ETV Bharat / bharat

বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থীৰ তালিকা

author img

By

Published : Sep 18, 2021, 2:18 PM IST

BJP announces candidates for rajya sabha elections
বিজেপিয়ে ঘোষণা কৰিলে ৰাজ্যসভা নিৰ্বাচনৰ প্ৰাৰ্থী

ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰিলে ভাৰতীয় জনতা পাৰ্টীয়ে । সাতখন আসনৰ ভিতৰত ৬ খন আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । পণ্ডিচেৰীত এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

নেশ্যনেল ডেস্ক, ১৮ ছেপ্টেম্বৰ : আগন্তুক ৰাজ্যসভা উপ নিৰ্বাচনৰ বাবে সাজু হৈছে ৰাজনৈতিক দলসমূহ । ইতিমধ্যে ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী তালিকা প্ৰকাশ কৰিছে বিজেপিয়ে । বিজেপিয়ে কেন্দ্ৰীয় মন্ত্ৰী তথা অসমৰ প্ৰাক্তন মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালক অসমৰ পৰা ৰাজ্যসভাৰ উপ-নিৰ্বাচনৰ প্ৰাৰ্থী হিচাপে প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী এল মুৰুগণক মধ্য প্ৰদেশৰ প্ৰাৰ্থিত্ব প্ৰদান কৰা হৈছে । উল্লেখ্য যে, সৰ্বানন্দ সোণোৱাল অসমৰ মুখ্যমন্ত্ৰী আছিল । বিধানসভা নিৰ্বাচনৰ পিছত গেৰুৱা দলটোৱে ড০ হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰীৰ আসনত অধিষ্ঠিত কৰায় । ইয়াৰ পাছতে সোণোৱালে মোডী মন্ত্ৰীসভাত মন্ত্ৰিত্ব লাভ কৰে ।

  • BJP names Union Minister Sarbananada Sonowal and Minister of State (MoS) L Murugan as its candidate for upcoming by-polls to Rajya Sabha from Assam and Madhya Pradesh respectively. pic.twitter.com/xTJ51lU57z

    — ANI (@ANI) September 18, 2021 " class="align-text-top noRightClick twitterSection" data=" ">

জানিব পৰা মতে, আগন্তুক নিৰ্বাচনত ৰাজ্যসভাৰ সাতখন আসনৰ ভিতৰত বিজেপিয়ে দুখন আসন লাভ কৰিব । এই সাতখন আসনৰ ভিতৰত ছয়খনত উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । ইফালে, পণ্ডিচেৰীৰ এখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

তামিলনাডুৰ দুখন আৰু পশ্চিমবংগ, অসম, মহাৰাষ্ট্ৰ, মধ্য প্ৰদেশৰ এখনকৈ আসনৰ বাবে উপ-নিৰ্বাচন অনুষ্ঠিত হ'ব । এই ৰাজ্যকেইখনত সাংসদে পদত্যাগ কৰাৰ বাবে পাঁচখন আসন খালী হৈ আছে আৰু কংগ্ৰেছৰ সাংসদ ৰাজীৱ সাতৱৰ পৰলোকপ্ৰাপ্তি হোৱাৰ ফলত এখন আসন খালী হৈ আছে । ৪ অক্টোবৰত এই আটাইকেইখন আসনৰ বাবে নিৰ্বাচন অনুষ্ঠিত হ'ব ।

যদি আসনৰ সংখ্যা অনুপাতে প্ৰাৰ্থী থাকে, তেন্তে ২৭ ছেপ্টেম্বৰত মনোনয়ন প্ৰত্যাহাৰ কৰাৰ দিন উকলি যোৱাৰ পিছত নিৰ্বাচিত সদস্যসকলৰ নাম ঘোষণা কৰা হ'ব । থাৱৰচান্দ গেহলটক ৰাজ্যপাল হিচাপে নিযুক্তি দিয়াৰ ফলত মধ্য প্ৰদেশৰ আসনখন খালী হৈ আছে । ৰাজ্যখনত বৰ্তমান বিজেপি চৰকাৰ শাসন চলি আছে । সেয়ে, এইখনৰ আসনৰ প্ৰাৰ্থীগৰাকী নিৰ্বাচিত হোৱাতো নিশ্চিত হৈ পৰিছে ।

ইফালে, অসমত বিশ্বজিৎ দৈমাৰীয়ে বিজেপিত যোগদান কৰাৰ পিছত সাংসদ পদ ত্যাগ কৰিছিল । এতিয়া অসমৰ আসনৰ বাবে বিজেপিয়ে সৰ্বানন্দ সোণোৱালক প্ৰাৰ্থিত্ব প্ৰদান কৰিছে ।

লগতে পঢ়ক:হাথৰস ধৰ্ষণ কাণ্ড : মৃতকৰ পৰিয়ালক চাকৰি প্ৰদানৰ বিষয়ে বিবেচনা কৰিব আদালতে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.