ETV Bharat / bharat

তৃণমূল কংগ্ৰেছত যোগদান পশ্চিমবংগৰ ৰাজনীতিৰ 'ঝালমুৰী মানৱ' খ্যাত বাবুল চুপ্ৰিয়ৰ

author img

By

Published : Sep 18, 2021, 6:01 PM IST

মাত্ৰ কেইমাহমান আগলৈকে মমতা বেনাৰ্জী(Mamta Benarjee)ক দুৰ্নীতিগ্ৰস্ত, নিষ্ঠুৰ মহিলা আখ্যা দিয়া বাবুল সুপ্ৰিয়(Babul Supriyo)ই অৱশেষত দিদিৰ নেতৃত্বত ৰাজনীতিৰ পথাৰত আগবাঢ়ি যোৱাৰ সিদ্ধান্ত ল'লে । তৃণমূল কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিলে প্ৰাক্তন বিজেপি সাংসদগৰাকীয়ে ।

Babul Supriyo joins Trinamool Congress
তৃণমূল কংগ্ৰেছত যোগদান কৰিলে বাবুল চুপ্ৰিয়ই

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ: ৰাজনীতিয়ে মানুহৰ মাজত এনে এক আশ্চৰ্যকৰ পৰিৱৰ্তন আনে যে, আদৰ্শৰ মিল নথকা মানুহৰ সৈতেও একে বাটেৰে আগবাঢ়ি যাবলৈ বাধ্য কৰে । এই কথা সঁচা বুলি প্ৰমাণিত কৰিলে সংগীত জগতৰ পৰা ৰাজনীতিৰ পথাৰত খোজ পেলোৱা পশ্চিমবংগৰ সুপ্ৰিয় ব'ৰাল ওৰফে বাবুল সুপ্ৰিয়(Babul Supriyo)ই । তৃণমূল কংগ্ৰেছ(Trinamul congress)ত যোগদান কৰিলে প্ৰাক্তন বিজেপি সাংসদ তথা কেন্দ্ৰীয় মন্ত্ৰী বাবুল সুপ্ৰিয়ই । তৃণমূল কংগ্ৰেছৰ প্ৰধান তথা পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জী(Mamta Benarjee)ৰ ভতিজা অভিষেক বেনাৰ্জীয়ে তেওঁক দললৈ আদৰণি জনায় ।

বেনাৰ্জীক সংগ দিয়ে দলটোৰ ৰাজ্যসভাৰ সাংসদ ডেৰেক অ'ব্ৰাইনে । এইজনেই সেই একেজন বাবুল সুপ্ৰিয়, যিয়ে চলিত বৰ্ষত বিধানসভা নিৰ্বাচনত টলিগঞ্জ বিধানসভা সমষ্টিৰ পৰা প্ৰতিদ্বন্দিতা কৰি তৃণমূলৰ হেভিৱেট প্ৰাৰ্থী অৰূপ বিশ্বাসৰ হাতত পৰাজয়ৰ বৰণ কৰিবলগীয়া হৈছিল । বাবুল সুপ্ৰিয়ই ৰবীন্দ্ৰনাথ ঠাকুৰ ৰচিত গীতৰ কেইটামান শাৰী গুণগুণাই গেৰুৱা দলটোৰ প্ৰতি থকা অসন্তুষ্টি ব্যক্ত কৰে-"তোমৰা জা ব'ল' টাই ব'ল', আমাৰ লাগে না মনে"(আপুনি যি ক'ব বিচাৰে কওক, মই মনত আঘাত নাপাও) । যোৱা ৭ জুলাইত মোডী চৰকাৰৰ কেবিনেটৰ ৰদবদলৰ পূৰ্বে পৰিৱেশ মন্ত্ৰালয়ৰ পৰা বাবুল চুপ্ৰিয়ক পদত্যাগ কৰিবলৈ কোৱা হৈছিল ।

ইয়াৰ পিছত যোৱা ৩১ জুলাইত ছ'চিয়েল মিডিয়াত তেওঁ এটা দীঘলীয়া পোষ্ট শ্বেয়াৰ কৰিছিল, য'ত বাবুলে চুপ্ৰিয়ই ৰাজনীতিৰ পৰা সন্যাস লোৱাৰ পৰ্যাপ্ত ইংগিত দিছিল । সেই সময়ত তেওঁ হেমন্ত মুখাৰ্জীয়ে কণ্ঠদান কৰা আন এটা অতি জনপ্ৰিয় বাংলা গীতৰ উদ্ধৃতি দিছিল-"এক গোচা ৰজনীগোধা হাথে নিয়ে বোলম, চল্লাম" । নিৰ্বাচনৰ পাছত গেৰুৱা দলটোত ৰাজ্যখনত প্ৰধান বিৰোধী দল হোৱাৰ লগে লগে দলটোৰ ভিতৰচ'ৰাত বিবাদ আৰম্ভ হৈছিল ।

