৰেলিয়াৰ প্ৰধানমন্ত্ৰী স্কট মৰিচন(Australian Prime Minister Scot Morrison) আৰু জাপানৰ প্ৰধানমন্ত্ৰী Yoshihide Suga কো সাক্ষাৎ কৰিব ৷ ইয়াৰ পাচতে প্ৰথমবাৰৰ বাবে প্ৰধানমন্ত্ৰী মোডী সংযুক্ত ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি জ' বাইডেন(US President Joe Biden)ৰ সৈতে শাৰিৰীক দ্বি-পাক্ষিক বৈঠকত ভাগ ল'ব আৰু 24 ছেপ্টেম্বৰত ৱাশ্বিংটনত প্ৰথমখন in-person Quad leaders' summit ত অংশ ল'ব ৷

প্ৰধানমন্ত্ৰী মোডীৰ ভ্ৰমণৰ সময়ত নৈশ ভোজনৰো আয়োজন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷ ইফালে প্ৰধানমন্ত্ৰী মোডীৰ ৱাশ্বিংটন ভ্ৰমণৰ সময়ত UK ৰ প্ৰধানমন্ত্ৰী বৰিছ জনছন(UK Prime Minister Boris Johnson)ৰো ৱাশ্বিংটন ভ্ৰমণৰ কাৰ্যসূচী আছে ৷ সেয়ে তেওঁলোক দুজনৰো সাক্ষাৎ হোৱাৰ সম্ভাৱনা আছে ৷ 24 ছেপ্টেম্বৰৰ সন্ধিয়া প্ৰধানমন্ত্ৰীগৰাকী নিউয়ৰ্কলৈ ৰাওনা হ'ব আৰু পিছদিনা তেওঁ ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভাত (United Nations General Assembly)ত ভাষণ প্ৰদান কৰিব ৷

লগতে পঢ়ক : তৃণমূল কংগ্ৰেছত যোগদান পশ্চিমবংগৰ ৰাজনীতিৰ 'ঝালমুৰী মানৱ' খ্যাত বাবুল চুপ্ৰিয়ৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.