আছাঞ্চলৰ পৰা দুবাৰকৈ সাংসদ হিচাপে নিৰ্বাচিত হোৱা বাবুলে চুপ্ৰিয়ক বিজেপিয়ে কলকাতাৰ দক্ষিণ প্ৰান্তৰ টলিগঞ্জ সমষ্টিৰ পৰা বিধানসভা নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিবলৈ কৈছিল আৰু দলটোৰ এই সিদ্ধান্তক লৈ তেওঁ মুঠেও সন্তুষ্ট নাছিল । টলিগঞ্জত বাবুল চুপ্ৰিয়ৰ পৰাজয় কোনো আশ্চৰ্যৰ বিষয় নাছিল । নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে ছ'চিয়েল মিডিয়াত ক্ষোভ উজাৰিছিল নেতাগৰাকীয়ে । তেওঁ এটা পোষ্টত উল্লেখ কৰিছিল যে, তেওঁ ভাবে যে, পশ্চিমবংগৰ মানুহে ভাৰতীয় জনতা পাৰ্টীক সুযোগ নিদি আৰু এই দুৰ্নীতিগ্ৰস্ত, অদূৰদৰ্শী, অসৎ চৰকাৰ আৰু এগৰাকী নিষ্ঠুৰ মহিলাক পুনৰ ক্ষমতাত অধিষ্ঠিত কৰি এক ঐতিহাসিক ভুল কৰিছে ।

উল্লেখ্য যে, বাবুল সুপ্ৰিয়ই এসময়ত বেংকৰ চাকৰি এৰিছিল আৰু কণ্ঠশিল্পী হোৱাৰ আশাৰে গীতাঞ্জলি এক্সপ্ৰেছেৰে হাওৰাৰ পৰা মুম্বাইলৈ ৰাওনা হৈছিল । একান্ত সাধনাৰ বলত নিজক এগৰাকী জনপ্ৰিয় শিল্পী হিচাপেও প্ৰতিষ্ঠাও কৰিছিল । কিন্তু সংগীত সাধনাৰ মাজতে ৰাজনীতিৰ বতাহজাকেও চুই গৈছিল বাবুল সুপ্ৰিয়ক । এবাৰ বিমান যাত্ৰাৰ সময়ত তেওঁ বাবা ৰামদেৱৰ কাষৰ আসনতে বহিছিল । তেতিয়াই ৰাজনীতিৰ পথাৰত খোজ পেলোৱাৰ কথা তেওঁৰ মনলৈ আহিছিল আৰু তেওঁ ৰাজনৈতিক নেতা হিচাপেও আত্মপ্ৰকাশ কৰাত সফল হ'ল ।

এতিয়া তেওঁ তৃণমূল কংগ্ৰেছৰ সদস্যপদ গ্ৰহণ কৰিছে । দলটোত যোগদান কৰাৰ পাছতে সুপ্ৰিয়ই কয় যে, বিগত তিনিটা দিনৰ ভিতৰতে তেওঁ সকলো সিদ্ধান্ত গ্ৰহণ কৰিছে । দলৰ সদস্যপদ গ্ৰহণৰ পূৰ্বে তেওঁৰ পৰিয়ালৰ লগতে বন্ধুবৰ্গয়ো কৈছিল যে তেওঁৰ ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত আৱেগিক আৰু ভুল সিদ্ধান্ত আছিল । তেওঁ লগতে কয় যে, এতিয়া এটা ডাঙৰ সুযোগ তেওঁৰ বাবে অপেক্ষা কৰি আছে আৰু সেয়ে, তেওঁ এতিয়া মমতা বেনাৰ্জী আৰু অভিষেক বেনাৰ্জীৰ নেতৃত্বত পশ্চিমবংগৰ জনতাৰ বাবে কাম কৰিব ।

সোমবাৰে তেওঁ মুখ্যমন্ত্ৰী বেনাৰ্জীক সাক্ষাৎ কৰিব বুলিও জানিবলৈ দিয়ে । তেওঁ কয়, তেওঁৰ এই সিদ্ধান্ত লৈ নিশ্চিত যে বিজেপিয়ে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিব, কিন্তু তেওঁ নিজৰ সিদ্ধান্ত সলনি নকৰাটো খাটাং । আছাঞ্চলৰ সাংসদ পদ ত্যাগ কৰাৰ কথাও তেওঁ উল্লেখ কৰে । সুপ্ৰিয়ই কয় যে, তৃণমূল কংগ্ৰেছত যোগদান কৰি তেওঁ গৌৰৱান্বিত ।

তেওঁ লগতে কয় যে, ভৱানীপুৰৰ পৰা জয়লাভ কৰিবলৈ মমতা বেনাৰ্জীক বাবুল সুপ্ৰিয়ৰ প্ৰয়োজন নাই । অনাগত দিনবোৰত তেওঁক দলে কেনে ধৰণৰ দায়িত্ব দিয়ে সেয়া তৃণমূল কংগ্ৰেছৰ ওপৰত নিৰ্ভৰ কৰে বুলিও তেওঁ মন্তব্য কৰে । বিগত সাত বছৰ ধৰি কেন্দ্ৰীয় মন্ত্ৰী হিচাপে দায়িত্ব পালন কৰা বাবুল সুপ্ৰিয়ই যোৱা ৩১ জুলাইত ছ'চিয়েল মিডিয়াযোগে শ্বেয়াৰ কৰা এটা পোষ্টত লিখিছিল- "মই এটা প্ৰশ্নৰ উত্তৰ দিব লাগিব । মই কিয় ৰাজনীতি ত্যাগ কৰাৰ সিদ্ধান্ত লৈছিলো সেই বিষয়ে নিশ্চিতভাৱে প্ৰশ্ন উত্থাপিত হ'ব । সেই প্ৰশ্নটো হৈছে, মোক মন্ত্ৰালয়ৰ পৰা বাদ দিয়াৰ সৈতে ৰাজনীতি ত্যাগৰ সম্পৰ্ক আছে নেকি ? হয়, এটা সম্পৰ্ক আছে । নিৰ্বাচনৰ আগতে ৰাজ্যিক নেতৃত্বৰ সৈতে মোৰ মতভেদ হৈছিল" ।

পশ্চিমবংগৰ ৰাজনীতিৰ 'ঝালমুৰী মানৱ' খ্যাত বাবুল সুপ্ৰিয় বিভিন্ন বিষয়ক লৈ বাৰে বাৰে চৰ্চালৈ আহিছিল । ২০১৫ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ কলকতা ভ্ৰমণৰ সময়ত ভিক্টোৰিয়া মেম'ৰিয়েলৰ সন্মুখত মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক লগ পোৱাৰ সময়ত বেনাৰ্জীৰ সৈতে তেওঁ বঙালীসকলৰ প্ৰিয় মুখৰোচক 'ঝলমুৰী' খাইছিল । ইয়াকে লৈ তেওঁ পুনৰ চৰ্চালৈ আহে ।

২০১৯ চনৰ ছেপ্টেম্বৰ মাহত যাদৱপুৰ বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীৰ এটা দলে তেওঁক বিভিন্ন প্ৰশ্ন কৰি এক প্ৰকাৰ আৱদ্ধ কৰি ৰাখিছিল আৰু শেষত তেওঁ ৰাজ্যপালৰ বাহনত বহি বিশ্ববিদ্যালয় চৌহদৰ পৰা ওলাই যাবলগীয়া হৈছিল । বাবুল সুপ্ৰিয়ই ৰাজনীতিৰ বিদায় লোৱাৰ সিদ্ধান্ত লৈছিল যদিও এতিয়া তেওঁ এক নতুন ৰূপত পুনৰ উভতি আহিছে । উত্তৰ প্ৰদেশ নিৰ্বাচন আৰু ২০২৪ চনৰ সাধাৰণ নিৰ্বাচনৰ পূৰ্বে তেওঁ ৰাজ্যসভাত মমতা বেনাৰ্জীৰ হৈ থিয় দিব নে ত্ৰিপুৰাৰ বিধানসভা নিৰ্বাচনত তৃণমূল কংগ্ৰেছে তেওঁক বিপ্লব দেৱৰ বিৰুদ্ধে প্ৰতিদ্বন্দিতা কৰিবলৈ দিব সেয়া এতিয়া লক্ষণীয় হ'ব

লগতে পঢ়ক:বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.